UGC NET 2024 December Registration: আৰম্ভ হৈছে UGC NET 2024 ডিচেম্বৰৰ পঞ্জীয়ন প্ৰক্ৰিয়া, কেতিয়া অনুষ্ঠিত হ’ব পৰীক্ষা? কেনেকৈ কৰিব আবেদন? সবিশেষ জানক…

UGC NET 2024 December Notification: ইউজিচি নেট ২০২৪ ডিচেম্বৰ ছেছনৰ পৰীক্ষাৰ অধিসূচনা প্ৰকাশ কৰিছে এনটিএয়ে । প্ৰাৰ্থীসকলে অফিচিয়েল ৱেবছাইটলৈ গৈ ১০ ডিচেম্বৰলৈকে পঞ্জীয়ন কৰিব পাৰে। ২০২৫ চনৰ জানুৱাৰীত অনুষ্ঠিত হ'ব এই পৰীক্ষা।

UGC NET 2024 December Registration: আৰম্ভ হৈছে UGC NET 2024 ডিচেম্বৰৰ  পঞ্জীয়ন প্ৰক্ৰিয়া, কেতিয়া অনুষ্ঠিত হব পৰীক্ষা? কেনেকৈ কৰিব আবেদন?  সবিশেষ জানক...

আৰম্ভ হৈছে UGC NET 2024 ডিচেম্বৰৰ পঞ্জীয়ন প্ৰক্ৰিয়া

Updated On: 

20 Nov 2024 15:58 PM

UGC NET 2024 ডিচেম্বৰ ছেছনৰ পৰীক্ষাৰ অধিসূচনা জাৰি কৰিছে ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা (NTA)য়ে। ইয়াৰ লগতে আৰম্ভ হৈছে আবেদনৰ প্ৰক্ৰিয়া। প্ৰাৰ্থীসকলে পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ ugcnet.nta.ac.in অফিচিয়েল ৱেবছাইটত গৈ পঞ্জীয়ন কৰিব পাৰে। ইয়াৰ বাবে অন্তিম দিন হ’ব ১০ ডিচেম্বৰ 2024ৰ মাজনিশা ১২ বজালৈ।
পৰীক্ষা সম্পৰ্কে অধিক তথ্য পাবলৈ সম্পূৰ্ণ প্ৰতিবেদন পঢ়ক…

জাৰী কৰা অধিসূচনা অনুসৰি প্ৰাৰ্থীসকলে অন্তিম তাৰিখত বা তাৰ পূৰ্বে পঞ্জীয়ন কৰিব পাৰে। প্ৰাৰ্থীসকলে মনত ৰাখিব লাগে যে কেৱল নিয়ম অনুসৰি কৰা আবেদনহে বৈধ হ’ব। আবেদন কৰোতে জাননীত উল্লেখ কৰা ফৰ্মেট অনুসৰি নথি-পত্ৰবোৰ আপলোড কৰিব লাগিব। পৰীক্ষাৰ বাবে ১৯ নৱেম্বৰত জাৰি কৰা হৈছিল জাননী।

UGC NET 2024 December Eligibility Criteria: কোনে আবেদন কৰিব পাৰিব?

UGC NET পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ, প্ৰাৰ্থীগৰাকীয়ে যিকোনো স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিব লাগিব।
সাধাৰণ শ্ৰেণীৰ আবেদনকাৰীৰ বাবে ৫৫ শতাংশ নম্বৰ আৰু সংৰক্ষিত শ্ৰেণীৰ ৫০ শতাংশ নম্বৰৰ সৈতে উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক। পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে কোনো সৰ্বাধিক বয়সৰ সীমা নাই।

UGC NET 2024 December Application Fee: আবেদন মাচুল

UGC NET 2024 ডিচেম্বৰ ছেছনৰ বাবে, সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীয়ে ১১৫০ টকা পৰিশোধ কৰিব লাগিব আৰু অ’বিচি প্ৰাৰ্থীসকলে ৬০০ টকা পৰিশোধ কৰিব লাগিব। অনুসূচীত জাতি / অনুসূচীত জনজাতি / দিব্যাংগ / তৃতীয় লিংগৰ প্ৰাৰ্থীৰ বাবে আবেদন মাচুল হৈছে ৩২৫ টকা। আবেদন মাচুল অনলাইন মোডত জমা কৰিব পাৰিব।

UGC NET 2024 December How to Apply: ক’ত আৰু কেনেকৈ আবেদন কৰিব?

  • আবেদন কৰিবলৈ প্ৰথমে UGC NETৰ অফিচিয়েল ৱেবছাইট ugcnet.nta.ac.inলৈ চাওক।
  • হোম পেজত থকা UGC NET 2024 December Registration লিংকত ক্লিক কৰক।
  • এতিয়া ফোন নম্বৰ, নাম আদি প্ৰবিষ্ট কৰি পঞ্জীয়ন কৰক।
  • বিৱৰণ প্ৰবিষ্ট কৰক আৰু নথি-পত্ৰবোৰ আপলোড কৰক।
  • মাচুল জমা কৰি আবেদন দাখিল কৰক।

UGC NET 2024 December Notification

UGC NET 2024 December Registration Link

 

UGC NET 2024 December Exam Date: পৰীক্ষা কেতিয়া অনুষ্ঠিত হ’ব?

ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই প্ৰকাশ কৰা অনুসূচী অনুসৰি,এই পৰীক্ষা ১ জানুৱাৰীৰ পৰা ১৯ জানুৱাৰী ২০২৫লৈ অনুষ্ঠিত হ’ব।প্ৰথমে পৰীক্ষা চহৰৰ স্লিপ জাৰী কৰা হ’ব আৰু তাৰ পিছত এডমিট কাৰ্ড জাৰী কৰা হ’ব। উল্লেখ্য ষে এইবাৰ মুঠ ৮৪টা বিষয়ৰ বাবে এই পৰীক্ষা অনুষ্ঠিত হ’ব।

 

 

কিডনীত পাথৰ হ'লে শৰীৰত কি কি লক্ষণে দেখা দিয়ে ? জানক
IPL Auctionত কোনজন খেলুৱৈক অধিক দৰত ক্ৰয় কৰা হৈছিল?
শীতকালত মুখত লগাওক নাৰিকল তেল, আছে একাধিক লাভালাভ!
হাতৰ কোনটো আঙুলিত আৰু কিয় কাছৰ আঙুঠি পিন্ধিব নালাগে