5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Assam Skill University : UGC ৰ স্বীকৃতি লাভ কৰিলে অসম দক্ষতা বিশ্ববিদ্যালয়ে…

অসম দক্ষতা বিশ্ববিদ্যালয়ে ইতিমধ্যে আনুষ্ঠানিকভাৱে বিশ্ববিদ্যালয় অনুদান আয়োগৰ স্বীকৃতি লাভ কৰিছে । ২০২০ চনত প্ৰতিষ্ঠা হোৱা বিশ্ববিদ্যালয়খনে ২০২৪ চনৰ ৮ অক্টোবৰত আনুষ্ঠানিক স্বীকৃতি লাভ কৰে।

Assam Skill University : UGC ৰ স্বীকৃতি লাভ কৰিলে অসম দক্ষতা বিশ্ববিদ্যালয়ে…
অসম দক্ষতা বিশ্ববিদ্যালয়
manas-borah
Manas Borah | Published: 23 Oct 2024 12:05 PM

দৰং জিলাৰ মঙলদৈত থকা অসম দক্ষতা বিশ্ববিদ্যালয়ে ইতিমধ্যে আনুষ্ঠানিকভাৱে বিশ্ববিদ্যালয় অনুদান আয়োগৰ স্বীকৃতি লাভ কৰিছে । ২০২০ চনত প্ৰতিষ্ঠা হোৱা বিশ্ববিদ্যালয়খনে ২০২৪ চনৰ ৮ অক্টোবৰত আনুষ্ঠানিক স্বীকৃতি লাভ কৰে। এই তথ্য প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । উল্লেখ্য যে, বিশ্ববিদ্যালয়খনে স্বীকৃতি লাভ কৰাৰ পাছতে ৰাজ্যৰ উচ্চ শিক্ষা ক্ষেত্ৰখনক আগুৱাই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে ।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই সামাজিক মাধ্যমৰ এটা পোষ্টত কয় যে,”অসম দক্ষতা বিশ্ববিদ্যালয় এতিয়া UGC স্বীকৃতিপ্ৰাপ্ত। অসমৰ যুৱক-যুৱতীসকলক দক্ষতা শিক্ষা প্ৰদানৰ বাবে আমাৰ প্ৰচেষ্টাই সফলতা লাভ কৰিছে । বিশ্ববিদ্যালয় অনুদান আয়োগে অসম দক্ষতা বিশ্ববিদ্যালয়ক স্বীকৃতি প্ৰদান কৰিছে । এই স্বীকৃতিয়ে বিশ্ববিদ্যালয়খনৰ পাঠ্যক্ৰমসমূহৰ বিশ্বাসযোগ্যতা আনিব আৰু আমাৰ যুৱক-যুৱতীসকলৰ নিয়োগযোগ্যতা বৃদ্ধি কৰিব।”

উল্লেখ্য যে, এই স্বীকৃতিৰ অধীনত UGC আইন ১৯৫৬ৰ ২২ নং ধাৰাত UGC য়ে নিৰ্দিষ্ট কৰা ডিগ্ৰী প্ৰদানৰ ক্ষমতা বিশ্ববিদ্যালয়খনক প্ৰদান কৰে । UGCৰ ২০১৪ চনৰ ডিগ্ৰী নিৰ্দিষ্টকৰণ আৰু পৰৱৰ্তী সংশোধনী অনুসৰণ কৰি বিশ্ববিদ্যালয়খনে নিয়মীয়া ধৰণেৰে নিজৰ বিভাগ, মহাবিদ্যালয় আৰু সংযুক্ত কলেজৰ জৰিয়তে কাম কৰিব পাৰিব।

স্বীকৃতিৰ নিৰ্দেশনাৰ অধীনত বিশ্ববিদ্যালয়খনে নিজৰ কাম-কাজ অসমৰ ভূখণ্ডৰ ভিতৰতে সীমাবদ্ধ কৰি ৰাখিব লাগিব আৰু বিশ্ববিদ্যালয়ৰ পূৰ্বৰ অনুমোদন অবিহনে দূৰ শিক্ষা কাৰ্যসূচী গ্ৰহণ কৰিব নোৱাৰিব। বিশ্ববিদ্যালয়খনে দুমাহৰ ভিতৰত লোকপাল নিযুক্তি দি একাডেমিক বেংক অৱ ক্ৰেডিটছ (এবিচি) আৰু নেশ্যনেল একাডেমিক ডিপজিটৰী (এনএডি)ত পঞ্জীয়ন কৰিব লাগিব। ২০২১ চনৰ ৪ আগষ্টৰ পৰা সুভাষ চন্দ্ৰ দাসক প্ৰথম উপাচাৰ্য হিচাপে লৈ বিশ্ববিদ্যালয়খনৰ কাম-কাজ আৰম্ভ হৈছিল ।

Latest News