Assam By-Election: চামগুৰিৰ উপ-নিৰ্বাচনী প্ৰচাৰত শিশুক ব্যৱহাৰ কৰিছে কংগ্ৰেছে ! নিৰ্বাচন আয়োগলৈ পত্ৰ ৰাজ্যিক বিজেপিৰ…

উপ-নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে প্ৰদেশ কংগ্ৰেছৰ বিৰুদ্ধে ডাঙৰ অভিযোগ উত্থাপন কৰিছে ৰাজ্যিক বিজেপিয়ে । সাংসদ ৰকিবুল হুছেইন আৰু তেওঁ পুত্ৰ কংগ্ৰেছৰ প্ৰাৰ্থী তাঞ্জিলৰ বিৰুদ্ধে চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত শিশুক ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে শাসকীয় দল বিজেপিয়ে । ইতিমধ্যে বিজেপিয়ে এই অভিযোগত ভাৰতীয় নিৰ্বাচন আয়োগলৈ পত্ৰও প্ৰেৰণ কৰিছে ।

Assam By-Election: চামগুৰিৰ উপ-নিৰ্বাচনী প্ৰচাৰত শিশুক ব্যৱহাৰ কৰিছে কংগ্ৰেছে ! নিৰ্বাচন আয়োগলৈ পত্ৰ ৰাজ্যিক বিজেপিৰ...

চামগুৰিত কংগ্ৰেছৰ বিৰুদ্ধে ডাঙৰ অভিযোগ বিজেপিৰ

Updated On: 

04 Nov 2024 20:02 PM

ৰাজ্য়ৰ পাঁচ বিধানসভা সমষ্টিত শাসক-বিৰোধীয়ে উপ-নিৰ্বাচনী প্ৰচাৰ অব্য়াহত ৰাখিছে । উপ-নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে প্ৰদেশ কংগ্ৰেছৰ বিৰুদ্ধে ডাঙৰ অভিযোগ উত্থাপন কৰিছে ৰাজ্যিক বিজেপিয়ে । উল্লেখ্য যে, চামগুৰি বিধানসভা উপ-নিৰ্বাচনত কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনে । সাংসদ ৰকিবুল হুছেইন আৰু তেওঁ পুত্ৰ কংগ্ৰেছৰ প্ৰাৰ্থী তাঞ্জিলৰ বিৰুদ্ধে চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত শিশুক ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে শাসকীয় দল বিজেপিয়ে । ইতিমধ্যে বিজেপিয়ে এই অভিযোগত ভাৰতীয় নিৰ্বাচন আয়োগলৈ পত্ৰও প্ৰেৰণ কৰিছে ।

নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰা অভিযোগ পত্ৰত বিজেপিয়ে উল্লেখ কৰিছে যে, প্ৰথমবাৰৰ বাবে নিৰ্বাচনী ভাগ্য পৰীক্ষা কৰা সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত শিশুক ব্যৱহাৰ কৰা হৈছে। অভিযোগ পত্ৰত কোৱা হৈছে যে,”শিশুক ৰাজনৈতিক সমাৱেশত জড়িত কৰি আদৰ্শ আচৰণ বিধিৰ উলংঘা কৰিছে । কাৰণ ই শিশুৰ নিৰ্দোষিতা আৰু নিৰ্বাচনী প্ৰক্ৰিয়াৰ অখণ্ডতাক ক্ষতিগ্ৰস্ত কৰে। ই এক চিন্তাৰ বিষয় আৰু এই কাৰ্যক সহজভাৱে লোৱা উচিত নহয়।”

সূত্ৰ খবৰ অনুসৰি, বিজেপিয়ে অভিযোগ পত্ৰৰ লগতে ভিডিঅ’ প্ৰমাণ নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰিছে । ইয়াৰ লগতে অতি শীঘ্ৰে এই কাৰ্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাজ্যিক বিজেপিয়ে ।

ৰাজ্যৰ পাঁচটা সমষ্টিৰ বিধায়ক সকলক লোকসভালৈ নিৰ্বাচিত হোৱাৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব । উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া সমষ্টি কেইটা হৈছে ধলাই, চিদলী, বঙাইগাঁও, বিহালী আৰু চামগুৰি বিধানসভা সমষ্টি। চামগুৰি বিধানসভা সমষ্টিত বিজেপিয়ে দীপ্লু ৰঞ্জন শৰ্মাক প্ৰাৰ্থিত্ব দিছে । ইয়াৰ বিপৰীতে কংগ্ৰেছে প্ৰাৰ্থীত্ব দিছে সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনক ।

চামগুৰি সমষ্টিৰ বিজেপিৰ প্রার্থীগৰাকীৰ বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক আৰু দলৰ ৰাজ্যিক যুৱ শাখাৰ প্রাক্তন সভাপতি ৷ ইয়াৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী হৈছে  চামগুৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰকিবুল হুছেইনৰ পুত্ৰ । যোৱা লোকসভা নিৰ্বাচনত ১০.১২ লাখৰো অধিক ভোটৰ ব্যৱধানত ধুবুৰী লোকসভাৰ আসনত জয়ী হোৱা কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইন একেৰাহে পাঁচটা কাৰ্যকাল চামগুৰিৰ বিধায়ক আছিল। এইবাৰ চামগুৰি বিধানসভাৰ বাবে পুত্ৰক নিৰ্বাচনী যুঁজত নমাইছে সাংসদ ৰকিবুলে । গতিকে চামগুৰি উপ-নিৰ্বাচনে সমগ্ৰ ৰাজ্যবাসীৰে দৃষ্টি নিবদ্ধ কৰি ৰাখিছে । উল্লেখ্য যে,১৩ নৱেম্বৰত উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ আৰু ২৩ নৱেম্বৰত ভোট গণনা কৰা হ’ব।

Latest Stories
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস
বৃহস্পতিবাৰৰ দিনটোত হালধীৰ দ্বাৰা কৰক এনে বিধান, দূৰ হ’ব ধনৰ অভাৱ
শীতৰ বতৰত ৰবাব টেঙাৰ জুতি ল'লে নে? ইয়াৰ উপকাৰী গুণৰ বিষয়ে জানক
তীৰ্থযাত্ৰাৰ সময়ত নকৰিব এই ভুল কৰে, নাপাব পূণ্যফল!