বস্ত্ৰ মন্ত্ৰালয়ত ওলাইছে চাকৰিঃ সময়সীমা উকলি যোৱাৰ পূৰ্বে এতিয়াই কৰক আবেদন
চৰকাৰী চাকৰিত মকৰলৰ প্ৰত্যাশাৰে প্ৰস্তুতি চলাই থকা যুৱক-যুৱতীসকলে লাভ কৰিছে নিযুক্তিৰ এক সুৱৰ্ণ সুযোগ। বস্ত্ৰ মন্ত্ৰালয়ৰ অধীনত বস্ত্ৰ সমিতিয়ে গ্ৰুপ A, B আৰু C গোটৰ বিভিন্ন পদত নিযুক্তিৰ বাবে এক অধিসূচনা জাৰি কৰিছে। এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে মন্ত্ৰালয়ে উপ-সঞ্চালক, সহকাৰী সঞ্চালক, কুৱালিটি এশ্বিয়’ৰেন্স অফিচাৰ আদি বিভিন্ন পদবীত নিযুক্তি প্ৰদান কৰা হ’ব।
চৰকাৰী চাকৰিত মকৰলৰ প্ৰত্যাশাৰে প্ৰস্তুতি চলাই থকা যুৱক-যুৱতীসকলে লাভ কৰিছে নিযুক্তিৰ এক সুৱৰ্ণ সুযোগ। বস্ত্ৰ মন্ত্ৰালয়ৰ অধীনত বস্ত্ৰ সমিতিয়ে গ্ৰুপ A, B আৰু C গোটৰ বিভিন্ন পদত নিযুক্তিৰ বাবে এক অধিসূচনা জাৰি কৰিছে। এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে মন্ত্ৰালয়ে উপ-সঞ্চালক, সহকাৰী সঞ্চালক, কুৱালিটি এশ্বিয়’ৰেন্স অফিচাৰ আদি বিভিন্ন পদবীত নিযুক্তি প্ৰদান কৰা হ’ব। ইচ্ছুক প্ৰাৰ্থীসকলে অহা ৩১ জানুৱাৰীলৈকে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব।
এই পদসমূহৰ ভিতৰত উপ-সঞ্চালকৰ দুটা পদ, সহকাৰী সঞ্চালকৰ ৯টা, পৰিসংখ্যা বিষয়াৰ ১টা, কুৱালিটি এশ্বিয়’ৰেন্স অফিচাৰৰ ১৫টা পদৰ লগতে আন কিছু পদো আছে। ইচ্ছুক প্ৰাৰ্থীসকলে অফিচিয়েল ৱেবছাইট textilescommittee.nic.in ত গৈ আবেদন পত্ৰ পূৰণ কৰিব পাৰিব। উপ-সঞ্চালক আৰু সহকাৰী সঞ্চালক পদৰ বাবে পদাৰ্থ বিজ্ঞান অথবা ৰসায়ন বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী অথবা টেক্সটাইল মেনুফেক্সাৰিঙত স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব।
আনহাতে কুৱালিটি এশ্বিয়’ৰেন্স অফিচাৰৰ পদৰ বাবে টেক্সটাইল মেনুফেক্সাৰিং বা টেকন’লজিৰ ডিগ্ৰী বা ডিপ্লমা থাকিব লাগিব। পৰিসংখ্যা বিষয়া, জ্যেষ্ঠ আৰু কনিষ্ঠ পৰিসংখ্যা সহায়ক পদৰ বাবে গণিত বা পৰিসংখ্যা বিষয়ত স্নাতক হ’ব লাগিব। শৈক্ষিক অৰ্হতাৰ লগতে এই নিযুক্তি প্ৰক্ৰিয়াৰ সৈতে জড়িত অধিক তথ্যৰ বাবে প্ৰাৰ্থীসকলে বিভাগে জাৰি কৰা অধিসূচনা পৰীক্ষা কৰিব পাৰে।
বস্ত্ৰ মন্ত্ৰালয়ৰ এই পদসমূহৰ বাবে প্ৰাৰ্থীৰ বয়সৰ সীমা ২০ৰ পৰা ৩৫ বছৰৰ ভিতৰত হ’ব লাগে। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ (SC/ST/OBC) অন্তৰ্গত প্ৰাৰ্থীসকলক চৰকাৰী নিয়ম অনুসৰি বয়সৰ ক্ষেত্ৰত ৰেহাই প্ৰদান কৰা হ’ব। এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে পদৰ ভিত্তিত আবেদন মাচুল নিৰ্ধাৰণ কৰা হৈছে। গ্ৰুপ এ পদৰ বাবে আনৰিজাৰ্ভড, OBC, EWS আৰু ESM শ্ৰেণীৰ অন্তৰ্গত প্ৰাৰ্থীয়ে ১৫০০ টকা আবেদন মাচুল পৰিশোধ কৰিব লাগিব।
আনহাতে গ্ৰুপ বি আৰু চি পদৰ বাবে আনৰিজাৰ্ভড, OBC, EWS আৰু ESM শ্ৰেণীৰ প্ৰাৰ্থীসকলে ১০০০ টকা মাচুল পৰিশোধ কৰিব লাগিব। সংৰক্ষিত শ্ৰেণীৰ (SC/ST) প্ৰাৰ্থীক আবেদন মাচুলৰ পৰা ৰেহাই দিয়া হৈছে। অনলাইন মোডৰ জৰিয়তে এই মাচুল পৰিশোধ কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে তলত দিয়া পদ্ধতি অনুসৰণ কৰি আবেদন কৰিব পাৰিব-
প্ৰথমে বস্ত্ৰ সমিতিৰ অফিচিয়েল ৱেবচাইট textilescommittee.nic.in লৈ যাওক।
এতিয়া ’Career’ অপচনত ক্লিক কৰক।
তাৰ পিছত ‘Apply Online’ লিংকত ক্লিক কৰক।
এতিয়া প্ৰয়োজনীয় তথ্য পূৰণ কৰক আৰু নথিপত্ৰসমূহ আপলোড কৰক।
অনলাইন মোডৰ জৰিয়তে আবেদন মাচুল পৰিশোধ কৰক।
আবেদন পত্ৰ চাবমিট কৰক আৰু ইয়াৰ পিছত ভৱিষ্যতৰ প্ৰয়োজনৰ বাবে প্ৰিন্টআউট কৰি ল’ব পাৰে।
এই পদসমূহৰ বাবে লিখিত পৰীক্ষাৰ ভিত্তিত পৰীক্ষাৰ্থী নিৰ্বাচন কৰা হ’ব। লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰৰ জৰিয়তে গ্ৰুপ এ পদৰ প্ৰাৰ্থী বাছনি কৰা হ’ব। আনহাতে গ্ৰুপ বি আৰু চি পদৰ বাবে প্ৰাৰ্থীৰ বাছনি কেৱল লিখিত পৰীক্ষাৰ জৰিয়তে কৰা হ’ব।