Assam By-Election 2024: চামগুৰি সমষ্টিৰ ১৪ জনৰ ভিতৰত ১১ জন প্ৰাৰ্থীৰ মনোনয়ন বৈধ…

চামগুৰি উপ-নিৰ্বাচনৰ ১৪ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ১১ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা কৰা হৈছে । উল্লেখ্য যে, সোমবাৰে সমষ্টিটোৰ দুজন নিৰ্দলীয় প্ৰাৰ্থীৰ নথি-পত্ৰত কিছু সমস্যাৰ বাবে মনোনয়ন পত্ৰ পৰীক্ষা বাতিল কৰিছিল ।

Assam By-Election 2024: চামগুৰি সমষ্টিৰ ১৪ জনৰ ভিতৰত ১১ জন প্ৰাৰ্থীৰ মনোনয়ন বৈধ...

প্ৰতীকী ফটো

Updated On: 

29 Oct 2024 19:34 PM

আজি চামগুৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ১৪ গৰাকী প্ৰাৰ্থী মনোনয়ন পত্ৰ পৰীক্ষা কৰিলে নিৰ্বাচন আয়োগে । নিৰ্বাচন আয়োগে এক আনুষ্ঠানিক বিজ্ঞপ্তিযোগে প্ৰকাশ কৰা অনুসৰি, চামগুৰি উপ-নিৰ্বাচনৰ ১৪ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ১১ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা কৰা হৈছে ।

উল্লেখ্য যে, সোমবাৰে সমষ্টিটোৰ দুজন নিৰ্দলীয় প্ৰাৰ্থীৰ নথি-পত্ৰত কিছু সমস্যাৰ বাবে মনোনয়ন পত্ৰ পৰীক্ষা বাতিল কৰিছিল । আজি মঙলবাৰে এই দুজন নিৰ্দলীয় প্ৰাৰ্থীৰ সৈতে সমষ্টিটোৰ মুঠ ১৪ জন প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ পুনৰ পৰীক্ষা কৰে নিৰ্বাচন আয়োগে । আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে, মনোনয়ন পত্ৰ দাখিল কৰা ১৪ জন প্ৰাৰ্থীৰ ভিতৰত ১১ জনৰ মনোনয়ন গ্ৰহণ কৰা হৈছে । তিনিজন প্ৰাৰ্থীৰ মনোনয়ন নাকচ কৰা হৈছে।

যোৱা লোকসভা নিৰ্বাচনত এই সমষ্টি কেইটাৰ বিধায়কসকল সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ বাবে এই সমষ্টি কেইটাত উপ-নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হৈছে । এই সমষ্টি কেইটা হৈছে- ধলাই, চিদলী, বংগাইগাঁও, বেহালী আৰু চামগুৰি বিধানসভা সমষ্টি।

এই পাঁচটা সমষ্টিত ভোটগ্ৰহণ অহা ১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব আৰু ২৩ নৱেম্বৰত ভোট গণনা কৰা হ’ব। মনোনয়ন প্ৰত্যাহাৰৰ শেষ তাৰিখ ৩০ অক্টোবৰ। এই উপ-নিৰ্বাচনৰ বাবে ধলাই সমষ্টিত ৯ জন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল । ইয়াৰ সমান্তৰালভাৱে চিদলী সমষ্টিত ৩ গৰাকী, বঙাইগাঁৱত ৮ গৰাকী, বিহালীত ৪ গৰাকী আৰু চামগুৰি সমষ্টিত ১৪ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল ।

উল্লেখ্য যে, নিৰ্বাচনী বিষয়াই জনোৱা মতে, দুজন নিৰ্দলীয় প্ৰাৰ্থীৰ দুজন প্ৰস্তাৱকৰ স্বাক্ষৰৰ সন্দৰ্ভত অমিল থকাৰ বাবে চামগুৰিত দাখিল কৰা মনোনয়ন পত্ৰৰ পৰীক্ষা সোমবাৰে দিনটোত বন্ধ কৰি দিয়া হৈছিল ।

লগতে পঢ়ক : By-Elections 2024: : চাৰিটা সমষ্টিৰ ২৪ গৰাকী প্ৰাৰ্থী মনোনয়ন বৈধ, আজি পৰীক্ষা কৰা হ’ব চামগুৰিৰ ১৪ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন…

অভিশাপ নে বৰদান? জানক কল গছ জন্মৰ আঁৰৰ কাহিনী...
কমি যায় মূল্য! ভাৰতৰ ১০০ টকা ব্ৰাজিলত কিমান হয় জানেনে ?
পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ