5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Assam By-Election 2024 : আনুষ্ঠানিক ঘোষণা, বঙাইগাঁৱত অগপৰ প্ৰাৰ্থী হ’ব সাংসদৰ পত্নী দিপ্তীময়ী…

বঙাইগাঁও বিধানসভা সমষ্টিৰ বাবেও অগপই প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে । মনকৰিবলগীয়া, দলটোৰ তৃণমূলৰ নেতা কৰ্মীৰ তীব্ৰ বিৰোধীতাৰ পাছতো সাংসদ ফণীভূষণ চৌধুৰীৰ পত্নী দিপ্তীময়ী চৌধুৰীকে আনুষ্ঠানিকভাৱে প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে অসম গণ পৰিষদে ।

Assam By-Election 2024 : আনুষ্ঠানিক ঘোষণা, বঙাইগাঁৱত অগপৰ প্ৰাৰ্থী হ’ব সাংসদৰ পত্নী দিপ্তীময়ী…
বঙাইগাঁও উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিলে অগপই
manas-borah
Manas Borah | Updated On: 21 Oct 2024 17:08 PM

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত বলিছে উপ-নিৰ্বাচনী বতাহ । ১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ । এই পাঁচটা বিধানসভা সমষ্টিৰ প্ৰাৰ্থীত্বক লৈ ৰাজনৈতিক দলসমূহৰ মাজত বিতৰ্ক চলি থকাৰ মাজতে ইতিমধ্যে শাসকীয় বিজেপি আৰু বিৰোধী কংগ্ৰেছে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে । ইফালে বিজেপিয়ে মিত্ৰদলক এৰি দিয়া বঙাইগাঁও বিধানসভা সমষ্টিৰ বাবেও অগপই প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে । মনকৰিবলগীয়া, দলটোৰ তৃণমূলৰ নেতা কৰ্মীৰ তীব্ৰ বিৰোধীতাৰ পাছতো সাংসদ ফণীভূষণ চৌধুৰীৰ পত্নী দিপ্তীময়ী চৌধুৰীকে আনুষ্ঠানিকভাৱে প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে অসম গণ পৰিষদে ।

প্ৰাৰ্থীত্ব কেন্দ্ৰীক সকলো বিতৰ্কক আঁৰত ৰাখি বঙাইগাঁও বিধানসভা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে অগপই সাংসদ ফণীভূষণ চৌধুৰীৰ পত্নী দিপ্তীময়ী চৌধুৰীক প্ৰাৰ্থীত্ব দিছে । এক দলীয় সূত্ৰই সদৰী কৰা মতে, অগপৰ সভাপতি অতুল বৰাই বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে দিপ্তীময়ী চৌধুৰীক টিকট দিয়াৰ প্ৰস্তাৱত অনুমোদন জনাইছে । গতিকে প্ৰাৰ্থীত্ব কেন্দ্ৰীক বিতৰ্কক আওকান কৰি অগপৰ দিপ্তীময়ী চৌধুৰীয়ে বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক পদৰ বাবে উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ।

ইফালে এই সমষ্টিত বিৰোধী কংগ্ৰেছে ব্ৰজেনজিৎ সিংহক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে । গতিকে বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিপ্তীময়ী চৌধুৰীৰ মূল প্ৰতিদ্বন্দ্বী হ’ব কংগ্ৰেছৰ ব্ৰজেনজিৎ সিংহ ।

উল্লেখ্য যে,উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ ভিতৰত শাসকীয় বিজেপিয়ে তিনিটা সমষ্টি নিজৰ হাতত ৰাখি আন দুটা সমষ্টি মিত্ৰ দল অগপ আৰু ইউপিপিএলক এৰি দিছিল । ধলাই, বিহালী আৰু চামগুৰি সমষ্টিৰ বাবে বিজেপিয়ে প্ৰাৰ্থী নাম ঘোষণা কৰিছিল যদিও দলীয় কৰ্মীৰ মাজত প্ৰাৰ্থীত্ব কেন্দ্ৰীক অসন্তুষ্টি সৃষ্টি হোৱাৰ বাবে অগপই বঙাইগাঁৱত প্ৰাৰ্থী নাম ঘোষণা কৰিব পৰা নাছিল ।

কিন্তু প্ৰাৰ্থী হিচাপে চৰ্চাত আছিল সাংসদ ফণীভূষণ চৌধুৰীৰ পত্নী দিপ্তীময়ী চৌধুৰী । মনকৰিবলগীয়া যে, দিপ্তীময়ী চৌধুৰীক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ বিষয়তে যোৱা শনিবাৰে বঙাইগাওঁ অগপৰ সভাপতি, সম্পাদককে ধৰি মুঠ ৩৪ জনে দলৰ পৰা পদত্যাগ কৰে। সূত্ৰ খবৰ অনুসৰি, পদত্যাগী অগপৰ নেতা কৰ্মীসকল দিপ্তিময়ী চৌধুৰীক প্ৰাৰ্থীত্ব দিয়াক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল । যাৰ বাবে তেওঁলোকে এনে সিদ্ধান্ত গ্ৰহণ কৰে ।

Latest News