চিবিএছইৰ পৰীক্ষা সূচীক লৈ অসন্তুষ্ট শিক্ষাৰ্থীঃ কিয় প্ৰকাশ কৰিছে এই অসন্তুষ্টি….
যোৱা নিশা ২০২৫ চনৰ শিক্ষাবৰ্ষৰ বাবে দশম আৰু দ্বাদশ শ্ৰেণীৰ ব'ৰ্ড পৰীক্ষাৰ সময়সূচী ঘোষণা কৰে চিবিএছই- এ। অহা বৰ্ষৰ ১৫ ফেব্ৰুৱাৰীৰ পৰা দশম আৰু দ্বাদশ শ্ৰেণীৰ ব'ৰ্ড পৰীক্ষা আৰম্ভ হ'ব। পিছে ঘোষিত সূচীত পৰীক্ষাৰ মাজত দিয়া সময়ৰ ব্যৱধানক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে একাংশ শিক্ষাৰ্থীয়ে।
কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ, চমুকৈ চিবিএছই- এ যোৱা নিশা ২০২৫ চনৰ শিক্ষাবৰ্ষৰ বাবে দশম আৰু দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাৰ সময়সূচী ঘোষণা কৰিছিল। ঘোষিত সূচী অনুসৰি, অহা বৰ্ষৰ ১৫ ফেব্ৰুৱাৰীৰ পৰা দশম আৰু দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষা আৰম্ভ হ’ব। পৰীক্ষাৰ সম্পূৰ্ণ সূচী ইতিমধ্যে চিবিএছইৰ অফিচিয়েল ৱেবছাইটত আপলোড কৰা হৈছে। গতিকে শিক্ষা পৰিষদৰ অফিচিয়েল ৱেবছাইটত এই সূচী চাব পাৰিব। সূচী অনুসৰি প্ৰতিটো বিষয়ৰ পৰীক্ষা পুৱা ১০.৩০ বজাৰ পৰা আৰম্ভ হ’ব।
ইফালে পৰীক্ষাৰ সূচী প্ৰকাশ কৰাৰ পিছতে আগন্তুক এই পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া একাংশ শিক্ষাৰ্থীয়ে সময় সূচীক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে। সামাজিক মাধ্যম প্লেটফৰ্ম এক্স যোগে একাংশ শিক্ষাৰ্থীয়ে পৰীক্ষাৰ ঘোষিত সূচীত বিষয়ৰ মাজত দিয়া সময়ৰ ব্যৱধানৰ বাবে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। ইয়াৰে অধিকাংশ শিক্ষাৰ্থীয়ে ৰসায়ন বিজ্ঞান আৰু পদাৰ্থ বিজ্ঞানৰ পৰীক্ষাৰ মাজত দিয়া ব্যৱধানক লৈ সন্তুষ্ট নহয় বুলি উল্লেখ কৰিছে।
এই শিক্ষাৰ্থীসকলে ৰসায়ন বিজ্ঞান আৰু পদাৰ্থ বিজ্ঞানৰ পৰীক্ষাৰ মাজত দিয়া ব্যৱধান যথেষ্ট কম হোৱা বুলি অভিযোগ কৰি এই বিষয়বোৰৰ বাবে প্ৰস্তুতিৰ বাবে অতিৰিক্ত সময়ৰ প্ৰয়োজন আছিল বুলি মতামত দাঙি ধৰিছে। এগৰাকী শিক্ষাৰ্থীয়ে এক্সত এক পোষ্ট যোগে কয় যে ৰসায়ন বিজ্ঞানৰ বাবে ৫ দিনৰ ব্যৱধান আৰু জীৱবিজ্ঞানৰ বাবে ১৫ দিনৰ ব্যৱধান দিয়া হৈছে।
এনে ব্যৱধানত অসন্তুষ্ট শিক্ষাৰ্থীজনে চিবিএছইক এনে কাৰণৰ বাবে ঘৃণা কৰে বুলি উল্লেখ কৰি ৰসায়ন বিজ্ঞানৰ বাবে ১০ দিনৰ ব্যৱধানৰ আশা প্ৰকাশ কৰিছে। আন এ্গৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষাৰ সূচীক লৈ অসন্তুষ্টি প্ৰকাশ কৰি লিখিছে যে গৃহ বিজ্ঞানৰ পৰীক্ষা ৩ এপ্ৰিলত আৰু মনোবিজ্ঞানৰ পৰীক্ষা আক্ষৰিক ভাৱে পৰৱৰ্তী দিনতে অনুষ্ঠিত হ’ব। পৰীক্ষাৰ বাবে এটা দিনৰো ব্যৱধান নাই বুলি ক্ষোভ প্ৰকাশ কৰি শিক্ষাৰ্থীগৰাকীয়ে লগতে চিবিএছইক উন্মাদ আখ্যা দিয়ে।
ইফালে, চিবিএছইয়ে এক বিবৃতি প্ৰকাশ কৰি সাধাৰণতে দশম আৰু দ্বাদশ- দুয়োটা শ্ৰেণীৰ পৰীক্ষাত দুটা বিষয়ৰ মাজত পৰ্যাপ্ত ব্যৱধান দিয়া হৈছে বুলি উল্লেখ কৰিছে। প্ৰথমবাৰৰ বাবে পৰীক্ষা আৰম্ভ হোৱাৰ প্ৰায় ৮৬ দিন পূৰ্বেই সূচী প্ৰকাশ কৰা হৈছে বুলিও পৰীক্ষা পৰিষদে বিবৃতিটোত লগতে কয়। বিদ্যালয়সমূহৰ দ্বাৰা সময়মতে এলঅ’চি দাখিল কৰাৰ বাবে এয়া সম্ভৱ হৈছে বুলি পৰীক্ষা পৰিষদে লগতে উল্লেখ কৰে।
শিক্ষাৰ্থীসকলে যাতে আগতীয়াকৈ প্ৰস্তুতি আৰম্ভ কৰিব পাৰে আৰু ইয়াৰ দ্বাৰা তেওঁলোকে পৰীক্ষাৰ চাপ দূৰ কৰি উন্নত প্ৰদৰ্শন কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আগতীয়াকৈ সূচী প্ৰকাশ কৰা হৈছে বুলি চিবিএছইয়ে কয়। উল্লেখ্য যে ব’ৰ্ড পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ শিক্ষাৰ্থীসকলৰ বাবে বিদ্যালয়ত ৭৫ শতাংশ উপস্থিতি থকাটো বাধ্যতামূলক কৰা হৈছে। অৰ্থাৎ ইয়াতকৈ কম দিন বিদ্যালয়ত উপস্থিত নথকা শিক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিব।