Assam by election: চামগুৰিত ৰকিবুল হুছেইনৰ কনভয়ত আক্ৰমণ, ভাঙিল সাংবাদিকৰ বাহন!
চামগুৰিৰ শালপাৰাত ৰকিবুল হুছেইনৰ কনভয়ত আক্ৰমণ। ৰকিবুলৰ গাড়ীত আক্ৰমণ কৰোঁতে ভাগিল সাংবাদিকৰ বাহন। ৰকিবুল হুছেইনৰ বিৰুদ্ধে শ্ল'গান একাংশৰ।
আজি ৰাজ্যৰ ৫ সমষ্টিত উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ। ভাগ্য নিৰ্ণয় হ’ব ৩৪ গৰাকী প্ৰাৰ্থীৰ।পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। বিহালী, চামগুৰি, বঙাইগাঁও, ধলাই, ছিদলীত সমষ্টিত হৈছে ভোটগ্ৰহণ। মুঠ ভোটাৰ ৯ লাখ ১০ হাজাৰ ৬৬৫গৰাকী। চামগুৰিৰ ৭০ নং কৰৈগুৰী মজলীয়া বিদ্যালয়ৰ ভোটকেন্দ্ৰত উপস্থিত হৈ ভোটাধিকাৰ সাব্যস্ত কৰিলে সাংসদ ৰকিবুল হুছেইনে। পুত্ৰ তাঞ্জিল হুছেইন আৰু পত্নীসহ ভোটাধিকাৰ সাব্যস্ত কৰিলে সাংসদগৰাকীয়ে।
১১ বজালৈ ৫ সমষ্টিৰ উপ-নির্বাচনত ভোটদানৰ হাৰ
চামগুৰিত ৩১.৬৫% ভোটদান
ধলাইত ২৪.৬৫% ভোটদান সম্পন্ন ১১ বজালৈ
বিহালীত ৩০.৪০% ভোটদান
বঙাইগাঁৱত ভোটদানৰ হাৰ ৩২.৯০%
চিদলীত ভোটদানৰ হাৰ ৩২.২০%
ইয়াৰ মাজতে চামগুৰি সমষ্টিক লৈ অব্যহত আছে উত্তেজনা। ভোটগ্ৰহণৰ দিনটোতে ঠায়ে ঠায়ে সংঘটিত হৈছে বিক্ষিপ্ত ঘটনা। ভোটগ্ৰহণৰ আৰম্ভণিতে চামগুৰিৰ শ’লমাৰীত উত্তপ্ত পৰিস্থিতি৷ ভোটকেন্দ্ৰত সোমাই একাংশ বিজেপি কৰ্মীয়ে উদ্ভণ্ডালি কৰাৰ অভিযোগ৷ চামগুৰিৰ শালপাৰাত ৰকিবুল হুছেইনক পহুখেদা। ৰকিবুল হুছেইনৰ কনভয়ত আক্ৰমণ দুৰ্বৃত্তৰ। ৰকিবুলৰ গাড়ীত আক্ৰমণ কৰোঁতে ভাগিল সাংবাদিকৰ বাহন। ৰকিবুল হুছেইনৰ বিৰুদ্ধে শ্ল’গান একাংশৰ।
পুৱাও চামগুৰি শ’লমাৰীৰ কংগ্ৰেছ-বিজেপিৰ মাজত হৈছিল সংঘাত। শ’লমাৰী ৮৯ আৰু ৯০ নং ভোটকেন্দ্ৰ দুটাত হৈছিল তীব্ৰ উত্তেজনা। ভোটকেন্দ্ৰত BJP কৰ্মীয়ে উদ্ভণ্ডালি কৰাৰ অভিযোগ উত্থাপন কৰিছিল একাংশই। কংগ্ৰেছ কৰ্মী আৰু আৰক্ষীকো আক্ৰমণ কৰাৰ অভিযোগ কৰিছিল একাংশই।উল্লেখ্য যে মঙলবাৰে নিশা ৰকিবুল হুছেইনৰ নগাঁওস্থিত বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ কৰাৰ অভিযোগ। এই সন্দৰ্ভত নগাঁও সদৰ আৰক্ষী নিৱেশত আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত দাখিল কৰে এজাহাৰ ৷ সাংসদগৰাকীয়ে এই সমগ্ৰ ঘটনাৰ চি চি টিভিৰ ফুটেজ প্ৰদান কৰিছে আৰক্ষীক।
আনফালে চামগুৰিৰ বাজিয়াগাঁওস্থিত ৫৩নং ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিবলৈ আহি আহত এগৰাকী গৰ্ভৱতী মহিলা। আহত মহিলা গৰাকীক চামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা সংকটজনক অৱস্থাত নগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে। ভোটদানৰ বাবে শাৰী পাতি থকাৰ অৱস্থাত হেচাঁ-ঠেলাত গুৰুতৰভাৱে আহত হয় মহিলাগৰাকী।
ইফালে বঙাইগাঁৱৰ এটা ভোটকেন্দ্রত ভোটদানত বিলম্ব। ধালিগাঁও এল পি স্কুলৰ ভোটকেন্দ্ৰত EVM বিকল ১৯০ নং কেন্দ্রটোত ডেৰ ঘণ্টা ধৰি বন্ধ হৈ আছে ভোটদান প্রক্রিয়া।
উল্লেখ্য যে, চামগুৰিত মুঠ ১১জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিলেও বিজেপিৰ দিপ্লুৰঞ্জন শৰ্মা আৰু কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ মাজতে তীব্ৰ যুঁজ হোৱাৰ সম্ভাৱনা। চামগুৰিৰ সমান্তৰালকৈ এইবাৰ চৰ্চা লাভ কৰিছে বিহালীতো ভোট গ্ৰহণৰ বাবে বিশেষ সতৰ্কতা অৱলম্বন সংশ্লীষ্ট কৰ্তৃপক্ষৰ।