QS World University Rankings 2025: দেশৰ ভিতৰত শীৰ্ষস্থানত এই শিক্ষা প্ৰতিষ্ঠান…
বিশ্বৰ আগশাৰীৰ উচ্চ শিক্ষা বিশ্লেষণ প্ৰতিষ্ঠান লণ্ডনস্থিত কোৱাৰেলি চাইমণ্ডছে প্ৰকাশ কৰা QS World University Rankingsৰ নতুন তালিকা প্ৰকাশ পাইছে। কানাডাৰ টৰন্টো বিশ্ববিদ্যালয়ে এই তালিকাত শীৰ্ষস্থান লাভ কৰিছে। আনহাতে ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান, দিল্লীয়ে দেশৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ ক্ষেত্ৰত সৰ্বোচ্চ স্থান লাভ কৰিছে।
বিশ্বৰ আগশাৰীৰ উচ্চ শিক্ষা বিশ্লেষণ প্ৰতিষ্ঠান লণ্ডনস্থিত কোৱাৰেলি চাইমণ্ডছে প্ৰকাশ কৰা QS World University Rankingsৰ নতুন তালিকা প্ৰকাশ পাইছে। কানাডাৰ টৰন্টো বিশ্ববিদ্যালয়ে এই তালিকাত শীৰ্ষস্থান লাভ কৰিছে। আনহাতে ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান, দিল্লীয়ে দেশৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ ক্ষেত্ৰত সৰ্বোচ্চ স্থান লাভ কৰিছে। আগশাৰীৰ প্ৰতিষ্ঠানটোৰ দ্বাৰা প্ৰকাশিত এই তালিকাত পূৰ্বতকৈ এইবাৰ যথেষ্ট স্থানৰ উন্নতি ঘটাইছে ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান, দিল্লীয়ে।
প্ৰকাশিত তালিকাত ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান, দিল্লীয়ে ৮০.৬ সামগ্ৰিক স্ক’ৰ লাভ কৰি ১৭১ নম্বৰ স্থান লাভ কৰিছে। বিগত বাৰতকৈ প্ৰতিষ্ঠানটোৱে ২৫৫ স্থানৰ উত্তৰণ ঘটাইছে। ভাৰতীয় শিক্ষা প্ৰতিষ্ঠানৰ ক্ষেত্ৰত এই তালিকাত দ্বিতীয় স্থানত আছে ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান, খৰগপুৰ। প্ৰতিষ্ঠানখনে ৭৮.৬ সামগ্ৰিক স্ক’ৰ লাভ কৰি তালিকাত ২০২ নং স্থানত আছে। আনহাতে ৭৬.১ সামগ্ৰিক স্ক’ৰ লাভ কৰি তালিকাৰ ২৩৪ নং স্থানত আছে ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান, ব’ম্বে।
QS World University Rankingsত দেশৰ মুঠ ৭৮খন ভাৰতীয় বিশ্ববিদ্যালয়ে স্থান লাভ কৰিছে। ২১খন নতুন প্ৰতিষ্ঠানে এই তালিকাত প্ৰৱেশ কৰিছে। এই তালিকাত স্থান পোৱা দেশৰ প্ৰতিষ্ঠানসমূহৰ ভিতৰত ৩৪খন বিশ্ববিদ্যালয়ে যোৱা বছৰৰ স্থানৰ তুলনাত উন্নতি কৰিছে। সমান্তৰালকৈ দেশৰ শীৰ্ষ ১০খন প্ৰতিষ্ঠানৰ ভিতৰত ৯খনে এই বছৰ ৰেংকিঙত স্থান উন্নত কৰিছে।
ভাৰতীয় প্ৰতিষ্ঠানৰ ক্ষেত্ৰত সদ্য প্ৰকাশিত এই তালিকাত চতুৰ্থ স্থান লাভ কৰিছে আই আই টি, কানপুৰ আৰু পঞ্চম স্থানত আছে আই আই টি, মাদ্ৰাজ। একেদৰে দিল্লী বিশ্ববিদ্যালয়ে তালিকাত ষষ্ঠ লাভ কৰাৰ বিপৰীতে বাংগালুৰুস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান সপ্তম স্থানত আছে। তালিকাৰ অষ্টম স্থানত আছে ভেল্লোৰ ইনষ্টিটিউট অৱ টেকন’লজি। মণিপাল একাডেমী অৱ হাইয়াৰ এডুকেশ্যন, কৰ্ণাটক আৰু আন্না ইউনিভাৰ্চিটি, চেন্নাই ক্ৰমে নৱম আৰু দশম স্থানত আছে।
কোৱাৰেলি চাইমণ্ডছ (কিউএছ)ৰ উপ-সভাপতি বেন ছ’টাৰে এক বিজ্ঞপ্তি যোগে এই তালিকাৰ বিষয়ে সদৰী কৰি ভাৰতীয় উচ্চ শিক্ষাৰ পৰিৱেশৰ বাবে এয়া এক উৎকৃষ্ট কৃতিত্ব বুলি উল্লেখ কৰে আৰু ভাৰতীয় বিশ্ববিদ্যালয়সমূহে যে বহনক্ষমতা পদক্ষেপৰ সৈতে আগবাঢ়িছে ইয়াৰ দ্বাৰাই পৰিলক্ষিত হৈছে বুলি মন্তব্য কৰে।
QS World University Rankings, Sustainability 2025 তিনিটা মূল্যায়ন শিতানত বিশ্ববিদ্যালয়ৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে – পৰিৱেশৰ প্ৰভাৱ, সামাজিক প্ৰভাৱ আৰু শাসন ব্যৱস্থা। এইবাৰ এই ৰেংকিঙত ১০৭খন দেশ আৰু টেৰিটৰীৰ ১,৭৪০খনতকৈও অধিক বিশ্ববিদ্যালয়ক স্থান দিয়া হৈছে। এইদৰে পূৰ্বৰ সংস্কৰণৰ তুলনাত এইবাৰ তালিকাত শৈক্ষিক প্ৰতিষ্ঠানৰ সংখ্যা যথেষ্ট বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে।