5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

UPSC NDA/ NA, CDS 1 ত চাকৰিঃ কেতিয়া হ’ব পৰীক্ষা, কোনে কৰিব পাৰিব আবেদন, জানক

(UPSC) ইউ পি এছ চিৰ এন ডি এ (NDA), এন এ (NA) আৰু চি ডি এছ ১ (CDS 1) ত ওলাইছে চাকৰি। যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীয়ে নিৰ্ধাৰিত সময়ৰ ভিতৰত আবেদন কৰিব পাৰিব। আনকি প্ৰাৰ্থীসকলে ১ জানুৱাৰীৰ পৰা ৭ জানুৱাৰীলৈ নিজৰ আবেদন প্ৰ-পত্ৰত সংশোধন কৰিব পাৰিব।

UPSC NDA/ NA, CDS 1 ত চাকৰিঃ কেতিয়া হ’ব পৰীক্ষা, কোনে কৰিব পাৰিব আবেদন, জানক
barasha-sarma
Barasha Sarma | Published: 12 Dec 2024 14:46 PM

কেন্দ্ৰীয় লোকসেৱা আয়োগে প্ৰকাশ কৰিছে (UPSC) ইউ পি এছ চি এন ডি এ (NDA), এন এ (NA) আৰু চি ডি এছ ১ (CDS 1) পৰীক্ষা ২০২৫ৰ অধিসূচনা। ইয়াৰ সমান্তৰালকৈ আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। এই চাকৰিৰ বাবে আবেদন কৰিব বিচৰা যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীসকলে UPSC ৰ অফিচিয়েল ৱেবচাইট upsc.gov.in গৈ অনলাইন আবেদন কৰিব পাৰিব। এই আবেদনৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰিছে ৩১ ডিচেম্বৰ, ২০২৪। পঞ্জীয়ন প্ৰক্ৰিয়া ১১ ডিচেম্বৰৰ পৰা চলি আছে। বিভিন্ন বিভাগৰ নিযুক্তিৰ বাবে পৰীক্ষা কেতিয়া অনুষ্ঠিত হ’ব তলত উল্লেখ কৰা হ’ল-

উল্লেখ কৰা প্ৰয়োজন যে, আবেদন কৰাৰ পিছত পঞ্জীয়নভুক্ত প্ৰাৰ্থীসকলে ১ জানুৱাৰীৰ পৰা ৭ জানুৱাৰীলৈ নিজৰ আবেদন প্ৰ-পত্ৰত সংশোধন কৰিব পাৰিব। ইয়াৰ পূৰ্বে প্ৰাৰ্থীসকলে এবাৰৰ পঞ্জীয়ন সম্পূৰ্ণ কৰিব লাগিব। অটিআৰৰ অবিহনে কোনো প্ৰাৰ্থীয়ে আবেদন কৰিব নোৱাৰিব।

UPSC NDA/NA, CDS 1 Post: কিমান পদ আছে

UPSC চি ডি এছ ১ পৰীক্ষা ৪৫৭ টা পদৰ বাবে অনুষ্ঠিত হ’ব। এন ডি এ/এন এ ১ পৰীক্ষা মুঠ ৪০৬ টা পদৰ বাবে অনুষ্ঠিত হ’ব। ইয়াৰ ভিতৰত সেনা, নৌ সেনা আৰু বায়ু সেনা অন্তৰ্ভুক্ত আছে।  অৰ্থাৎ প্ৰায় ৯০০ তকৈ অধিক পদৰ বাবে এই নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ’ব। ইয়াৰ বিষয়ে অধিক জানিবলৈ  UPSC ৰ অফিচিয়েল চাইটত চাব পাৰে।

আবেদনৰ মাচুল কিমান

ইউ পি এছ চিয়ে জাৰি কৰা তথ্য অনুসৰি চিডিএছ ১ পৰীক্ষাৰ বাবে সাধাৰণ পৰীক্ষাৰ্থীয়ে আবেদন কৰিবৰ বাবে ২০০ টকা মাচুল দিব লাগিব। আনহাতে এন ডি এ/এন এ ১ পৰীক্ষাৰ আবেদনৰ বাবে সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীয়ে ১০০ টকা মাচুল জমা কৰিব লাগিব। আনহাতে দুয়োটা পৰীক্ষাৰ বাবে মহিলা/অনুসূচিত জাতি/জনজাতি শ্ৰেণীৰ আবেদনকাৰীয়ে কোনো মাচুল আদায় দিব নালাগে।

যোগ্যতা

NDA/NA 1 পৰীক্ষাত আৰ্মি উইঙৰ বাবে প্ৰাৰ্থীয়ে দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হোৱা অনিবাৰ্য। ইয়াৰ লগতে নৌ সেনা আৰু বায়ু সেনাৰ প্ৰাৰ্থীয়ে বিজ্ঞান শাখাত দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হ’ব লাগিব। এই  চাকৰিৰ বাবে লাগিব পৰা অন্য যোগ্যতা সন্দৰ্ভত জানিবৰ বাবে UPSC ৰ অফিচিয়েল চাইট চাব পাৰে।

কেনেকৈ কৰিব আবেদন

  • প্ৰথমে আপুনি UPSC ৰ অফিচিয়েল ৱেবচাইট upsc.gov.in ত যাওক।
  • হোম পেজত ৱান টাইম ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰক
  • আবেদনৰ লিংকত ক্লিক কৰক
  • লাগতিয়াল তথ্য আপলোড কৰাৰ লগতে মাচুল জমা কৰক
  • শেষত আবেদনখন এবাৰ পৰীক্ষা কৰি চাবমিট কৰি দিয়ক।

UPSC NDA, NA 1 2025 Notification  

UPSC CDS 1 2025 Notification

কেনেকৈ প্ৰাৰ্থী নিৰ্বাচন হ’ব

এই চাকৰি লাভৰ বাবে পৰীক্ষাৰ্থীয়ে লিখিত পৰীক্ষা, শাৰীৰিক পৰীক্ষা দিব লাগিব। ইয়াৰোপৰি প্ৰাৰ্থীৰ নথি পত্ৰ পৰীক্ষা, চিকিৎসা পৰীক্ষাৰ জৰিয়তে প্ৰাৰ্থী নিৰ্বাচন কৰা হ’ব।আয়োগে জাৰি কৰা সূচী অনুসৰি ২০২৫ চনৰ ১৩ এপ্ৰিলত এই পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব।

 

অন্য খবৰ পঢ়কঃ বিচাৰি আছে নেকি চাকৰি? কেইবাটা বিভাগত হৈ আছে নিযুক্তি, আবেদনৰ সময়সীমা ডিচেম্বৰ…

Latest News