ক’ভিদৰ দৰেই মহামাৰীৰ ৰূপ ল’ব নেকি Monkeypox- এ? আফ্ৰিকাত আগ্ৰাসী হৈ উঠা কি এই Monkeypox, চাওক সবিশেষ... | What is monkey pox? Can Mpox be worse than covid? Has WHO declared it as a pandemic? Details in Assamese Assam news - Assam Tv9

ক’ভিদৰ দৰেই মহামাৰীৰ ৰূপ ল’ব নেকি Monkeypox- এ? আফ্ৰিকাত আগ্ৰাসী হৈ উঠা কি এই Monkeypox, চাওক সবিশেষ…

Published: 

19 Aug 2024 19:03 PM

Monkeypox ৰোগে ইতিমধ্যে আফ্ৰিকাত ভয়াৱহ ৰূপ ধাৰণ কৰিছে। আফ্ৰিকাৰ পিছত এতিয়া মধ্যপ্ৰাচ্যৰ লগতে বিশ্বৰ আন আন দেশলৈও বিয়পি পৰিছে এই ৰোগ। ইয়াৰ পিছতেই এই ৰোগে ক’ভিদৰ দৰেই মহামাৰীৰ ৰূপ ল’ব নেকি, এই প্ৰশ্নৰ অৱতাৰণা হৈছে।

ক’ভিদৰ দৰেই মহামাৰীৰ ৰূপ ল’ব নেকি Monkeypox- এ? আফ্ৰিকাত আগ্ৰাসী হৈ উঠা কি এই Monkeypox, চাওক সবিশেষ...

ক’ভিদৰ দৰেই ভয়াৱহ হৈ উঠিব নেকি Monkeypox!

Follow Us On

বিশ্ববাসীয়ে এতিয়াও পাহৰা নাই সংহাৰী ক’ভিদ মহামাৰীৰ ভয়াৱহতাৰ দৃশ্য। এই মহামাৰীৰ  কবলত পৰি সমগ্ৰ বিশ্বই প্ৰায় দুটা বছৰ ধৰি সন্মুখীন হৈছিল এক অনাকাংক্ষিত পৰিস্থিতিৰ। বিশ্বজুৰি প্ৰাণ হেৰুৱাইছিল অলেখ লোকে। স্তব্ধ হৈ পৰিছিল স্বাভাৱিক জনজীৱন। ক’ভিদৰ এই ভয়াৱহ সময়ে মানৱ সমাজক যি এক শিহৰণকাৰী অভিজ্ঞতা দি গ’ল, সেয়া স্বাভাৱিকতেই পুনৰাই নিবিচাৰিব কোনোৱে। পিছে ক’ভিদৰ সময়ৰ এই ভয়াৱহতাই এতিয়া পুনৰাই দহিছে আফ্ৰিকা আৰু মধ্যপ্ৰাচ্যক। এইবাৰ আন এক ভাইৰাছৰ আতংকই বিশ্ববাসীক কৰি তুলিছে উদ্বিগ্ন।

এই আতংকৰ কাৰণ হৈ পৰিছে Monkeypox ভাইৰাছ। ইতিমধ্যে এই ভাইৰাছে আফ্ৰিকাত ধাৰণ কৰিছে ভয়াৱহ ৰূপ। আফ্ৰিকাৰ পিছত এতিয়া মধ্যপ্ৰাচ্যৰ লগতে বিশ্বৰ আন আন দেশলৈও বিয়পি পৰিছে এই ভাইৰাছ। শেহতীয়াকৈ ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ খাইবাৰ পাখতুনখোৱাতো এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত তিনিজন ৰোগীক চিনাক্ত কৰিছে অঞ্চলটোৰ স্বাস্থ্য বিভাগে।

তথ্য অনুসৰি, এইপৰ্যন্ত ১৫৬০০ৰো অধিক ৰোগী Monkeypoxত আক্ৰান্ত হৈছে আৰু ৫৩৭ জনৰ মৃত্যু হৈছে। এনে পৰিস্থিতিত Monkeypoxক লৈ বিশ্বৰ সকলো দেশে গ্ৰহণ কৰিছে সতৰ্কমূলক ব্যৱস্থা। এই ভাইৰাছে বিশ্বজুৰি ভাবুকি কঢ়িয়াই অনাৰ আশংকাত বিশ্ব স্বাস্থ্য সংস্থাই ইতিমধ্যে এই Monkeypoxক গ্লোবেল হেল্থ ইমাৰ্জেন্সী হিচাপে ঘোষণা কৰিছে। তাৰ পিছতে এই ভাইৰাছক লৈ অধিক সতৰ্ক হৈ পৰিছে বিশ্ব।

এই Mpox বা Monkeypox হৈছে মানুহ আৰু অন্যান্য প্ৰাণীৰ ক্ষেত্ৰত হ’ব পৰা এটা সংক্ৰামক ভাইৰাছৰ ৰোগ। লিম্ফ ন’ড গ্ৰন্থি ফুলা, জ্বৰ, ঠাণ্ডা অনুভৱ কৰা, পেশীৰ বিষ, মূৰৰ বিষ, অত্যধিক ভাগৰ ফোহা ওলোৱা আদি হৈছে এই ৰোগৰ লক্ষণ। সাধাৰণতে এই ৰোগত আক্ৰান্ত ব্যক্তিসকলৰ অধিকাংশই চিকিৎসা নকৰাকৈ কেইসপ্তাহমানৰ ভিতৰতে সুস্থ হৈ উঠে। কিন্তু বিশেষকৈ শিশু, গৰ্ভৱতী মহিলা বা ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল লোকসকলৰ ক্ষেত্ৰত এই ৰোগ গুৰুতৰ হ’ব পাৰে।

লক্ষণীয়ভাৱে চিকিৎসা সেৱাত এইপৰ্যন্ত Monkeypox ৰোগৰ কোনো ভেকচিন বা ঔষধ উদ্ভাৱন হোৱা নাই। চিকিৎসকসকলে সাধাৰণতে লক্ষণৰ ভিত্তিতহে ৰোগীৰ চিকিৎসা কৰে। বিশ্ব স্বাস্থ্য সংস্থাই যদিও এই ৰোগক সতৰ্কতামূলক পদক্ষেপ হিচাপে গ্লোবেল হেল্থ ইমাৰ্জেন্সী ৰূপে ঘোষণা কৰিছে, এইপৰ্যন্ত ৰোগবিধক অৱশ্যে মহামাৰী হিচাপে ঘোষণা কৰা নাই।

ক’ভিদৰ তুলনাত এই ৰোগৰ প্ৰভাৱ আৰু ইয়াৰ প্ৰাদুৰ্ভাৱ তুলনামূলকভাৱে কম যদিও ই বিশ্বত কিছু গুৰুতৰ স্বাস্থ্যজনিত উদ্বিগ্নতাৰ সৃষ্টি কৰিব পাৰে। অৱশ্যে এই ৰোগ নিয়ন্ত্ৰণৰ বাবে ক’ভৈদৰ সময়ত গ্ৰহণ কৰাৰ দৰে লকডাউনৰ পদক্ষেপ গ্ৰহণ কৰাৰ সম্ভাৱনা পূৰামাত্ৰাই কম। ইতিপূৰ্বে ২০২২ চনতো বিশ্বত Monkeypox ৰোগে গা কৰি উঠিছিল।

তথ্য অনুসৰি, সেই সময়ত MPOX ভাইৰাছ অৰ্থাৎ Monkeypox ভাইৰাছ বিশ্বৰ ১১৬খন দেশত বিয়পি পৰিছিল আৰু প্ৰায় ১ লাখ লোক এই ৰোগত আক্ৰান্ত হৈছিল। এনে পৰিপ্ৰেক্ষিতত সেই সময়তো বিশ্ব স্বাস্থ্য সংস্থাই Monkeypoxক গ্লোবেল হেল্থ ইমাৰ্জেন্সী ঘোষণা কৰিছিল।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version