5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

চাকৰি এৰি দৰিদ্ৰ শিশুৰ মাজত শিক্ষাৰ পোহৰ বিলোৱা ছোনিয়া-সচানলৈ ৰাষ্ট্ৰপতিৰ সন্মান…

শিক্ষক দিৱস উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা শিক্ষাৰ ক্ষেত্ৰত উল্লেখযোগ্য কাম কৰা ৫০ গৰাকী শিক্ষকক ৰাষ্ট্ৰপতিয়ে সম্বৰ্ধনা জনায়। ৰাষ্ট্ৰপতিৰ দ্বাৰা সন্মানিত হোৱা এই শিক্ষকসকলৰ মাজত আছে নিজৰ চাকৰি এৰি দৰিদ্ৰ ল’ৰা-ছোৱালীৰ মাজত শিক্ষাৰ মনোভাৱ জাগ্ৰত কৰা একাংশ লোকে। তাৰে এগৰাকী হৈছে লক্ষ্ণৌৰ ছোনিয়া সিং।

চাকৰি এৰি দৰিদ্ৰ শিশুৰ মাজত শিক্ষাৰ পোহৰ বিলোৱা ছোনিয়া-সচানলৈ ৰাষ্ট্ৰপতিৰ সন্মান…
প্ৰতিনিধিত্বমূলক ছবি
Follow Us
monjit-dutta
Monjit Dutta | Published: 05 Sep 2024 17:31 PM

আজি ৫ ছেপ্টেম্বৰ। সমগ্ৰ দেশেই আজি উদযাপন কৰিছে শিক্ষক দিৱস। দেশৰ প্ৰথমগৰাকী উপ-ৰাষ্ট্ৰপতি তথা দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন উপলক্ষে ৫ ছেপ্টেম্বৰ দিনটোত ১৯৬২ চনৰ পৰাই শিক্ষক দিৱস পালন কৰি অহা হৈছে। শিক্ষক দিৱসৰ পবিত্ৰ দিনটোত শিক্ষাৰ দিশত ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ অসাধাৰণ অৱদানক সশ্ৰদ্ধ স্মৰণ কৰাৰ লগতে প্ৰতিগৰাকী শিক্ষকৰ অৱদানক শ্ৰদ্ধা-সন্মান জনাইছে শিক্ষাৰ্থীসকলে। শিক্ষক দিৱস উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা শিক্ষাৰ ক্ষেত্ৰত উল্লেখযোগ্য কাম কৰা ৫০ গৰাকী শিক্ষকক ৰাষ্ট্ৰপতিয়ে সম্বৰ্ধনা জনায়।

ৰাষ্ট্ৰপতিৰ দ্বাৰা সন্মানিত হোৱা এই শিক্ষকসকলৰ মাজত আছে নিজৰ চাকৰি এৰি দৰিদ্ৰ ল’ৰা-ছোৱালীৰ মাজত শিক্ষাৰ মনোভাৱ জাগ্ৰত কৰা একাংশ লোকে। তাৰে এগৰাকী হৈছে লক্ষ্ণৌৰ ছোনিয়া সিং। এই মহিলাগৰাকীয়ে নিজৰ চাকৰি এৰি দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শিক্ষাৰ প্ৰসাৰ কৰি আহিছে। এনে অমূল্য সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ দ্বাৰা সন্মানিত হৈছে ছোনিয়া সিং।

শিক্ষক দিৱসৰ দিনটোত ৰাষ্ট্ৰপতিৰ দ্বাৰা সন্মানিত হোৱা ছোনিয়া সিং হৈছে লক্ষ্ণৌৰ ইন্দিৰা নগৰৰ বাসিন্দা। এক বিখ্যাত ব্যক্তিগত কোম্পানীৰ কাৰ্যবাহী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ছোনিয়া সিঙে। কিন্তু এই চাকৰি এৰি তেওঁ দৰিদ্ৰ কন্যাসকলক পঢ়াবলৈ আৰম্ভ কৰে। ২০১৪ চনত জিলাখনৰ ডুবাগ্গা অঞ্চলৰ লাৰ্নিং স্কুলৰ জৰিয়তে দৰিদ্ৰ কন্যাৰ পাঠদান আৰম্ভ কৰে ছোনিয়াই আৰু এই কাৰ্য এইপৰ্যন্ত অব্যাহত ৰাখিছে।

অৱশ্যে তাৰ পূৰ্বৰে পৰাই, ২০০০ চনৰ পৰাই দৰিদ্ৰ কন্যাসকলক পঢ়াবলৈ আৰম্ভ কৰিছিল ছোনিয়া সিঙে। ৰেল ষ্টেচন, মন্দিৰ, আন লোকৰ ঘৰত কাম কৰা মহিলাসকলৰ কন্যা সন্তানসকলক ছোনিয়াই পঢ়ুৱাবলৈ আৰম্ভ কৰিলে। ইয়াৰ পিছত যোৱা ২০১৪ চনত কন্যাৰ শিক্ষাৰ বাবে তেওঁ এখন বিদ্যালয় মুকলি কৰে। এই বিদ্যালয়খনত দৰিদ্ৰ শ্ৰেণীৰ কন্যা সন্তানসকলক বিনামূলীয়াকৈ পঢ়ুওৱা হয়।

ইফালে উত্তৰ প্ৰদেশৰে কানপুৰৰ বাসিন্দা সচানে স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত এক কোম্পানীত চাকৰি কৰিবলৈ লয়। কিছুদিন চাকৰি কৰাৰ পিছত তেওঁ চাকৰি এৰি এজোপা গছৰ তলত দৰিদ্ৰ শিশুসকলক পঢ়াবলৈ আৰম্ভ কৰিছিল। আৰম্ভণিতে অতি কম সংখ্যক শিশু তেওঁৰ গছতলৰ এই শিক্ষাকেন্দ্ৰটোলৈ আহিছিল যদিও লাহে লাহে এই সংখ্যা বৃদ্ধি পাবলৈ ধৰিলে। এনে পৰিস্থিতিত তেওঁ এটা ভাড়াঘৰত বিদ্যালয় আৰম্ভ কৰিবলগীয়া হয়। অৱশ্যে এতিয়া তেওঁ নিজৰ বাসগৃ্হতে শিক্ষাদান প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।

সচানে বস্তিত বসবাস কৰা শিশুক বিনামূলীয়াকৈ স্কুলৰ ইউনিফৰ্ম আৰু কিতাপৰ যোগান ধৰে। পঢ়া-শুনাৰ উপৰিও এই শিশুসকলক আন বহু দিশৰ জ্ঞান প্ৰদান কৰিবলৈ তথা আন কিছুমান কাম কৰিবলৈও আগৰণুৱা কৰি তুলিছে সচানে। এনে অমূল্য সেৱা আগবঢ়াই অহা ছোনিয়া সিং আৰু সচানে আজি ৰাষ্ট্ৰপতিৰ দ্বাৰা সন্মানিত হৈ অনন্য স্বীকৃতি লাভ কৰিছে।

Latest News