ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…

আজিৰ দিনটোতে ইংৰাজী সাহিত্যৰ অমৰ সৃষ্টিকৰ্তা উইলিয়াম শ্বেইকছপীয়েৰ বিশ্ববাসীৰ পৰা বিদায় লয়। আজিৰ দিনটোতে দেহাৱসান ঘটে ভাৰতীয় চিনেমাৰ কিংবদন্তি পৰিচালক সত্যজিৎ ৰায়ৰ। ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজিৰ দিনটোত ঘটা কেইটামান পৰিঘটনা...

ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…

ইতিহাসত আজিৰ দিনটো

Published: 

23 Apr 2025 09:30 AM

আজি ১৩ এপ্ৰিলৰ দিনটো বিভিন্ন পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে । আজিৰ দিনটোতে ইংৰাজী সাহিত্যৰ অমৰ সৃষ্টিকৰ্তা উইলিয়াম শ্বেইকছপীয়েৰ বিশ্ববাসীৰ পৰা বিদায় লয়। আজিৰ দিনটোতে দেহাৱসান ঘটে ভাৰতীয় চিনেমাৰ কিংবদন্তি পৰিচালক সত্যজিৎ ৰায়ৰ।

২৩ এপ্ৰিলৰ গুৰুত্ব কেৱল সাহিত্য আৰু চলচিত্ৰতে সীমাবদ্ধ নহয়। ইণ্টাৰনেট আৰু ডিজিটেল মাধ্যমৰ ক্ষেত্ৰতো এই দিনটো এক মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ’ল। ২০০৫ চনৰ আজিৰ দিনটোতে ইউটিউবত প্ৰথম ভিডিঅ’ আপলোড কৰা হয়। যাৰ শ্বুটিং কৰিছিল ইয়াৰ সহ-প্ৰতিষ্ঠাপক জাভেদ কৰিমে । এই ভিডিঅ’ শ্বুটিং ছান ডিয়েগো চিৰিয়াখানাত কৰা হৈছিল। সেই এটা ভিডিঅ’ৰ পৰা আৰম্ভ কৰি আজি ইউটিউব এটা প্লেটফৰ্মত পৰিণত হৈছে ।

আজিৰ দিনটোত ঘটা আন কেইটামান পৰিঘটনা চাওঁ আহক

  1. ১৬১৬ চনৰ আজিৰ দিনটোতে বিখ্যাত নাট্যকাৰ আৰু কবি উইলিয়াম শ্বেইকছপীয়েৰৰ মৃত্যু হয়।
  2. ১৬৬০ চনৰ আজিৰ দিনটোতে ছুইডেন আৰু পোলেণ্ডৰ মাজত অলিভাৰ চুক্তি।
  3. ১৮৫৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম স্বাধীনতা যুদ্ধৰ যোদ্ধা বীৰ কুঁৱৰ সিঙৰ মৃত্যু হয়।
  4. ১৯৮১ চনৰ আজিৰ দিনটোতে ছোভিয়েট ইউনিয়নে ভূগৰ্ভস্থ পাৰমাণৱিক পৰীক্ষা চলায়।
  5. ১৯৮৪ চনৰ আজিৰ দিনটোতে বিজ্ঞানীসকলে প্ৰথম এইচ আই ভি ভাইৰাছ চিনাক্ত কৰে।
  6. ১৯৮৭ চনৰ আজিৰ দিনটোতে উচ্চতম ন্যায়ালয়ে বিধৱাক সম্পত্তিৰ অধিকাৰ প্ৰদান কৰি ঐতিহাসিক ৰায়দান কৰে।
  7. ১৯৯২ চনৰ আজিৰ দিনটোতে চলচ্চিত্ৰ পৰিচালক সত্যজিৎ ৰায়ৰ মৃত্যু।
  8. ১৯৯৫ চনৰ ২৩ এপ্ৰিলত প্ৰথমবাৰৰ বাবে বিশ্ব গ্ৰন্থ দিৱস পালন কৰা হয়।
  9. ২০০৫ চনৰ আজিৰ দিনটোতে প্ৰথমটো ভিডিঅ’ ইউটিউবত আপলোড কৰা হয়।
  10. ২০০৭ চনৰ আজিৰ দিনটোতে ৰাছিয়াৰ প্ৰথম নিৰ্বাচিত ৰাষ্ট্ৰপতি বৰিছ য়েলচিনৰ মৃত্যু হয়।
দাঁতৰ বিষ হয় নেকি? তেন্তে এই ঘৰুৱা উপায়ৰ দ্বাৰা কৰক দূৰ...
আপোনাৰ মুখত বাৰে বাৰে ঘাঁ হয় নেকি? তেন্তে জানক ইয়াৰ কাৰণ...
গৰমৰ দিনত ডায়েৰিয়া বা পেট বেয়া হ'লে কি কৰিব? জানক
দুদিনীয়া কাৰ্যসূচীৰে তৃতীয়টো ভ্ৰমণ, চৌদি আৰৱত প্ৰবাসী ভাৰতীয় সকলে উষ্ম আদৰণি জনালে প্ৰধানমন্ত্ৰী মোদীক...