UGC NET পৰীক্ষাৰ তাৰিখ ঘোষণাঃ কেতিয়াৰ পৰা হ’ব আৰম্ভ, চাওক এইদৰে…
NTAই ঘোষণা কৰিছে UGC NET ২০২৪ ডিচেম্বৰ পৰীক্ষাৰ তাৰিখ। দেশৰ বিভিন্ন কেন্দ্ৰত নেচনেল টেষ্টিং এজেন্সীয়ে এই পৰীক্ষা অনুষ্ঠিত কৰিব। জুনিয়ৰ ৰিচাৰ্চ ফেল’শ্বিপ, সহকাৰী অধ্যাপকৰ যোগ্যতাৰ বাবে আৰু পি.এইচ.ডি.ৰ বাবে দুটা শ্বিফটত অনুষ্ঠিত হ’ব এই পৰীক্ষা। পৰীক্ষাৰ সূচী কিদৰে চাব পাৰিব, সেই সম্পৰ্কে ইয়াত উল্লেখ কৰা হৈছে।
নেচনেল টেষ্টিং এজেন্সী, চমুকৈ NTAই ঘোষণা কৰিছে UGC NET ২০২৪ ডিচেম্বৰ পৰীক্ষাৰ তাৰিখ। আগন্তুক বৰ্ষৰ ৩ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব এই পৰীক্ষা। পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে অফিচিয়েল ৱেবছাইট ugcnet.nta.ac.in ত গৈ পৰীক্ষাৰ সময়সূচী পৰীক্ষা কৰিব পাৰিব। আয়োগে বিষয়ভিত্তিক পৰীক্ষাৰ তাৰিখ প্ৰকাশ কৰিছে। ইয়াৰ পূৰ্বে ১ জানুৱাৰীৰ পৰা এই পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও এতিয়া ৩ জানুৱাৰীৰ পৰা সূচী নিৰ্ধাৰণ কৰা হৈছে।
দেশৰ বিভিন্ন কেন্দ্ৰত নেচনেল টেষ্টিং এজেন্সীয়ে এই পৰীক্ষা অনুষ্ঠিত কৰিব। জুনিয়ৰ ৰিচাৰ্চ ফেল’শ্বিপ, সহকাৰী অধ্যাপকৰ যোগ্যতাৰ বাবে আৰু পি.এইচ.ডি.ৰ বাবে দুটা শ্বিফটত অনুষ্ঠিত হ’ব এই পৰীক্ষা। প্ৰথম শ্বিফটত পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ আৰু দ্বিতীয় শ্বিফটত বিয়লি ৩ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ পৰীক্ষা অনুষ্ঠিত হ’ব। চিবিটি মোডত অনুষ্ঠিত হ’ব এই পৰীক্ষা।
যিসকল প্ৰাৰ্থীয়ে এই UGC NET ২০২৪ ডিচেম্বৰ পৰীক্ষাৰ বাবে ইতিমধ্যে পঞ্জীয়ন কৰিছে, তেওঁলোকে তলত দিয়া প্ৰক্ৰিয়া অনুসৰণ কৰি পৰীক্ষাৰ তাৰিখৰ বিষয়ে তথ্য চাব পাৰিব-
UGC NET ৰ অফিচিয়েল ৱেবছাইট ugcnet.nta.ac.in চাওক।
হোম পেজত দিয়া UGC NET 2024 December Exam Date ৰ লিংকত ক্লিক কৰক।
আপোনাৰ পৰ্দাত এটা PDF ওলাব।
এতিয়া বিষয় অনুসৰি পৰীক্ষাৰ তাৰিখ পৰীক্ষা কৰি প্ৰয়োজনৰ বাবে প্ৰিন্ট আউট কৰি ল’ব পাৰে।
নেচনেল টেষ্টিং এজেন্সীয়ে জাৰি কৰা অধিসূচনা অনুসৰি পৰীক্ষাৰ তাৰিখৰ ৮ দিন পূৰ্বে পৰীক্ষা কেন্দ্ৰ চহৰৰ তথ্য মুকলি কৰা হ’ব। পৰীক্ষাৰ বাবে পঞ্জীয়ন কৰা পৰীক্ষাৰ্থীসকলে নিজৰ আবেদন নম্বৰ আৰু জন্ম তাৰিখৰ জৰিয়তে এই তথ্য ডাউনলোড কৰিব পাৰিব। ইয়াৰ পিছত এডমিট কাৰ্ড প্ৰদান কৰা হ’ব। অধিক তথ্যৰ বাবে পৰীক্ষাৰ্থীসকলে অফিচিয়েল ৱেবছাইট ugcnet.nta.ac.in চাব পাৰে।
উল্লেখ্য যে এই UGC NET ২০২৪ ডিচেম্বৰ পৰীক্ষাৰ বাবে ৯ ডিচেম্বৰৰ পৰা পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু ১১ ডিচেম্বৰলৈকে পঞ্জীয়ন প্ৰক্ৰিয়া অব্যাহত আছিল। পৰীক্ষাৰ মাচুল জমা কৰাৰ শেষ তাৰিখ আছিল ১২ ডিচেম্বৰ। তদুপৰি পঞ্জীয়ন কৰা প্ৰাৰ্থীসকলক তেওঁলোকৰ আবেদন প্ৰ-পত্ৰত সংশোধনৰ বাবে ১৩-১৪ ডিচেম্বৰলৈ সময় দিয়া হৈছিল।