Teacher's Day 2024: ছাত্ৰ- ছাত্ৰীৰ বাবে 'শিক্ষক দিৱস'ৰ চমু ভাষণ, জানক মহত্ব | Teachers Day: History, Importance, Speech details in Assamese Assam news - Assam Tv9

Teacher’s Day 2024: ছাত্ৰ- ছাত্ৰীৰ বাবে ‘শিক্ষক দিৱস’ৰ চমু ভাষণ, জানক মহত্ব

Updated On: 

04 Sep 2024 20:32 PM

ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম হৈছিল ১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰত। ৰাধাকৃষ্ণণ এগৰাকী প্ৰখ্যাত দাৰ্শনিক, লেখক, শিক্ষক, ৰাজনেতা আছিল। ভাৰতৰ বৌদ্ধিক আৰু শৈক্ষিক জগতত তেওঁৰ ভূমিকা অতুলনীয়। ৰাধাকৃষ্ণণক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান 'ভাৰত ৰত্ন'ৰে বিভূষিত কৰা হৈছিল।

Teachers Day 2024: ছাত্ৰ- ছাত্ৰীৰ বাবে শিক্ষক দিৱসৰ চমু ভাষণ, জানক মহত্ব

শিক্ষক দিৱস

Follow Us On

গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু দেৱো মহেশ্বৰ।

গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম, তস্মৈশ্রী গুৰুৱে নমঃ।।

প্ৰতিবছৰে ৫ ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়।  দেশৰ প্ৰাক্তন তথা প্ৰথম উপ- ৰাষ্ট্ৰপতি, দ্বিতীয় ৰাষ্ট্ৰপতি, দাৰ্শনিক আৰু শিক্ষাবিদ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম দিনটোত এই শিক্ষক দিৱস পালন কৰা হয়।  দেশৰ প্ৰতিটো শিক্ষানুষ্ঠানতে এই মহান ব্যক্তিগৰাকীক সুঁৱৰি আৰু শিক্ষকসকলৰ প্ৰতি সন্মান জনাই এই দিৱস পালন কৰা হয়। প্ৰতিখন শিক্ষানুষ্ঠানতে  এই দিনটোত বিভিন্ন কাৰ্যক্ৰম অনুষ্ঠিত কৰে।

শিক্ষকসকল সমাজৰ স্তম্ভ, যিয়ে জ্ঞানৰ পোহৰ বিলাই ছাত্ৰ-ছাত্ৰীসকলক এগৰাকী জ্ঞানী আৰু দায়িত্বশীল নাগৰিক হিচাপে গঢ় দিয়াত সহায় কৰে। এজন ব্যক্তিৰ জীৱনৰ সফলতাৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে এগৰাকী শিক্ষকৰ ভূমিকা থাকে। ব্যক্তিৰ জীৱনত শিক্ষকে যি অৱদান আগবঢ়াই সেয়া চিৰঋণী হৈ পৰে।

ইতিহাস

ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম হৈছিল ১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰত। ৰাধাকৃষ্ণণ এগৰাকী প্ৰখ্যাত দাৰ্শনিক, লেখক, শিক্ষক, ৰাজনেতা আছিল। ভাৰতৰ বৌদ্ধিক আৰু শৈক্ষিক জগতত তেওঁৰ ভূমিকা অতুলনীয়। ৰাধাকৃষ্ণণক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ৰে বিভূষিত কৰা হৈছিল।

১৯৬২ চনত যেতিয়া সৰ্বপল্লী ৰাধাকৃষ্ণণ ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি হৈছিল তেতিয়া একাংশ প্ৰাক্তন ছাত্ৰই তেওঁৰ জন্মদিন পালন কৰিবলৈ বিচাৰিছিল। তেতিয়া তেওঁ কৈছিল- মোৰ জন্মদিন পালন কৰাতকৈ ৫ ছেপ্টেম্বৰৰ দিনটো যদি শিক্ষক দিৱস হিচাপে পালন কৰা তেন্তে এয়া মোৰ বাবে বৰ সৌভাগ্য হ’ব। তেতিয়াৰ পৰাই প্ৰতি বছৰে ৫ ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে।

মহত্ব

ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণে নিজৰ জীৱনৰ ৪০ বছৰ শিক্ষকতা কৰিছিল। তেওঁ সদায় শিক্ষকৰ সন্মানৰ হৈ মাত মাতিছিল। তেওঁৰ মতে, সমাজখনত সঠিক দিশ দিয়াৰ ক্ষেত্ৰত এজন শিক্ষকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এজন প্ৰকৃত শিক্ষকে নিজৰ ছাত্ৰক প্ৰতিকূল পৰিস্থিতি সন্মুখীন হ’বলৈ শিকাই আৰু জীৱন যুদ্ধত আগবাঢ়ি যোৱাৰ সহায় কৰে। আমাৰ জীৱনৰ প্ৰতিগৰাকী শিক্ষাগুৰুৱে আগবঢ়োৱা অৱদানৰ কৃতজ্ঞতা জ্ঞাপনৰ অৰ্থে এই দিৱস পালন কৰা হয়।

ভাষণ

নমস্কাৰ! আজিৰ সভাত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, দাদা-বাইদেউ, ভাই-ভনী সতীৰ্থসকল। আমি জানো যে প্ৰতি বছৰে দেশত ৫ ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। এই দিনটোত দেশৰ প্ৰথম উপ- ৰাষ্ট্ৰপতি, দ্বিতীয় ৰাষ্ট্ৰপতি তথা শিক্ষাবিদ,দাৰ্শনিক সৰ্বপল্লী ৰাধাকৃষ্ণণক সুঁৱৰি আৰু আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক কৃতজ্ঞতা জনাবৰ বাবে পালন কৰা হয়।

৪০ বছৰ ধৰি শিক্ষকতা কৰা সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম হৈছিল ১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰত। শিক্ষা সমাজৰ প্ৰতি তেখেতে যি অৱদান আগবঢ়াইছিল সেয়া অতুলনীয়। এবাৰ একাংশ প্ৰাক্তন ছাত্ৰই তেওঁৰ জন্মদিন পালন কৰিবলৈ বিচাৰিছিল। তেতিয়া তেওঁ কৈছিল- মোৰ জন্মদিন পালন কৰাতকৈ ৫ ছেপ্টেম্বৰৰ দিনটো যদি শিক্ষক দিৱস হিচাপে পালন কৰা তেন্তে এয়া মোৰ বাবে বৰ সৌভাগ্য হ’ব। তেতিয়াৰ পৰাই প্ৰতি বছৰে ৫ ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে।

শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল মোৰ জীৱনত এগৰাকী শিক্ষকৰ স্থান অধিক। মই আপোনালোকৰ ওচৰত চিৰ ঋণী। মোৰ সুখৰ সময়ৰ পৰা আৰম্ভ কৰি জীৱন যুদ্ধৰ সময়তো আপোনালোকে মোক সাহস দিছে। হাতত ধৰি অ, আ, ক, খ শিকোৱাৰ দৰে জীৱনৰো আদি পাঠ শিকাইছে।

আপোনালোকৰ কঠোৰ পৰিশ্ৰয় আৰু নিষ্ঠাৰ বাবেই মই আজি এনেকৈ আপোনালোকৰ ওচৰত থিয় হৈ ভাষণ দিব পাৰিছো। মই প্ৰতিশ্ৰুতি দিও যে, জীৱন যুদ্ধত যিয়ে প্ৰত্যাহ্বান নাহক কিয়, মই দৃঢ়তাৰে থিয় দিম। মোৰ ওপৰত ইমান বিশ্বাস, মোক মৰম দিয়া বাবে বহুত ধন্যবাদ। মই সদায় আপোনালোকৰ ওচৰত চিৰ কৃতজ্ঞ হৈ ৰ’ম। মোক আজি এই কথাখিনি কোৱাৰ সুযোগ দিয়া বাবে সকলোকে ধন্যবাদ।  ইয়াতে মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো।

আৰম্ভ ১ নং  ভাষণটোৰ দৰে কৰিব। সৰ্বপল্লী ৰাধাকৃষ্ণণৰ বিষয়ে কোৱাৰ পাছত ক’ব- এই দিনটোৱে আমাক আকৌ এবাৰ মনত পেলাই দিয়ে শিক্ষকৰ মহত্ব। কেৱল কিতাপৰ জ্ঞানে নহয়, এগৰাকী শিক্ষকে আমাৰ জীৱনৰ সকলো ক্ষেত্ৰতে আগুৱাই যোৱাত সহায় কৰে। এগৰাকী শিক্ষকে এগৰাকী শিক্ষাৰ্থীক দায়িত্বশীল নাগৰিক হিচাপে তৈয়াৰ কৰিবলৈ সকলো ধৰণৰ চেষ্টায়ে কৰে। এগৰাকী সাধাৰণ নাগৰিকৰ পৰা এগৰাকী প্ৰধানমন্ত্ৰীলৈ, সকলোৱে এগৰাকী শিক্ষকৰ অৱদানৰ বাবে এই পৰ্যায় পাবলৈ সক্ষম হয়। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, প্ৰতিটো ক্ষণত মোক সহায়, বিশ্বাস কৰাৰ বাবে ধন্যবাদ। মোৰ ওপৰত অগাধ বিশ্বাস ৰাখি জীৱনৰ যুঁজত আগবাঢ়ি যোৱাত সহায় কৰাৰ বাবে আপোনালোকৰ ওচৰত মই কৃতজ্ঞ। মোক আজি এই কথাখিনি কোৱাৰ সুযোগ দিয়া বাবে সকলোকে ধন্যবাদ।  ইয়াতে মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো।

 

আৰম্ভ ১ নং  ভাষণটোৰ দৰে কৰিব। সৰ্বপল্লী ৰাধাকৃষ্ণণৰ বিষয়ে কোৱাৰ পাছত ক’ব- সৰ্বপ্ললী ৰাধাকৃষ্ণণে কৈছিল, শিক্ষক এডাল মমবাতিৰ দৰে, যিয়ে নিজে গলি আনক পোহৰ দিয়ে। সঁচাই এগৰাকী শিক্ষকৰ অৱদান অতুলনীয়। এগৰাকী শিক্ষকে সমাজ নিৰ্মাণ কৰে। পিতৃ- মাতৃয়ে সন্তানক জন্ম দিয়াৰ পাছত এগৰাকী শিক্ষকে পিতৃ- মাতৃৰ সমানে সমানে ছাত্ৰ-ছাত্ৰীক জীৱন যুঁজত আগবঢ়াই নিয়াত সহায় কৰে। আপোনালোকে মোক কৰা ইমান সহায়, বিশ্বাসৰ বাবে ধন্যবাদ। মই সদায় আপোনালোকৰ ওচৰত চিৰ কৃতজ্ঞ হৈ ৰম। মোক আজি এই কথাখিনি কোৱাৰ সুযোগ দিয়া বাবে সকলোকে ধন্যবাদ।  ইয়াতে মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version