World Animal Day 2024: আজি বিশ্ব পশু দিৱসঃ চাওঁ আহক এই দিৱসৰ ইতিহাস আৰু গুৰুত্ব | World Animal Day 2024: History, Significance and Theme in Assamese Assam news - Assam Tv9

World Animal Day 2024: আজি বিশ্ব পশু দিৱসঃ চাওঁ আহক এই দিৱসৰ ইতিহাস আৰু গুৰুত্ব

Updated On: 

04 Oct 2024 18:55 PM

আজি বিশ্ব পশু দিৱস। প্ৰতি বছৰে ৪ অক্টোবৰ দিনটোত বিশ্ব পশু দিৱস পালন কৰা হয়। পৰিৱেশৰ ভাৰসাম্য বজাই ৰখাত মানুহ আৰু উদ্ভিদৰ দৰেই জীৱ-জন্তুৰো ভূমিকা থাকে। জীৱ-জন্তুৰ প্ৰতি দৃষ্টি আকৰ্ষিত কৰি পশু কল্যাণ আৰু সংৰক্ষণৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ এই দিৱস পালন কৰি অহা হৈছে।

1 / 5১৯২৫

১৯২৫ চনৰ ২৪ মাৰ্চত জাৰ্মানীৰ বাৰ্লিনত প্ৰখ্যাত পশু সুৰক্ষা কৰ্মী আৰু চাইন’লজিষ্ট হাইনৰিখ জিমাৰমেনৰ উদ্যোগত প্ৰথমবাৰৰ বাবে বিশ্ব পশু দিৱস উদযাপন কৰা হৈছিল। তেওঁৰ প্ৰধান উদ্দেশ্য আছিল পশু কল্যাণৰ বিষয়ে সজাগতা বৃদ্ধি কৰা।

2 / 5

অৱশ্যে পিছত পশু সুৰক্ষা কৰ্মী আছিছিৰ চেইণ্ট ফ্ৰান্সিছৰ স্মাৰক দিৱসৰ লগত সংগতি ৰাখি ৪ অক্টোবৰত এই পশু দিৱস উদযাপন কৰিবলৈ লোৱা হয়।

3 / 5

বিশ্ব পশু দিৱসে পৰিৱেশ তথা আমাৰ জীৱনত জীৱ-জন্তুৰ প্ৰভাৱৰ বিষয়ে সোঁৱৰাই দিয়ে। এই দিৱসৰ জৰিয়তে পশুৰ সুৰক্ষা, কল্যাণ তথা সংৰক্ষণৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

4 / 5

পশুৰ বাবে আশ্ৰয় শিবিৰ স্থাপন, বিভিন্ন সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰি এই দিৱসটি উদযাপন কৰিব পাৰি আৰু ইয়া দ্বাৰা সকলো জীৱৰ প্ৰতি প্ৰেম, মমতা আৰু দায়িত্বৰ বিষয়ত সাধাৰণ লোকসকলক উৎসাহিত কৰি জীৱ-জন্তুৰ অধিকাৰ আৰু মংগলৰ পোষকতা কৰিবলৈ অধিক অনুপ্ৰাণিত কৰি তুলিব পৰা যায়।

5 / 5

বিশ্ব পশু দিৱস ২০২৪ৰ বিষয়বস্তু হৈছে ‘The world is their home too’ অৰ্থাৎ ‘পৃথিৱীখন তেওঁলোকৰ ঘৰ’। এই নিৰ্দিষ্ট বাক্যটিৰ দ্বাৰা জীৱ-জন্তুসমূহো যে পৰিৱেশ তন্ত্ৰৰ অবিচ্ছেদ্য অংগ সেই বিষয়ে মানুহক সোঁৱৰাই দিয়া হৈছে।

ছলমানৰ পৰা মুনাৱাৰলৈ... লৰেন্স বিষ্ণোইৰ শত্ৰুৰ তালিকাত আৰু কোন কোন?
ড্ৰেগন ফলত কি ভিটামিন থাকে? বিশেষজ্ঞৰ পৰা জানক
কাতি মাহত তুলসী পূজা কেনেদৰে কৰিব? নকৰিব এই ভুল!
কোন দিশত ভৰি দি শুব নালাগে? জানক বাস্তু শাস্ত্ৰৰ নিয়ম