Bank job: বেংকত চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ! ক’ত, কেনেকৈ আবেদন কৰিব জানক…
Bank job: বেংকত চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ। কিয়নো ইউনিয়ন বেংক অৱ ইণ্ডিয়াত ওলাইছে চাকৰি। গতিকে যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীসকলে কৰিব পাৰে আবেদন।

বেংকত চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ। কিয়নো কেইবাটাও পদৰ নিযুক্তিৰ বাবে ইউনিয়ন বেংক অৱ ইণ্ডিয়া (Union Bank of India)প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰিছে। এই নিযুক্তি প্ৰক্ৰিয়াৰ যোগেদি দেশৰ বিভিন্ন প্ৰান্তত ২৬৯১ টা পদ ভৰ্তি কৰা হ’ব। আপুনি যদি অসমত চাকৰি বিচাৰি আছে তেন্তে আপুনিও কৰিব পাৰিব আবেদন। গতিকে ইচ্ছ্যুক আৰু যোগ্য প্ৰাৰ্থীসকলে ১২ মাৰ্চ, ২০২৫ ৰ পূৰ্বে এই পদৰ বাবে আবেদন কৰিব পাৰিব।
পদৰ বিষয়ে
- পদৰ সংখ্যাঃ ২৬৯১ টা
- পদৰ নামঃ এপ্ৰেণ্টিছ
- অসমত থকা পদৰ সংখ্যাঃ ১২ টা
- অন্ধ্ৰ প্ৰদেশঃ ৫৪৯ টা
- অৰুণাচল প্ৰদেশঃ ১ টা
- বিহাৰঃ ২০
- ছত্তীশগড়ঃ ১৩টা
- চন্দীগড়ঃ ১১টা
- গোৱাঃ ১৯ টা
- গুজৰাটঃ ১২৫ টা
- হিমাচল প্ৰদেশঃ ২ টা
- জম্মু-কাশ্মীৰঃ ৪ টা
- ঝাৰখণ্ডঃ ১৭ টা
- কৰ্ণাটকঃ ৩০৫ টা
- কেৰালাঃ ১১৮ টা
- মধ্যপ্ৰদেশঃ ৮১টা
- মহাৰাষ্ট্ৰঃ ২৬৯ টা
- দিল্লীঃ ৬৯টা
- ওড়িশাঃ ৫৩ টা।
- পঞ্জাৱঃ ৪৮ টা
- ৰাজস্থানঃ ৪১ টা
- তামিলনাডুঃ ১২২ টা
- তেলেংগনাঃ ৩০৪ টা
- উত্তৰাখণ্ডঃ ৯টা
- উত্তৰ প্ৰদেশঃ ৩৬১টা
- পশ্চিম বংগঃ ৭৮ টা
বয়সঃ ২০ ৰ পৰা ২৮ বছৰ। অৱশ্যে এছ চি, এছ টিসকলে ৫ বছৰ, অবিচি- এমঅবিচি সকলে ৩ বছৰ আৰু দিব্যাংগসকলে ১০ বছৰৰ ৰেহাই লাভ কৰিব।
শিক্ষাগত অৰ্হতাঃ কোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়, শিক্ষা প্ৰতিষ্ঠানৰ পৰা স্নাতক লাভ কৰা।
মাচুল
- সাধাৰণ শ্ৰেণী-অবিচিঃ ৮০০ টকা।
- এছচি, এছটি, মহিলাঃ ৬০০ টকা।
- দিব্যাংগঃ ৪০০ টকা।
কেনেকৈ আবেদন কৰিব
- প্ৰাৰ্থীসকলে https://nats.education.gov.in ত পঞ্জীয়ন কৰিব লাগে।
- লগ ইন কৰাৰ পাছত Union Bank of India” ৰ Apprenticeship Advertisement চাব পাৰিব।
- প্ৰয়োজনীয় সকলো নথি-পত্ৰ দিয়ক।
- সকলো প্ৰয়োজনীয় তথ্য প্ৰদান কৰি মাচুল আদায় দিয়ক।
- নিয়ম অনুসৰি আবেদন পূৰণ কৰি চাবমিট কৰি দিয়ক।
অনলাইন আবেদনঃ ক্লিক কৰক
বিজ্ঞাপনঃ ক্লিক কৰক
অফিচিয়েল ৱেবচাইটঃ ক্লিক কৰক
অন্য খবৰ পঢ়কঃ ভাল খবৰ! পশুপালন বিভাগত ওলাইছে চাকৰি, ক’ত, কেনেকৈ আবেদন কৰিব জানক…