Exit polls Result 2024 : জম্মু-কাশ্মীৰ, হাৰিয়ানাৰ এগজিট প’ল প্ৰকাশ : কংগ্ৰেছৰ উত্থান, নিশ্চিহ্ন শাসকীয় দল…
2 State Assembly Election Exit polls Result 2024 : দুই ৰাজ্যৰ বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত আজি কেইবাটাও এগজিট প’ল প্ৰকাশ পায় । প্ৰকাশিত এগজিট প’লত হাৰিয়ানাত কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ কৰা সম্ভাৱনা দেখা গৈছে । ইয়াৰ সমান্তৰালভাৱে জম্মু-কাশ্মীৰত নেচনেল কনফাৰেন্স আৰু কংগ্ৰেছৰ মিত্ৰজোঁটে চৰকাৰ গঠন কৰাৰ পূৰ্ণ সম্ভাৱনা দেখা গৈছে ।
আজি হাৰিয়ানা আৰু জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত কেইবাটাও এগজিট প’ল প্ৰকাশ পায় । প্ৰকাশিত এগজিট প’লত হাৰিয়ানাত কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ কৰা সম্ভাৱনা দেখা গৈছে । ইয়াৰ সমান্তৰালভাৱে জম্মু-কাশ্মীৰত নেচনেল কনফাৰেন্স আৰু কংগ্ৰেছৰ মিত্ৰজোঁটে চৰকাৰ গঠন কৰাৰ পূৰ্ণ সম্ভাৱনা দেখা গৈছে । মনকৰিবলগীয়া যে, নিৰ্বাচনত নেচনেল কনফাৰেন্সে একক সংখ্যাগৰিষ্ঠতা লাভ কৰা ইংগিত প্ৰদান কৰিছে এগজিট প’লে ।
দৈনিক ভাস্কৰে প্ৰকাশ কৰা এগজিট প’ল অনুসৰি, হাৰিয়ানাৰ ৯০ খন বিধানসভা আসনৰ ভিতৰত কংগ্ৰেছে ৪৪-৫৪খন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে ১৫-২৯ খন আসন লাভ কৰিব বুলি ভৱিষ্যতবাণী কৰা হৈছে । ইয়াৰ সমান্তৰালভাৱে দেখা গৈছে ৰিপাব্লিক-মেট্ৰিজৰ সমীক্ষাত কংগ্ৰেছৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱা দেখা গৈছে । ৰিপাব্লিক-মেট্ৰিজৰ সমীক্ষাই বিজেপিক ১৮-২৪ আসন দিয়াৰ বিপৰীতে কংগ্ৰেছে ৫৫-৬২ আসন লাভ কৰাৰ ইংগতি প্ৰদান কৰিছে ।
ৰেড মাইক-দতনশ সংস্থাৰ এগজিট প’ল অনুসৰি, হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে ৫০-৫৫ লাভ কৰাৰ বিপৰীতে বিজেপিক ২০-২৫ আসন দিয়া হৈছে । একেদৰে ধ্ৰুৱ ৰিচাৰ্চৰ এগজিট প’ল অনুসৰি, কংগ্ৰেছয়ে ৫০-৬৪ আৰু বিজেপিয়ে ২২-৩২ আসন লাভ কৰা সম্ভাৱনা আছে । ইফালে, পিপলছ পালছৰ এক্সিট প’লত হাৰিয়ানাত কংগ্ৰেছক ৪৯-৬০ খন আসন আৰু বিজেপিক ২০-৩২ আসন দিয়া হৈছে । উল্লেখ্য যে, বেছিভাগ এগজিট প’লত আইএনএলডিৰ সংখ্যা জেজেপিতকৈ বেছি হোৱাৰ বিপৰীতে আন কিছুমানত ১০খনৰ আসন ভিতৰত সীমাৱদ্ধ থকাৰ ইংগিত দিছে ।
চি-ভোটাৰ-ইণ্ডিয়া টুডেৰ সমীক্ষাই জম্মু-কাশ্মীৰৰ ৯০ খন আসনৰ ভিতৰত নেচনেল কনফাৰেন্স-কংগ্ৰেছৰ মিত্ৰতাই ৪০-৪৮খন আৰু বিজেপিয়ে ২৭-৩২খন আসন লাভ কৰা ইংগিত প্ৰদান কৰিছে । দৈনিক ভাস্কৰে জম্মু-কাশ্মীৰত ৰাষ্ট্ৰীয় সন্মিলন (এন চি)-কংগ্ৰেছৰ মিত্ৰতাক ৩৫-৪০ আৰু বিজেপিক ২০-২৫ খন আসন দিছে । একেদৰে পিপলছ পালছৰ সমীক্ষাত এন চি-কংগ্ৰেছৰ মিত্ৰতাই ৪৬-৫০খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিক ২৩-২৭ আসনৰ আসন প্ৰদান কৰিছে ।
ৰিপাব্লিক-গুলিস্তানৰ সমীক্ষাই এন চি-কংগ্ৰেছক ৩১-৩৬ খন আসন দিয়াৰ বিপৰীতে বিজেপিয়ে ২৮-৩০ খন আসন লাভ কৰা ইংগিত দিছে । বিভিন্ন সমীক্ষাত পিডিপিয়ে ৫ৰ পৰা ১২খন আসন লাভ সম্ভাৱনা দেখা গৈছে । আন কিছুমান সমীক্ষাই ৪-১৬খন আসন লাভ কৰা ইংগতি প্ৰদান কৰিছে । উল্লেখ্য যে, এগজিট প’ল সমীক্ষাৰ অন্তত প্ৰকাশ কৰা এক ধাৰণা হে, ই প্ৰকৃত ফলাফল নহয় । অহা ৮ অক্টোবৰত ঘোষণা কৰা হ’ব দুয়োখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ।