5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Assam By-Election 2024: পাঁচটা সমষ্টিৰ বাবে কিমানজন প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন ?

শুকুৰবাৰে দিনটোত অৰ্থাৎ উপ-নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিনটোত মুঠ ২৪ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে । উল্লেখ্য যে, ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে মুঠ ৩৮ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে ।

Assam By-Election 2024: পাঁচটা সমষ্টিৰ বাবে কিমানজন প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন ?
প্ৰতীকী ফটো
manas-borah
Manas Borah | Updated On: 26 Oct 2024 13:18 PM

অহা ১৩ নৱেম্বৰ তাৰিখে ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব । ইতিমধ্যে যোৱা কালি ২৫ অক্টোবৰ দিনটো পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আছিল । শুকুৰবাৰে দিনটোত অৰ্থাৎ অন্তিম দিনটোত মুঠ ২৪ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে । উল্লেখ্য যে, ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে মুঠ ৩৮ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে ।

মনকৰিবলগীয়া যে,মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনটোত ঢলাই সমষ্টিৰ বাবে ৩ জন প্ৰাৰ্থী, চিদলীৰ সমষ্টিৰ বাবে এজনে বঙাইগাঁৱৰ বাবে ৫জন, চামগুৰিৰ বাবে ১২জন আৰু বেহালীৰ বাবে তিনিগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। ৰাজ্যৰ এই উপ-নিৰ্বাচনটোৰ বাবে এতিয়ালৈকে শক্তিশালী প্ৰাৰ্থী হিচাপে পৰিগণিত হৈছে চামগুৰি সমষ্টিত বিজেপিৰ প্ৰাৰ্থী দীপ্লু ৰঞ্জন শৰ্মা, বংগাইগাঁৱত অগপৰ আঠবাৰৰ বিধায়ক ফণীভূষণ চৌধুৰীৰ পত্নী দীপ্তিময়ী চৌধুৰী, বেহালীত কংগ্ৰেছৰ জয়ন্ত বৰা আৰু চিদলীত বড়ো পিপলছ ফ্ৰণ্টৰ শুদ্ধ কুমাৰ বসুমতাৰী।

উল্লেখ্য যে, ২৮ অক্টোবৰত প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ’ব । ইফালে মনোনয়ন পত্যাহাৰৰ অন্তিম তাৰিখ হৈছে ৩০ অক্টোবৰত।

শাসকীয় বিজেপিয়ে ৰাজ্যৰ পাঁচটা সমষ্টিৰ তিনিটা সমষ্টিত নিজৰ প্ৰাৰ্থী দিছে । বিহালী, চামগুৰি আৰু ঢলাই সমষ্টিত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বিপৰীতে আন দুটা সমষ্টি বঙাইগাঁও আৰু চিদলী সমষ্টি তেওঁলোকৰ মিত্ৰদল ক্ৰমে অগপ আৰু ইউপিপিএলক এৰি দিছে । ইয়াৰ সমান্তৰালভাৱে বিৰোধী কংগ্ৰেছে উপ-নিৰ্বাচন অনুষ্টিত হ’বলগীয়া পাঁচটা বিধানসভা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।

যোৱা লোকসভা নিৰ্বাচনত এই পাঁচটা বিধানসভা সমষ্টিৰ বিধায়কসকল লোকসভালৈ নিৰ্বাচিত হোৱাৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত কৰা প্ৰয়োজনীয়তা আহি পৰে । ধুবুৰী সংসদীয় সমষ্টিৰ পৰা ১০ লাখৰো অধিক ভোটৰ অভিলেখ ব্যৱধানত লোকসভালৈ নিৰ্বাচিত হোৱা কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তঞ্জিল হুছেইনক চামগুৰি বিধান সমষ্টিত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে কংগ্ৰেছে ।

ঢলাই সমষ্টিৰ বিজেপিৰ বিধায়ক তথা প্ৰাক্তন কেবিনেট মন্ত্ৰী পৰিমল শুক্লবৈদ্যই শিলচৰ সংসদীয় সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হোৱাৰ বিপৰীতে শোণিতপুৰ লোকসভাৰ আসনত বেহালীৰ বিজেপিৰ বিধায়ক ৰঞ্জিত দত্তই জয়লাভ কৰে। ফলত দুয়োখন আসনৰ বিধায়ক পদ খালী হৈ পৰে । একেদৰে লোকসভা নিৰ্বাচনত এন ডি এৰ মিত্ৰজোঁটৰ অংশীদাৰ অগপৰ বঙাইগাঁৱৰ বিধায়ক ফণীভূষণ চৌধুৰী বৰপেটা লোকসভা আসনৰ পৰা নিৰ্বাচিত হোৱাৰ বিপৰীতে চিদলীৰ ইউ পি পি এলৰ বিধায়ক জয়ন্ত বসুমতাৰী কোকৰাঝাৰ সংসদীয় সমষ্টিৰ পৰা নিৰ্বাচিত হয়।

গতিকে এই সমষ্টি কেইটাৰ বিধায়ক পদ খালী হৈ থকাৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত হৈছে । ১৩ নৱেম্বৰত ৰাজ্যৰ এই পাঁচখন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু ২৩ নৱেম্বৰত ভোট গণনা কৰা হ’ব।

Latest News