5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

অষ্টম আৰু পঞ্চম শ্ৰেণীৰ শিক্ষাৰ্থী সন্দৰ্ভত শিক্ষা মন্ত্ৰালয়ৰ ডাঙৰ সিদ্ধান্ত…

সোমবাৰে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে গ্ৰহণ কৰিলে এক ডাঙৰ সিদ্ধান্ত । চৰকাৰে বাতিল কৰিলে 'নো ডিটেনচন পলিচি’। পঞ্চম আৰু অষ্টম শ্ৰেণীৰ বাবে আছিল এই পলিচি।গতিকে এতিয়াৰ পৰা পঞ্চম আৰু অষ্টম শ্ৰেণীত ছাত্ৰ-ছাত্ৰীয়ে ফেইল কৰিলে আগৰ শ্ৰেণীলৈ পদোন্নতিৰ সুবিধা নাপাব।

অষ্টম আৰু পঞ্চম শ্ৰেণীৰ শিক্ষাৰ্থী সন্দৰ্ভত শিক্ষা মন্ত্ৰালয়ৰ ডাঙৰ সিদ্ধান্ত…
শিক্ষাৰ্থীImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 23 Dec 2024 17:13 PM

আজি অৰ্থাৎ ২৩ ডিচেম্বৰত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে গ্ৰহণ কৰিছে এক ডাঙৰ সিদ্ধান্ত। মন্ত্ৰালয়ে বাতিল কৰিলে ‘নো ডিটেনচন পলিচি’ (no detention policy ) । অৰ্থাৎ এতিয়াৰ পৰা পঞ্চম আৰু অষ্টৰ শ্ৰেণীৰ পৰীক্ষাত ফেইল কৰা ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়ে উত্তীৰ্ণ কৰাই দিব নোৱাৰিব। ইয়াৰ পূৰ্বে পঞ্চম আৰু অষ্টম শ্ৰেণীৰ পৰীক্ষাত ফেইল কৰা বা অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক আগৰ শ্ৰেণীলৈ উত্তীৰ্ণ কৰাই দিয়াৰ ব্যৱস্থা আছিল। কিন্তু এতিয়াৰ পৰা এনে সুযোগ নাপাব ছাত্ৰ-ছাত্ৰীসকলে।

অৱশ্যে অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলে ২ মাহৰ ভিতৰত পুনৰ পৰীক্ষা দিব পাৰিব। যদি সেই ছাত্ৰ- ছাত্ৰীসকলে দ্বিতীয়বাৰো ফেইল কৰে তেন্তে তেওঁৰ আগৰ শ্ৰেণীলৈ উত্তীৰ্ণ হ’ব নোৱাৰিব। লগতে অষ্টম শ্ৰেণীলৈ অৰ্থাৎ প্ৰাথমিক শিক্ষা সমাপ্ত নোহোৱা পৰ্যন্ত  বিদ্যালয়ে কোনো শিক্ষাৰ্থীক উলিয়াই দিব নোৱাৰিব। অধ্যয়ন ক্ষেত্ৰখনত শিক্ষাৰ মান উন্নত কৰাৰ বাবে শিক্ষা মন্ত্ৰালয়ে পঞ্চম আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ- ছাত্ৰীৰ বাবে নো-ডিটেনচন পলিচি’ বাতিল কৰিছে। ইয়াৰ অধীনত বছৰৰ শেষৰটো পৰীক্ষাত অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক আগৰ শ্ৰেণীলৈ উত্তীৰ্ণ কৰাই দিয়াৰ সুবিধা আছিল।

১৬ ৰাজ্যত নাছিল এই সুবিধা

উল্লেখ কৰা প্ৰয়োজন যে, ২০১৯ চনৰ শিক্ষা অধিকাৰ আইন (আৰ টি আই)ত সংশোধনী হোৱাৰ পাছত ১৬ খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত প্ৰদেশৰ পৰা ইতিমধ্যে পঞ্চম আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ- ছাত্ৰীৰ বাবে ‘নো-ডিটেনচন পলিচি’বাতিলা কৰা হৈছিল। কিন্তু এতিয়া কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে গ্ৰহণ কৰা সিদ্ধান্তৰ পাছত দেশৰ সকলো শিক্ষানুষ্ঠানে এই নিয়ম অনুসৰণ কৰিব লাগিব। যাৰ অধীনত পঞ্চম আৰু অষ্টম  শ্ৰেণীত ছাত্ৰ-ছাত্ৰীয়ে ফেইল কৰিলে আগৰ শ্ৰেণীলৈ পদোন্নতি  লাভ কৰাৰ সুবিধা লাভ নকৰিব।

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে জাৰি কৰা জাননীত উল্লেখ আছে যে, শিশুটি সন্দৰ্ভত এই সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়ত প্ৰয়োজন হ’লে বিদ্যালয় কৰ্তৃপক্ষই অভিভাৱকৰ পৰামৰ্শ গ্ৰহণ কৰিব। মন্ত্ৰালয়ে এয়াও স্পষ্ট কৰি দিছে যে প্ৰাথমিক শিক্ষা সম্পূৰ্ণ নোহোৱালৈকে কোনো শিশুক কোনো বিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰিব নোৱাৰে।

Latest News