হাৰিয়ানাত কংগ্ৰেছৰ পৰাজয়ৰ পাছতে আপে ল'লে ডাঙৰ সিদ্ধান্ত... | Aam Aadmi Party No Alliance with Congress in Upcoming Delhi Assembly Election : AAP spokesperson Priyanka Kakkar Assam news - Assam Tv9

অতি আত্মবিশ্বাসৰ ফল ! হাৰিয়ানাত কংগ্ৰেছৰ পৰাজয়ৰ পাছতে আপে ল’লে ডাঙৰ সিদ্ধান্ত…

কংগ্ৰেছক অতি আত্মবিশ্বাসী বুলি অভিহিত কৰি আপৰ মুখপাত্ৰ প্ৰিয়ংকা কক্কাৰে কয় যে, আগন্তুক দিল্লী বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টিয়ে অকলে প্ৰতিদ্বন্দ্বিতা কৰিব । তেওঁ কয়, আমি অকলেই অতি আত্মবিশ্বাসী কংগ্ৰেছ আৰু অহংকাৰী বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ সক্ষম।

অতি আত্মবিশ্বাসৰ ফল ! হাৰিয়ানাত কংগ্ৰেছৰ পৰাজয়ৰ পাছতে আপে ললে ডাঙৰ সিদ্ধান্ত...

ৰাহুল গান্ধী আৰু অৰবিন্দ কেজৰিৱাল

Published: 

09 Oct 2024 16:20 PM

হাৰিয়ানাত বিধানসভা নিৰ্বাচনত কংগ্ৰেছে ভাল প্ৰদৰ্শন কৰিব বুলি ধাৰণা কৰা হৈছিল যদিও বাস্তৱত সেয়া দেখা নগ’ল । যোৱা কালি ঘোষণা হোৱা হাৰিয়ানাৰ নিৰ্বাচনৰ ফলাফলত এখন সম্পূৰ্ণ বিপৰীত ছবি দেখা গ’ল । হাৰিয়ানাত বিফল হোৱাৰ পাছতে এতিয়া কংগ্ৰেছৰ মিত্ৰতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আম আদমী পাৰ্টিয়ে । যদিও আপ ইণ্ডিয়া মিত্ৰজোঁটৰ অংশীদাৰ তথাপিও দিল্লী বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰে আপে । এই কথা সদৰী কৰিছে আপৰ এগৰাকী নেতাই ।

কংগ্ৰেছক অতি আত্মবিশ্বাসী বুলি অভিহিত কৰি আপৰ মুখপাত্ৰ প্ৰিয়ংকা কক্কাৰে কয় যে, আগন্তুক দিল্লী বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টিয়ে অকলে প্ৰতিদ্বন্দ্বিতা কৰিব । তেওঁ কয়, “আমি অকলেই অতি আত্মবিশ্বাসী কংগ্ৰেছ আৰু অহংকাৰী বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ সক্ষম।” মনকৰিবলগীয়া যে, হাৰিয়ানাত মিত্ৰতাৰ অংশীদাৰসকলক গুৰুত্বসহকাৰে নোলোৱা আৰু শেষত অতি আত্মবিশ্বাসৰ বাবে পৰাজয়ৰ সন্মুখীন হোৱাৰ বাবে কংগ্ৰেছক দোষাৰোপ কৰে আপে।

কক্কাৰে কয় যে,’বিগত ১০ বছৰ ধৰি দিল্লী বিধানসভাত কংগ্ৰেছৰ আসন শূন্য, তথাপিও আপে লোকসভা নিৰ্বাচনত কংগ্ৰেছক তিনিখন আসন দিছিল; ইয়াৰ পাছতো হাৰিয়ানাত মিত্ৰশক্তিক লগত লৈ যোৱাৰ প্ৰয়োজনীয়তা অনুভৱ কৰা নাছিল কংগ্ৰেছে।’ কক্কাৰে দাবী কৰে যে, কংগ্ৰেছে হাৰিয়ানাত মিত্ৰতা গঢ়ি তোলাৰ বাবে INDIA ব্লকৰ সকলো প্ৰচেষ্টা বিফল কৰি পেলাইছিল আৰু নিজৰ মিত্ৰক তেওঁলোকৰ লগত লৈ যোৱাটো প্ৰয়োজনীয় বুলি অনুভৱ কৰা নাছিল বুলি কয় কক্বাৰে।

উল্লেখ্য যে, আসন ভাগ-বতৰাক লৈ হোৱা মতানৈক্যৰ বাবে আপ আৰু কংগ্ৰেছে হাৰিয়ানাৰ নিৰ্বাচনৰ পূৰ্বে মিত্ৰতা পৰা আঁতৰি আহে । নিৰ্বাচনটোত দেখা যায় যে, হাৰিয়ানাত আপে প্ৰতিদ্বন্দ্বিতা কৰা প্ৰায় সংখ্যক আসন পেলোৱাৰ বিপৰীতে কংগ্ৰেছে সংখ্যাগৰিষ্ঠতাৰ পৰা বহু আঁতৰত থাকি যায় । যাৰ বাবে শাসকীয় বিজেপিয়ে একেৰাহে তৃতীয়বাৰৰ হাৰিয়ানাত চৰকাৰ গঠনৰ পথ মুকলি হয় ।

ইফালে দলটোৰ উন্নয়নমুখী ৰাজনীতিৰ বাবেই জম্মু-কাশ্মীৰত আপে এখন আসন লাভ কৰা বুলি সদৰী কৰে কক্কাৰে । ইয়াৰ লগতে অৰবিন্দ কেজৰিৱালে বৃহস্পতিবাৰে জম্মু-কাশ্মীৰ ভ্ৰমণ কৰিব বুলিও জানিবলৈ দিয়ে আপ মুখপাত্ৰগৰাকীয়ে  ।

কিমানলৈকে পঢ়িছিল মহম্মদ চিৰাজে, DSP হিচাপে কিমান পাব দৰমহা?
মাত্ৰ ২৩ ৰানেৰে গাংগুলী-দ্ৰাবিড়ক অতিক্ৰম কৰি অনন্য কৃতিত্ব ৰোহিত-কোহলীৰ
সুনীল গাভাস্কাৰক অতিক্ৰম কৰি বেংগালুৰুৰ ষ্টেডিয়ামত ৰোহিত শৰ্মাই ৰচিলে ইতিহাস
ছলমানৰ পৰা মুনাৱাৰলৈ... লৰেন্স বিষ্ণোইৰ শত্ৰুৰ তালিকাত আৰু কোন কোন?