Assam By-Election 2024: চামগুৰি সমষ্টিৰ ১৪ জনৰ ভিতৰত ১১ জন প্ৰাৰ্থীৰ মনোনয়ন বৈধ…
চামগুৰি উপ-নিৰ্বাচনৰ ১৪ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ১১ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা কৰা হৈছে । উল্লেখ্য যে, সোমবাৰে সমষ্টিটোৰ দুজন নিৰ্দলীয় প্ৰাৰ্থীৰ নথি-পত্ৰত কিছু সমস্যাৰ বাবে মনোনয়ন পত্ৰ পৰীক্ষা বাতিল কৰিছিল ।
আজি চামগুৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ১৪ গৰাকী প্ৰাৰ্থী মনোনয়ন পত্ৰ পৰীক্ষা কৰিলে নিৰ্বাচন আয়োগে । নিৰ্বাচন আয়োগে এক আনুষ্ঠানিক বিজ্ঞপ্তিযোগে প্ৰকাশ কৰা অনুসৰি, চামগুৰি উপ-নিৰ্বাচনৰ ১৪ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ১১ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা কৰা হৈছে ।
উল্লেখ্য যে, সোমবাৰে সমষ্টিটোৰ দুজন নিৰ্দলীয় প্ৰাৰ্থীৰ নথি-পত্ৰত কিছু সমস্যাৰ বাবে মনোনয়ন পত্ৰ পৰীক্ষা বাতিল কৰিছিল । আজি মঙলবাৰে এই দুজন নিৰ্দলীয় প্ৰাৰ্থীৰ সৈতে সমষ্টিটোৰ মুঠ ১৪ জন প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ পুনৰ পৰীক্ষা কৰে নিৰ্বাচন আয়োগে । আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে, মনোনয়ন পত্ৰ দাখিল কৰা ১৪ জন প্ৰাৰ্থীৰ ভিতৰত ১১ জনৰ মনোনয়ন গ্ৰহণ কৰা হৈছে । তিনিজন প্ৰাৰ্থীৰ মনোনয়ন নাকচ কৰা হৈছে।
যোৱা লোকসভা নিৰ্বাচনত এই সমষ্টি কেইটাৰ বিধায়কসকল সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ বাবে এই সমষ্টি কেইটাত উপ-নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হৈছে । এই সমষ্টি কেইটা হৈছে- ধলাই, চিদলী, বংগাইগাঁও, বেহালী আৰু চামগুৰি বিধানসভা সমষ্টি।
এই পাঁচটা সমষ্টিত ভোটগ্ৰহণ অহা ১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব আৰু ২৩ নৱেম্বৰত ভোট গণনা কৰা হ’ব। মনোনয়ন প্ৰত্যাহাৰৰ শেষ তাৰিখ ৩০ অক্টোবৰ। এই উপ-নিৰ্বাচনৰ বাবে ধলাই সমষ্টিত ৯ জন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল । ইয়াৰ সমান্তৰালভাৱে চিদলী সমষ্টিত ৩ গৰাকী, বঙাইগাঁৱত ৮ গৰাকী, বিহালীত ৪ গৰাকী আৰু চামগুৰি সমষ্টিত ১৪ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল ।
উল্লেখ্য যে, নিৰ্বাচনী বিষয়াই জনোৱা মতে, দুজন নিৰ্দলীয় প্ৰাৰ্থীৰ দুজন প্ৰস্তাৱকৰ স্বাক্ষৰৰ সন্দৰ্ভত অমিল থকাৰ বাবে চামগুৰিত দাখিল কৰা মনোনয়ন পত্ৰৰ পৰীক্ষা সোমবাৰে দিনটোত বন্ধ কৰি দিয়া হৈছিল ।