5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Assam By-Election 2024: বঙাইগাঁৱত প্ৰাৰ্থীত্বক লৈ অসন্তুষ্টি ! অগপ ত্যাগ কৰিলে জিলা সভাপতি-সম্পাদককে ধৰি তৃণমূলৰ নেতা-কৰ্মীয়ে…

প্ৰাৰ্থীত্ব কেন্দ্ৰীক বিতৰ্কই সাংঘাতিক ধৰণে জোকাৰিছে অসম গণ পৰিষদক । দেখা গৈছে যে, বঙাইগাঁও বিধানসভা সমষ্টিত অগপৰ প্ৰাৰ্থীত্বক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে তৃণমূলৰ নেতা-কৰ্মীসকলে ।

Assam By-Election 2024: বঙাইগাঁৱত প্ৰাৰ্থীত্বক লৈ অসন্তুষ্টি ! অগপ ত্যাগ কৰিলে জিলা সভাপতি-সম্পাদককে ধৰি তৃণমূলৰ নেতা-কৰ্মীয়ে…
প্ৰাৰ্থীত্বক লৈ অসন্তুষ্টি অগপৰ তৃণমূলৰ নেতা-কৰ্মীৰ
manas-borah
Manas Borah | Updated On: 19 Oct 2024 18:53 PM

অহা ১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ । ইয়াৰ পূৰ্বে ৰাজনৈতিক দলসমূহত দেখা গৈছে প্ৰাৰ্থীত্ব কেন্দ্ৰীক বিতৰ্ক । এই প্ৰাৰ্থীত্ব কেন্দ্ৰীক বিতৰ্কই সাংঘাতিক ধৰণে জোকাৰিছে অসম গণ পৰিষদক । দেখা গৈছে যে, বঙাইগাঁও বিধানসভা সমষ্টিত অগপৰ প্ৰাৰ্থীত্বক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে তৃণমূলৰ নেতা-কৰ্মীসকলে ।

উল্লেখ্য যে, উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া পাঁচটা বিধানসভা সমষ্টিৰ ভিতৰত শাসকীয় বিজেপিয়ে বঙাইগাঁও সমষ্টিটো প্ৰাৰ্থীত্বৰ বাবে মিত্ৰ দল অগপক এৰি দিছিল । প্ৰকাশিত খবৰ অনুসৰি, এই বিধানসভা সমষ্টিটোৰ উপ-নিৰ্বাচনত সমষ্টিটোৰ প্ৰাক্তন বিধায়ক, সাংসদ ফণীভূষণ চৌধুৰীৰ পত্নীক প্ৰাৰ্থীত্ব দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অগপই ।

কিন্তু সাংসদ ফণীভূষণ চৌধুৰীৰ পত্নী দিপ্তিময়ী চৌধুৰীক প্ৰাৰ্থীত্বৰ বিৰোধীতা কৰি আজি শনিবাৰে বঙাইগাওঁ অগপৰ সভাপতি, সম্পাদককে ধৰি মুঠ ৩৪ জনে দলৰ পৰা পদত্যাগ কৰিছে। সূত্ৰ খবৰ অনুসৰি, পদত্যাগী অগপৰ নেতা কৰ্মীসকল দিপ্তিময়ী চৌধুৰীক প্ৰাৰ্থীত্ব দিয়াক লৈ সন্তুষ্ট নহয় । যাৰ বাবে তেওঁলোকে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে ।

মনকৰিবলগীয়ে, প্ৰাৰ্থীত্বক লৈ অন্তুষ্টি প্ৰকাশ কৰি দল ত্যাগ কৰা বঙাইগাঁও এই নেতা-কৰ্মীসকলৰ ভিতৰত দুজন পঞ্চায়তৰ সভাপতিও আছে । উল্লেখ্য যে, পদত্যাগী নেতা-কৰ্মীসকলৰ ভিতৰত থকা দলটোৰ জিলা সাধাৰণ সম্পাদক শৈলেন্দ্ৰ সৰকাৰ সমষ্টিটোত প্ৰাৰ্থীত্বৰ অন্যতম দাবীদাৰ আছিল ।

বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক আছিল ফণীভূষণ চৌধুৰী । যোৱা লোকসভা নিৰ্বাচনত বৰপেটা লোকসভা সমষ্টিৰ পৰা ফণীভূষণ চৌধুৰী লোকসভাৰ সদস্য হিচাপে নিৰ্বাচিত হোৱাৰ পাছত বঙাইগাঁও বিধানসভা আসনখন খালী হৈ পৰে । যাৰ সমষ্টিটোত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব ।

Latest News