Assam by election: চামগুৰিত পুনৰ উত্তপ্ত পৰিস্থিতি, ৩ কংগ্ৰেছীৰ বিৰুদ্ধে ভোটকেন্দ্ৰ দখলৰ চেষ্টা কৰাৰ অভিযোগ!

ভোটগ্ৰহণৰ দিনটোতো চামগুৰিত সংঘটিত হৈছে কেইবাটাও বিক্ষিপ্ত ঘটনা। এইবাৰ চামগুৰিৰ কোটায়নীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। ৩ কংগ্ৰেছীৰ বিৰুদ্ধে ভোটকেন্দ্ৰ দখলৰ চেষ্টা কৰাৰ অভিযোগ। আৰু সেই কংগ্ৰেছ কৰ্মীক বাধা প্ৰদান কৰা বিজেপি কৰ্মীক মাৰধৰ কৰাৰো অভিযোগ উত্থাপিত হৈছে।

Assam by election: চামগুৰিত পুনৰ উত্তপ্ত পৰিস্থিতি, ৩ কংগ্ৰেছীৰ বিৰুদ্ধে ভোটকেন্দ্ৰ দখলৰ চেষ্টা কৰাৰ অভিযোগ!

অসমৰ ৫টা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন

Updated On: 

13 Nov 2024 18:33 PM

Assam by election 2024: অসমৰ ৫টা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন। বিহালী, চামগুৰি, বঙাইগাঁও, ধলাই, ছিদলীত সমষ্টিত হৈছে ভোটগ্ৰহণ। মুঠ ভোটাৰ ৯ লাখ ১০ হাজাৰ ৬৬৫গৰাকী।  চামগুৰি বিধানসভা সমষ্টিতো আজি অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। ইতিমধ্যে ৮৮ নং চামগুৰি বিধানসভা সমষ্টিত সফলতাৰে সম্পন্ন হৈছে ভোটদান প্ৰক্ৰিয়া।

৩ বজালৈ ৫ সমষ্টিৰ উপ-নির্বাচনত ভোটদানৰ হাৰ

চামগুৰিত  ৬৬:৩৩% ভোটদান

ধলাই: ৬০:০১% ভোটদান সম্পন্ন

বিহালীত ৬৪:৩৪% ভোটদান

বঙাইগাঁৱত ভোটদানৰ হাৰ ৬৬:৯৪%

চিদলীত ভোটদানৰ হাৰ ৬৪:২২%

ইফালে উপ-নিৰ্বাচন ঘোষণাৰ সময়ৰে পৰা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে চামগুৰিত। আজি ভোটগ্ৰহণৰ দিনটোতো চামগুৰিত সংঘটিত হৈছে কেইবাটাও বিক্ষিপ্ত ঘটনা। এইবাৰ চামগুৰিৰ কোটায়নীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। ৩ কংগ্ৰেছীৰ বিৰুদ্ধে ভোটকেন্দ্ৰ দখলৰ চেষ্টা কৰাৰ অভিযোগ। আৰু সেই কংগ্ৰেছ কৰ্মীক বাধা প্ৰদান কৰা বিজেপি কৰ্মীক মাৰধৰ কৰাৰো অভিযোগ উত্থাপিত হৈছে।

খবৰ অনুসৰি, কংগ্ৰেছ কৰ্মীৰ আক্ৰমণত আহত হৈছে জুৱেল নামৰ এজন বিজেপি কৰ্মী। মজিবুৰ, জাকিৰ হুছেইন আৰু ৰাইতুল ইছলাম নামৰ ৩ কংগ্ৰেছী কৰ্মীৰ বিৰুদ্ধে গুণ্ডামিৰ অভিযোগ। বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিককো আক্ৰমণৰ চেষ্টা কংগ্ৰেছ কৰ্মীৰ। ইতিমধ্যে, ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে।

ইয়াৰ মাজতে খলিহামাৰীত বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাক আক্ৰমণৰ চেষ্টা। দুই কংগ্ৰেছ কৰ্মীয়ে দিপ্লুৰঞ্জন শৰ্মাক আক্ৰমণ চেষ্টা কৰাৰ অভিযোগ। হাৰুণ ৰশ্বিদ আৰু মেৰাজুল হকৰ বিৰুদ্ধে এই অভিযোগ। ঘটনা সন্দৰ্ভ মন্তব্য কৰে বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাই। অসমৰ ৰাজনীতিত হিংসাৰ সৃষ্টি কৰা মানুহটোৱে ৰকিবুল হুছেইন বুলি প্ৰতিক্ৰিয়া দিপ্লুৰঞ্জন শৰ্মাৰ।

চামগুৰিৰ শালপাৰাত  ৰকিবুল হুছেইনৰ কনভয়ত আক্ৰমণ কৰে দুৰ্বৃত্তৰ। ৰকিবুলৰ গাড়ীত আক্ৰমণ কৰোঁতে ভাগিল সাংবাদিকৰ বাহন। ৰকিবুল হুছেইনৰ বিৰুদ্ধে শ্ল’গান একাংশৰ।পুৱাও চামগুৰি শ’লমাৰীৰ কংগ্ৰেছ-বিজেপিৰ মাজত হৈছিল সংঘাত। শ’লমাৰী ৮৯ আৰু ৯০ নং ভোটকেন্দ্ৰ দুটাত হৈছিল তীব্ৰ উত্তেজনা। ভোটকেন্দ্ৰত BJP কৰ্মীয়ে উদ্ভণ্ডালি কৰাৰ অভিযোগ উত্থাপন কৰিছিল একাংশই। কংগ্ৰেছ কৰ্মী আৰু আৰক্ষীকো আক্ৰমণ কৰাৰ অভিযোগ কৰিছিল একাংশই।

উল্লেখ্য যে,  আজি অনুষ্ঠিত হৈছে ৰাজ্যৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ।  ৩৪গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৯ লাখ ১০ হাজাৰ ৬৬৫ গৰাকী ভোটাৰে। ৫ সমষ্টিত মুঠ ভোটকেন্দ্ৰ এহাজাৰ ৭৮টা। ৫ সমষ্টিত বিশেষভাৱে সক্ষম ভোটাৰ ৪ হাজাৰ ১৯৭ গৰাকী। ৮০ বছৰৰ উৰ্ধৰ ভোটাৰ ৩ হাজাৰ ৭৮৮ গৰাকী। চামগুৰিত মুঠ ১১জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিলেও বিজেপিৰ দিপ্লুৰঞ্জন শৰ্মা আৰু কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ মাজতে তীব্ৰ যুঁজ হোৱাৰ সম্ভাৱনা। চামগুৰিৰ সমান্তৰালকৈ এইবাৰ চৰ্চা লাভ কৰিছে বিহালীতো ভোট গ্ৰহণৰ বাবে বিশেষ সতৰ্কতা অৱলম্বন সংশ্লীষ্ট কৰ্তৃপক্ষৰ।

 

Latest Stories
Assam by election: আনুষ্ঠানিকভাৱে সামৰণি পৰিল উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ! সন্ধিয়া ৫ বজালৈ ৫ সমষ্টিত ভোটদানৰ হাৰ কিমান?
Assam by election: চামগুৰিত ৰকিবুল হুছেইনৰ কনভয়ত আক্ৰমণ, ভাঙিল সাংবাদিকৰ বাহন!
Assam By-Elections 2024: কাইলৈ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ…কোন সমষ্টিত কিমান সংখ্যক ভোটাৰে কিমান জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ?
Sarbananda Sonowal : কংগ্ৰেছ মানেই ‘সাম্প্ৰদায়িকতা, দুৰ্নীতি আৰু সংঘাত’ : সৰ্বানন্দ সোণোৱাল
ধৃতৰাষ্ট্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা! চামগুৰি কাণ্ডক গৰিহণা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ
Samaguri Violence : যুদ্ধ ক্ষেত্ৰলৈ পৰিণত হৈছে চামগুৰি ! নিৰ্বাচনী প্ৰচাৰৰ সময়ত সংঘটিত গুলীচালনা ঘটনাৰে কোন জড়িত ?
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস
বৃহস্পতিবাৰৰ দিনটোত হালধীৰ দ্বাৰা কৰক এনে বিধান, দূৰ হ’ব ধনৰ অভাৱ
শীতৰ বতৰত ৰবাব টেঙাৰ জুতি ল'লে নে? ইয়াৰ উপকাৰী গুণৰ বিষয়ে জানক
তীৰ্থযাত্ৰাৰ সময়ত নকৰিব এই ভুল কৰে, নাপাব পূণ্যফল!