UCO Bank job: চাকৰি বিচাৰি আছে নেকি? এই পদসমূহৰ বাবে অনলাইন কৰিব পাৰে আবেদন

আপুনি চাকৰি বিচাৰি আছে যদি আপোনাৰ বাবে এই খবৰ। কিয়নো UCO bank ৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি। যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীয়ে ইয়াৰ বাবে অনলাইন আবেদন কৰিব পাৰে।

UCO Bank job: চাকৰি বিচাৰি আছে নেকি? এই পদসমূহৰ বাবে অনলাইন কৰিব পাৰে আবেদন

প্ৰতিনিধিত্বমূলক ছবি

Published: 

01 Jan 2025 16:05 PM

আপুনি যদি চাকৰি বিচাৰি আছে তেন্তে আপোনাৰ বাবে ভাল খবৰ। কিয়নো UCO বেংকত ওলাইছে। কেইবাটাও পদৰ বাবে UCO বেংকে যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীৰ পৰা অনলাইন আবেদনৰ আহ্বান কৰিছে। বৰ্তমান আবেদন প্ৰক্ৰিয়া চলি আছে আৰু এই আবেদনৰ শেষ সময়সীমা ২০ জানুৱাৰী, ২০২৫। গতিকে নিৰ্ধাৰিত এই সময়চোৱাত আপুনিও কৰিব পাৰে অনলাইন আবেদন। এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে বেংকটোৱে ৬৮ বিশেষজ্ঞ বিষয়া (Specialist Officer)  নিযুক্তি দিব।

কেনেকৈ আবেদন কৰিব

  • UCO Bank recruitment পোৰ্টেলত Importanf web-link ত যাওক
  • online registration ত ক্লিক কৰি ৰেজিষ্ট্ৰেশ্যনৰ কাম খিনি কৰক
  • Online application Form ৰ লিংকত ক্লিক কৰি লগ ইন কৰক
  • নিজৰ প্ৰয়োজনীয় তথ্য দিয়ক। লগতে শিক্ষাগত তথ্যসমূহো দিয়ক
  • আবেদনৰ মাচুল দি চাবমিট কৰি দিয়ক

পদসমূহ

১) অৰ্থনীতিবিদ (জেএমজিএছ-আই)Economist (JMGS-I)
পদৰ সংখ্যা- ২টা
বয়স- ২১-৩০ বছৰ
শিক্ষাগত অৰ্হতা- ভাৰত চৰকাৰ বা ইয়াৰ নিয়ন্ত্ৰক সংস্থাসমূহৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত / অনুমোদিত বিশ্ববিদ্যালয় /প্ৰতিষ্ঠানৰ পৰা অৰ্থনীতি/ অৰ্থনীতিবিজ্ঞান/ ব্যৱসায়িক অৰ্থনীতি/ প্ৰয়োগমূলক অৰ্থনীতি/ বিত্তীয় অৰ্থনীতি/ উদ্যোগিক অৰ্থনীতি/ মুদ্ৰা অৰ্থনীতি/ বা সমতুল্য বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী।

২) অগ্নি সুৰক্ষা বিষয়া Fire Safety Officer (JMGS-I)
পদৰ সংখ্যা- ২টা
বয়স- ২৫-৩৫
শিক্ষাগত অৰ্হতা- ৰাষ্ট্ৰীয় অগ্নিনিৰ্বাপক সেৱা মহাবিদ্যালয় (এন এফ এছ চি) নাগপুৰৰ পৰা অগ্নিনিৰ্বাপক অভিযান্ত্ৰিক বিভাগত স্নাতক ডিগ্ৰী বা স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠানৰ পৰা অগ্নিনিৰ্বাপক বাহিনীৰ/প্ৰযুক্তিবিদ্যাত স্নাতক ডিগ্ৰী।

৩) নিৰাপত্তা বিষয়া (Security Officer, JMGS-I)
পদৰ সংখ্যা- ৮
বয়স- ২৫-৩৫
শিক্ষাগত অৰ্হতা- যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক।

৪) ৰিস্ক অফিচাৰ . Risk Officer,MMGS-II)
পদৰ সংখ্যা ১০
বয়স- ২৫-৩৫

৫) আই টি বিষয়া (এম এম জি এছ-II)

পদৰ সংখ্যা: ২১

বয়সৰ সীমাঃ ২৫-৩৫ বছৰ

৬) চাৰ্টাৰ্ড একাউণ্টেণ্ট (এম এম জি এছ-II)

পদৰ সংখ্যা: ২৫

বয়সৰ সীমাঃ ২৫-৩৫ বছৰ

 

প্ৰতিটো পদৰ বাবে শিক্ষাগত অৰ্হতা বেলেগ বেলেগ। গতিকে আপুনি UCO বেংকৰ অফিচিয়েল ৱেবচাইটত গৈ ইয়াৰ অধিক তথ্য জানিব পাৰে।

ৰেহাইঃ অনুসূচিত জাতি, অনুসূচিত জনজাতিৰ বাবে ৫ বছৰৰ ৰেহাই. অবিচিৰ বাবে ৩ বছৰ আৰু পি ডব্লিউ বি ডিৰ বাবে ১০ বছৰ বয়সৰ ৰেহাই।

মাচুল-

জেনেৰেল, ই ডব্লিউ এছ, অবিচি- ৬০০ টকা
অনুসূচিত জাতি, অনুসূচিত জনজাতি, পি ডব্লিউ বি ডি- ১০০
পেমেন্ট মোড- ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, ইন্টাৰনেট বেংকিং

আবেদনৰ বিষয়েক্লিক কৰক

অফিচিয়েল ৱেবচাইটক্লিক কৰক

আবেদনক্লিক কৰক

 

অন্য খবৰ পঢ়কঃ RBI ত ওলাইছে চাকৰিঃ কেনেকৈ কৰিব আবেদন, অন্তিম তাৰিখ কেতিয়া, জানক সকলো…

 

সংগীৰ লগত সঘনাই হয় নেকি কাজিয়া? তেন্তে কোঠাৰ পৰা আঁতৰাই দিয়ক এইসমূহ সামগ্ৰী...
ভাৰতীয়ৰ চুলিৰ পৰা টকা উপাৰ্জন কৰে এইসমুহ দেশে
উজ্বল ছালৰ বাবে হালধি ব্যৱহাৰ কৰা ভাল নে বেয়া? কি কয় বিশেষজ্ঞই...
পুৰণি পাৰ্চটো পেলাই দিয়াৰ পূৰ্বে কৰক এই কাম, অন্যথা আহিব আৰ্থিক সংকট!