ডাউনলোড কৰিলে নে TETৰ এডমিট? এইদৰে কৰক ডাউনলোড… | TET cum Recruitment Test, 2024 admit card released see here how to download Assam news - Assam Tv9

ডাউনলোড কৰিলে নে TETৰ এডমিট? এইদৰে কৰক ডাউনলোড…

Updated On: 

15 Dec 2024 20:37 PM

মাধ্যমিক শিক্ষা সঞ্চালকালয় (DSE), অসমে আয়োজন কৰিবলগা TET cum Recruitment Testৰ বাবে আজি মুকলি কৰা হৈছে এডমিট কাৰ্ড। ইতিমধ্যে এই পৰীক্ষাৰ তাৰিখ ঘোষণা কৰা হৈছে। অহা ২৯ ডিচেম্বৰত অনুষ্ঠিত হ’ব এই পৰীক্ষা। যিসকল প্ৰাৰ্থীয়ে এতিয়াও এডমিট কাৰ্ড ডাউনলোড কৰা নাই, এইদৰে কৰক ডাউনলোড।

1 / 5অহা ২৯ ডিচেম্বৰত ৰাজ্যত অনুষ্ঠিত হ’ব TET cum Recruitment Test পৰীক্ষা। মাধ্যমিক শিক্ষা সঞ্চালকালয় (DSE), অসমে আয়োজন কৰা এই পৰীক্ষা বাবে আজি এডমিট কাৰ্ড মুকলি কৰা হৈছে। পৰীক্ষাৰ বাবে পঞ্জীয়ন কৰা প্ৰাৰ্থীসকলে আজিৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব।

অহা ২৯ ডিচেম্বৰত ৰাজ্যত অনুষ্ঠিত হ’ব TET cum Recruitment Test পৰীক্ষা। মাধ্যমিক শিক্ষা সঞ্চালকালয় (DSE), অসমে আয়োজন কৰা এই পৰীক্ষা বাবে আজি এডমিট কাৰ্ড মুকলি কৰা হৈছে। পৰীক্ষাৰ বাবে পঞ্জীয়ন কৰা প্ৰাৰ্থীসকলে আজিৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব।

2 / 5

প্ৰাৰ্থীসকলে মাধ্যমিক শিক্ষা সঞ্চালকালয় (DSE), অসমৰ অফিচিয়েল ৱেবছাইট madhyamik.assam.gov.inৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। মুঠ ৯৭১৭ টা পদৰ বাবে এই পৰীক্ষা অনুষ্ঠিত হ’ব। ইয়াৰে ১৪৮৭ টা পদ স্নাতকোত্তৰ শিক্ষক পদ আৰু ৮২৩০ টা স্নাতক শিক্ষক (কলা, বিজ্ঞান, হিন্দী আৰু সংস্কৃত) পদ।

3 / 5

কাছাৰ, ডিব্ৰুগড়, যোৰহাট, কামৰূপ, কামৰূপ মেট্ৰ’, কোকৰাঝাৰ, লখিমপুৰ, নলবাৰী আৰু শোণিতপুৰ জিলাত এই পৰীক্ষা অনুষ্ঠিত হ’ব। এই লিখিত পৰীক্ষা অ’এমআৰ ভিত্তিক হ’ব। আবেদনৰ সময়ত নিৰ্বাচন কৰা জিলা অনুসৰি পৰীক্ষা কেন্দ্ৰ লাভ কৰিব প্ৰাৰ্থীসকলে।

4 / 5

পৰীক্ষাৰ এডমিট কাৰ্ড ডাউনলোডৰ বাবে প্ৰৰ্থীসকলে প্ৰথমে DSEৰ অফিচিয়েল ৱেবছাইট madhyamik.assam.gov.inলৈ যোৱাৰ পিছত অফিচিয়েল এডমিট কাৰ্ড পৰ্টেললৈ যাব আৰু অডমিট কাৰ্ড লগইনত ক্লিক কৰক। ইয়াৰ পিছত প্ৰয়োজনীয় আবেদন নম্বৰ আৰু পাছৱৰ্ড পূৰ কৰি চাবমিট কৰক। লগে লগে আপোনাৰ স্ক্ৰীণত এডমিট কাৰ্ড প্ৰদৰ্শিত হ'ব। এডমিড কাৰ্ডখন ডাউনলোড কৰাৰ পিছত প্ৰিণ্ট কৰি ল’ব।

5 / 5

লিখিত পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ প্ৰাৰ্থীসকলে এডমিট কাৰ্ডৰ হাৰ্ড কপিৰ লগতে চৰকাৰে প্ৰদান কৰা ফটো পৰিচয় প্ৰমাণ পত্ৰ যেনে আধাৰ কাৰ্ড, পেন কাৰ্ড, ড্ৰাইভিং লাইচেন্স, ভোটাৰ-আইডি কাৰ্ড লগত লৈ যাব লাগিব। এডমিট কাৰ্ড উল্লেখ কৰা সকলো নিৰ্দেশনা লিখিত পৰীক্ষাত মানি চলিব লাগিব।

চীন, জাপান, আমেৰিকাৰ দৰে দেশক অতিক্ৰম কৰিলে ভাৰতীয় ৰে'লৱেয়ে
গংগাৰ পানী কিয় কেতিয়াও দূষিত নহয়? পোহৰলৈ আহিল কাৰণ...
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে আমলখিৰ, জানক উপকাৰিতাৰ বিষয়ে
সকলোৰে প্ৰিয় মাখানাৰ উপকাৰিতাৰ বিষয়ে জানেনে?