শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Topper’s Tips: পৰীক্ষাত বহাৰ পূৰ্বে মনত ৰাখক এইকেইটা কথা; হ্ৰাস পাব মনৰ বহুখিনি চিন্তা

মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ বাবে সাজু হোৱা শিক্ষাৰ্থীসকলে এই শেষ মুহূৰ্তত কিদৰে সাজু কৰিব নিজক ? পৰীক্ষাৰ চাপ কমাবৰ বাবে কি কৰা উচিত, শেষ মুহূৰ্তত কিদৰে পঢ়া উচিত ? এই সন্দৰ্ভত ২০২৩ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান প্ৰাপক হৃদম ঠাকুৰীয়াৰ কেইটামান পৰামৰ্শ-

Topper’s Tips: পৰীক্ষাত বহাৰ পূৰ্বে মনত ৰাখক এইকেইটা কথা; হ্ৰাস পাব মনৰ বহুখিনি চিন্তা
প্ৰতিনিধিত্বমূলক ছবি
raj-saikia
Raj Saikia | Published: 11 Feb 2025 15:15 PM

অহা ১৩ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা । তাৰ দুদিন পাছতে ১৫ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা । ইতিমধ্যে ৰাজ্যৰ পৰীক্ষাৰ্থীসকল সাজু হৈছে এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে । পৰীক্ষা বুলিলে সাধাৰণতেই ছাত্ৰ-ছাত্ৰীৰ মনত এক ভয় থাকে । পাঠ্যক্ৰম সম্পূৰ্ণৰূপে অধ্যয়ন কৰাৰ পৰা আৰম্ভ কৰি প্ৰশ্নকাকত কেনে হ’ব আদি বিভিন্ন চিন্তা থাকে শিক্ষাৰ্থীৰ মনত । কিয়নো শিক্ষাৰ্থী জীৱনৰ অতিকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা এই দুটা ।

পৰীক্ষাৰ প্ৰাক্ ক্ষণত TV9-Assam এ শিক্ষাৰ্থীৰ বাবে আগবঢ়াইছে কেতবোৰ বিশেষ পৰামৰ্শ । পূৰ্বৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ স্থান দখল কৰা শিক্ষাৰ্থীৰ পৰা পৰীক্ষাত চাপ কম কৰা বা শেষ মুহূৰ্তত কিদৰে নিজকে সাজু কৰিব পাৰি সেই বিষয়ে কেতবোৰ পৰামৰ্শ আগবঢ়োৱা হৈছে । ২০২৩ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান দখল কৰা  হৃদম ঠাকুৰীয়াৰ সৈতে হোৱা টেলিফোনিক সাক্ষাৎকাৰত তেওঁ জনাইছে কিদৰে এই শেষ সময়ত পৰীক্ষাৰ বাবে সাজু হ’ব লাগে ।

পৰীক্ষাৰ সময়ত চাপ কিদৰে অতিক্ৰম কৰিব পাৰি ?

পৰীক্ষা বুলিলে এটা চাপ থাকেই কিন্তু সেই চাপক অধিক গুৰুত্ব দিব নালাগে । এতিয়ালৈকে যিখিনি পঢ়া হ’ল সেইখিনি আওৰাব লাগে । নিজৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখিব লাগে । নিজে যিখিনি পঢ়িছে সেইখিনিৰ ওপৰত বিশ্বাস ৰাখি পৰীক্ষাগৃহত প্ৰৱেশ কৰিব লাগে । নিজৰ পঢ়াখিনিৰ ওপৰত বিশ্বাস ৰাখিলে পৰীক্ষাৰ চাপ নিজে নিজেই কমি যায় । যদি নিজে ১০০ শতাংশ দিয়া বুলি ভাবে তেন্তে সেইখিনি লৈয়েই পৰীক্ষা দিবলৈ যাব লাগে আৰু তেতিয়া পৰীক্ষাৰ প্ৰতি ভয় বা চাপ নিজেই কমি যায় । মনত সন্তুষ্টি লৈ পৰীক্ষাগৃহলৈ যাব লাগে ।

নিতৌ কিমান সময় অধ্যয়ন কৰাটো জৰুৰী ?

এটা ভাল ৰিজাল্ট কৰিবলৈ হ’লে সময়ৰ জোখতকৈ অধিক গুৰুত্ব দিব লাগে কি পঢ়িছোঁ তাৰ ওপৰত । ১৮-১৯ ঘন্টা পঢ়িলেহে যে ভাল ৰিজাল্ট কৰিব পাৰি তেনে নহয়, দৈনিক ৭-৮ ঘন্টা মনোযোগেৰে পঢ়িলেও সুন্দৰ ফলাফল কৰিব পৰা যায় । গুৰুত্বপূৰ্ণ কথা কেৱল মনোযোগৰ ওপৰতহে । লক্ষ্য লাগিব আৰু নিয়মীয়াকৈ পঢ়িব লাগিব । এসপ্তাহ ধৰি ১৮ ঘন্টা পৰা শিক্ষাৰ্থী এগৰাকীতকৈ নিতৌ ১০ ঘন্টা পঢ়া শিক্ষাৰ্থী এগৰাকীৰ ফলাফল ভাল হ’ব বুলি ধাৰণা কৰিব পাৰি । স্কুল বা টিউচনৰ উপৰিও নিতৌ ৫-৬ ঘন্টা পঢ়িব লাগে ।

পৰীক্ষাৰ এই শেষ সময়ত আৰু কি কি কৰিব লাগে ?

যিহেতু এইখিনি গুৰুত্বপূৰ্ণ সময়, গতিকে অত্যধিক চাপ ল’ব নালাগে । যিখিনি পঢ়া হ’ল সেইখিনিকেই আওৰাব লাগে । এতিয়া আৰু নতুনকৈ কোনো অধ্যায় পঢ়িব নালাগে । এই সময়খিনিত নিজকে সুস্থিৰ কৰি ৰাখিব লাগে । পৰীক্ষাৰ সময়ত যদি কোনো প্ৰশ্নৰ উত্তৰ মনত নপৰে তেন্তে সেই প্ৰশ্নটো কিছু সময়ৰ বাবে বাদ দি পৰৱৰ্তী প্ৰশ্নলৈ যাব লাগে । সময় অপচয় হ’বলৈ দিব নালাগে । পিছত মনত পৰাৰ লগে লগে সেই উত্তৰটো লিখিব লাগে । তিনিঘন্টা সময়ৰ ভিতৰত সকলোখিনি সম্পূৰ্ণ কৰিবলৈ হ’লে প্ৰতিটো প্ৰশ্ন অনুসৰি সময় দিয়া উচিত ।