গৌৰৱ! DGP পিতৃৰ অৱসৰত পেৰেড কমাণ্ডাৰৰ দায়িত্ব পালন কৰিব কন্যাই…

বৰ্তমানৰ ডিজিপি সুধীৰ ছাক্সেনাৰ অৱসৰৰ লগে লগে ৰাজ্যৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান কোন হব তাক লৈ চিন্তা চৰ্চা চলি আছে। ডি জি পিৰ দৌৰত নাম আছে আই পি এছ অৰবিন্দ কুমাৰ, আই পি এছ কৈলাশ মাকৱানা, আই পি এছ পৱন শ্ৰীবাস্তৱকে ধৰি বহুকেইজনৰ নাম।

গৌৰৱ! DGP পিতৃৰ অৱসৰত পেৰেড কমাণ্ডাৰৰ দায়িত্ব পালন কৰিব কন্যাই...

পিতৃ- কন্যা

Published: 

21 Nov 2024 12:55 PM

অহা ৩০ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব মধ্য প্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধান (DGP) সুধীৰ কুমাৰ ছাক্সেনাই। তেওঁৰ অৱসৰৰ দিনাৰ কাৰ্যসূচীত পেৰেড কমাণ্ডাৰৰ দায়িত্ব পালন কৰিব কন্যা সোণাক্ষী ছাক্সেনাই। বৰ্তমান সময়ত সোণাক্ষীয়ে ভোপালৰ ডিচিপি ইন্টেলিজেন্স (চোৰাংচোৱা) ৰ পদত কাম কৰি আছে। এই অৱসাৰৰ বিদায় পেৰেড কাৰ্যসূচী আয়োজন কৰা হৈছে মতিলাল নেহৰু ষ্টেডিয়ামত। পিতৃৰ নীতি আদৰ্শৰ পিছ লৈ সোণাক্ষী এতিয়া এগৰাকী সফল আৰক্ষী বিষয়া। সোণাক্ষীৰ সফলতাই গৌৰৱান্বিত কৰিছে পিতৃ তথা আত্মীয়ক।

ডিজিপি সুধিৰ ছাক্সেনা মূলতঃ মধ্যপ্ৰদেশৰ গ্ৱালিয়ৰৰ। ১৯৮৭ চনত সাংসদ কেডাৰৰ আই পি এছ বিষয়া। প্ৰায় ৩২ বছৰীয়া সেৱাৰ অন্তত ২০২৪ চনৰ ৩০ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব। আৰক্ষী সঞ্চালক প্ৰধান সুধীৰ ছাক্সেনা কেন্দ্ৰীয় প্ৰতিনিধিৰ ক্ষেত্ৰত চিআইএছএফৰ সঞ্চালক প্ৰধান হিচাপেও দায়িত্ব পালন কৰিছিল। ইয়াৰ উপৰি তেওঁ চি বি আইতো কাম কৰিছিল। তেওঁ মধ্য প্ৰদেশৰ আৰক্ষী সঞ্চালক হিচাপে ২০২৪ চনৰ মাৰ্চ মাহত শিৱৰাজ চৰকাৰত নিযুক্তি লাভ কৰিছিল।

আই পি এছ সোনাক্ষী ছাক্সেনা কোন?

সোণাক্ষী ছাক্সেনা মধ্য প্ৰদেশ কেডাৰৰ ২০২০ বেটচৰ আই পি এছ বিষয়া। ২০১৯ চনত ইউ পি এছ চি অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ আই পি এছৰ পদ লাভ কৰে।স্বাধীনতা দিৱসৰ সময়ত সোণাক্ষীয়ে পেৰেড কমাণ্ডাৰৰ দায়িত্ব লাভ কৰিছিল। সোণাক্ষীৰ প্ৰথম পোষ্টিং আছিল ইন্দোৰত।

মধ্য প্ৰদেশক নতুন আৰক্ষী সঞ্চালক প্ৰধান কোন হ’ব?

বৰ্তমানৰ ডিজিপি সুধীৰ ছাক্সেনাৰ অৱসৰৰ লগে লগে ৰাজ্যৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান কোন হব তাক লৈ চিন্তা চৰ্চা চলি আছে। ডি জি পিৰ দৌৰত নাম আছে আই পি এছ অৰবিন্দ কুমাৰ, আই পি এছ কৈলাশ মাকৱানা, আই পি এছ পৱন শ্ৰীবাস্তৱকে ধৰি বহুকেইজনৰ নাম। অৱশ্যে চৰ্চিত নামসমূহৰ মাজৰ পৰাই মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে শেষৰটো মোহৰ মাৰিব। তাৰ পাছতেই মধ্যপ্ৰদেশে পাব নতুন আৰক্ষী সঞ্চালক প্ৰধান। সংবাদ মাধ্যমৰ খবৰ অনুসৰি চলিত মাহৰ শেষৰ ফালে ৰাজ্য চৰকাৰে নতুন ডিপিজিৰ নাম ঘোষণা কৰিব পাৰে বুলি আশা কৰা হৈছে।

পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস