5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

প্ৰথমবাৰৰ বাবে কেতিয়া উদযাপন কৰা হৈছিল শিক্ষক দিৱস! জানিবলৈ পঢ়ক এই লেখা…

ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনটোক দেশত উদযাপন কৰি অহা হৈছে শিক্ষক দিৱস ৰূপে। এক পৰম্পৰা হিচাপেই উদযাপন কৰি এই দিৱসটি পিছে কেতিয়া পোন প্ৰথমবাৰৰ বাবে দেশত উদযাপন কৰা হৈছিল, সেয়া হয়তো বহু লোকৰে জ্ঞাত নহয়। জ্ঞান আহৰণেৰে জীৱনৰ গতিপথ নিৰ্ণয়ত আমাৰ প্ৰতিটো ক্ষণতে পথপ্ৰদৰ্শক হিচাপে থকা শিক্ষকসকলৰ প্ৰতি সন্মানেৰে এই দিৱসটি উদযাপন কৰাৰ সময়ত এই বিষয়ে জনাটোও আমাৰ সকলোৰে বাবে প্ৰয়োজনীয়।

প্ৰথমবাৰৰ বাবে কেতিয়া উদযাপন কৰা হৈছিল শিক্ষক দিৱস! জানিবলৈ পঢ়ক এই লেখা…
ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ
Follow Us
monjit-dutta
Monjit Dutta | Updated On: 05 Sep 2024 13:51 PM

আজি সমগ্ৰ দেশতে পালন কৰা হৈছে শিক্ষক দিৱস। পৰমপূজ্য শিক্ষকসকলৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা প্ৰদৰ্শনেৰে প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে বিশেষ ৰূপত উদযাপন কৰিছে আজিৰ দিনটো। শিক্ষকসকলৰ প্ৰতি শ্ৰদ্ধা-সন্মান প্ৰদৰ্শনৰ লগতে এই দিনটোত দেশৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণণক শ্ৰদ্ধাৰে সুঁৱৰিছে দেশে। এগৰাকী পণ্ডিত-শিক্ষাবিদ হিচাপে ৰাধাকৃষ্ণণৰ অসাধাৰণ তথা অনন্য অৱদানক স্বীকৃতি দি তেওঁৰ জন্মদিনটোক দেশত উদযাপন কৰি অহা হৈছে শিক্ষক দিৱস ৰূপে। এক পৰম্পৰা হিচাপেই উদযাপন কৰি এই দিৱসটি পিছে কেতিয়া পোন প্ৰথমবাৰৰ বাবে দেশত উদযাপন কৰা হৈছিল, সেই বিষয়ে জানেনে?

দেশত শিক্ষক দিৱস পোন প্ৰথমবাৰৰ বাবে উদযাপন কৰা হৈছিল, সেয়া হয়তো বহু লোকৰে জ্ঞাত নহয়। আজি শিক্ষক দিৱসৰ দিনটোত এই গুৰুত্বপূৰ্ণ কথাটি জানিবলৈ তেনে লোকসকল নিশ্চিতভাৱে অনুসন্ধিৎসু হ’ব। তদুপৰি জ্ঞান আহৰণেৰে জীৱনৰ গতিপথ নিৰ্ণয়ত আমাৰ প্ৰতিটো ক্ষণতে পথপ্ৰদৰ্শক হিচাপে থকা শিক্ষকসকলৰ প্ৰতি সন্মানেৰে এই দিৱসটি উদযাপন কৰাৰ সময়ত এই বিষয়ে জনাটোও আমাৰ সকলোৰে বাবে প্ৰয়োজনীয়।

যিগৰাকী শিক্ষাবিদৰ স্মৰণত এই শিক্ষক দিৱসটি উদযাপন কৰা হয়, সেইগৰাকী পণ্ডিত শিক্ষাবিদ ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম হৈছিল ১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰত। দেশৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি তথা দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ড° ৰাধাকৃষ্ণণ এগৰাকী শিক্ষাবিদ হিচাপে সদায়েই নমস্য হৈ আহিছিল। এবাৰ ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ছাত্ৰ-ছাত্ৰীসকলে তেওঁৰ সমুখত দাঙি ধৰিছিল এক বিশেষ প্ৰস্তাৱ।

ছাত্ৰ-ছাত্ৰীসকলে শ্ৰদ্ধাৰে ৰাধাকৃষ্ণণক তেওঁৰ জন্মদিনটো উদযাপন কৰিবলৈ দিব নেকি সেই বিষয়ে সুধিছিল। যদিও তেওঁ নিজৰ বাবে কোনো বিশেষ স্বীকৃতি বিচাৰিবলৈ অস্বীকাৰ কৰিছিল, তথাপিও ড° ৰাধাকৃষ্ণণে সমাজলৈ শিক্ষকৰ মূল্যৱান অৱদানক স্বীকৃতি দিবলৈ এই দিৱসটো ছাত্ৰ-ছাত্ৰীসকলক শিক্ষক দিৱস হিচাপে উদযাপন কৰিবলৈ প্ৰস্তাৱ আগবঢ়াইছিল।

ৰাধাকৃষ্ণণৰ এই পৰামৰ্শ মতেই তেওঁৰ জন্মদিন ৫ ছেপ্টেম্বৰ দিনটোক ১৯৬২ চনৰ পৰা শিক্ষক দিৱস হিচাপে পালন কৰিবলৈ আৰম্ভ কৰে। শিক্ষাৰ ক্ষেত্ৰত তেওঁৰ লগতে সকলো শিক্ষকৰ অসাধাৰণ অৱদানক সন্মান জনাই ৫ ছেপ্টেম্বৰত এই দিৱসটি তেতিয়াৰ পৰা আজিলৈকে দেশত প্ৰতি বছৰে পালন কৰি অহা হৈছে। প্ৰতি বছৰে শিক্ষকসকলক শিক্ষাৰ ক্ষেত্ৰত কৰা উৎকৃষ্ট কামৰ বাবে বঁটা প্ৰদান কৰি দেশৰ ৰাষ্ট্ৰপতিয়ে সন্মানিত কৰে।

এইবাৰ দেশৰ বিভিন্ন প্ৰান্তৰ মুঠ ৫০ গৰাকী শিক্ষকক তেওঁলোকৰ উল্লেখযোগ্য কামৰ বাবে ৰাষ্ট্ৰপতিয়ে সম্বৰ্ধনা জনাব। কেৱল শিক্ষাৰ মানদণ্ড বৃদ্ধি কৰাই নহয়, ছাত্ৰ-ছাত্ৰীৰ জীৱনতো যথেষ্ট প্ৰভাৱ পেলোৱা অসাধাৰণ শিক্ষকসকলৰ উল্লেখযোগ্য প্ৰচেষ্টাক এই বঁটাৰ দ্বাৰা স্বীকৃতি দিয়া হৈছে। অৱশ্যে কেৱল ৰাষ্ট্ৰীয় পৰ্যায়তে নহয়, ৰাজ্যিক আৰু জিলা পৰ্যায়তো এইদৰে শিক্ষক দিৱস দিনটোত কৃতি শিক্ষসকলক স্বীকৃতি প্ৰদান কৰা হয়।

লক্ষণীয়ভাৱে কেৱল যে আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰত শিক্ষা প্ৰদান কৰা শিক্ষকসকলকহে এই দিনটোত শিক্ষাৰ্থীসকলে সন্মান তথা শ্ৰদ্ধা জনায় তেনে নহয়, ক্ৰীড়াৰ লগতে আন ব্যক্তিৰ জীৱনৰ আন আনুসঙ্গিক দিশসমূহত শিক্ষা প্ৰদান কৰা প্ৰতিগৰাকী শিক্ষাগুৰুক এই দিনটোত সশ্ৰদ্ধ সেৱা জনায় শিক্ষাৰ্থীসকলে।

Latest News