এয়া কংগ্ৰেছৰ ঐতিহাসিক বিশ্বাসঘাতকতা: বিহালীত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰক্ষেপক লৈ সৰৱ অখিল গগৈ | assam by election opposition party clash Akhil Gogoi on congress bhupen borah Gaurav Gogoi Assam news - Assam Tv9

এয়া কংগ্ৰেছৰ ঐতিহাসিক বিশ্বাসঘাতকতা: বিহালীত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰক্ষেপক লৈ সৰৱ অখিল গগৈ

বুধবাৰে নিশা বিহালী সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে জয়ন্ত বৰাৰ নাম ঘোষণা কৰিলে AICCয়ে । ইয়াৰ পাছতে যেন অৱসান ঘটিল বিৰোধী ঐক্যৰ উমৈহতীয়া মঞ্চ অসম সন্মিলিত মৰ্চাৰ। কংগ্ৰেছৰ এই সিন্ধান্তক লৈ সৰৱ হৈ পৰিছে লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ। ইয়াৰ মাজতে টিকট লৈ তেজপুৰত গৌৰৱ গগৈৰ উপস্থিতিত আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিলে বিহালীৰ কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাই।

এয়া কংগ্ৰেছৰ ঐতিহাসিক বিশ্বাসঘাতকতা: বিহালীত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰক্ষেপক লৈ সৰৱ অখিল গগৈ

বিহালীত কংগ্ৰেছৰ সিদ্ধান্তক লৈ সৰৱ অখিল গগৈ

Updated On: 

24 Oct 2024 13:56 PM

সকলো জল্পনা, কল্পনাৰ অন্ত পেলাই বুধবাৰে নিশা বিহালী সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে জয়ন্ত বৰাৰ নাম ঘোষণা কৰিলে AICCয়ে । ইয়াৰ পাছতে যেন অৱসান ঘটিল বিৰোধী ঐক্যৰ উমৈহতীয়া মঞ্চ অসম সন্মিলিত মৰ্চাৰ। কংগ্ৰেছৰ এই সিন্ধান্তক লৈ সৰৱ হৈ পৰিছে লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ। ইয়াৰ মাজতে টিকট লৈ তেজপুৰত গৌৰৱ গগৈৰ উপস্থিতিত আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিলে বিহালীৰ কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাই।

কংগ্ৰেছৰ এই সিন্ধান্তক লৈ অখিল গগৈয়ে কয়, “এয়া কংগ্ৰেছৰ ঐতিহাসিক বিশ্বাসঘাতকতা। কংগ্ৰেছ দলে এনে বিশ্বাসঘাতকতা পূৰ্বেও কৰিছে। এইবাৰো কংগ্ৰেছে অসমৰ মানুহক বিশ্বাসঘাতকতা কৰিছে। তেওঁলোকে ১৬টা ৰাজনৈতিক দলক প্ৰতিশ্ৰুতি দিছিল। জিতেন্দ্ৰ সিঙে প্ৰতিশ্ৰুতি দিছিল যে কংগ্ৰেছক বাদ দি বাকী ১৫টা দলে নিৰ্বাচন কৰা প্ৰাৰ্থীক উপ-নিৰ্বাচনত বিহালীৰ প্ৰাৰ্থিত্ব দিব। এতিয়া কংগ্ৰেছে এনেকুৱা মানুহ আনিছে যিজনে এতিয়ালৈ কংগ্ৰেছত যোগদান কৰা নাই। যিজন মানুহ আজিৰ দিনটোলৈ বিজেপিত আছে। তেওঁ ৪-৫ দিন আগত বিজেপিৰ পৰা পদত্যাগ কৰিছে।”

তেওঁ লগতে কয়, “আজিৰ দিনটোলৈ বিজেপিত থকা মানুহ যিজন আদৰ্শ সাম্প্ৰদায়িক, যাৰ আদৰ্শ ভাৰতক ভাঙি পেলোৱা দলটোৰ লগত আছে, তেওঁক ৰাতিৰ ভিতৰতে মেম্বাৰশ্বীপ দি প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। তেওঁ জিকাৰ পাছত আকৌ বিজেপিলৈ যাব পাৰে। কংগ্ৰেছ দলৰ কোনো আদৰ্শ নাই,নীতি নাই। যিকোনো প্ৰকাৰে তেওঁলোকক কেৱল ক্ষমতা লাগে। এয়া দেশৰ জনগণৰ বাবে বিশ্বাসঘাতকতা। এয়া আদৰ্শৰ প্ৰতি বিশ্বাসঘাতকতা। যাৰ বাবে তেওঁলোকে কোনো নীতি-আদৰ্শ নোহোৱা,পূৰ্বতে পৰাজিত বিজেপি সদস্যক আনি কেৱল জিকিব পৰাৰ সম্ভাৱনা থকা বুলি কৈ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ইয়াত কোনো আদৰ্শ নাই, অসমৰ প্ৰতি ভালপোৱা নাই , মানুহৰ প্ৰতি দায়বদ্ধতা নাই। আছে মাথো ক্ষমতা লোভ। এনেকৈ যদি আকৌ এবাৰ কংগ্ৰেছে ক্ষমতা লাভ কৰে, ২০১১-১৬ চনলৈ কংগ্ৰেছৰ বিৰুদ্ধে সমগ্ৰ অসমৰ মানুহে যে প্ৰতিবাদ কৰিছিল সেই কথাই প্ৰতিপন্ন হ’ব।”

গৌৰৱ গগৈ আৰু ভূপেন বৰা সন্দৰ্ভত সাংবাদিক আগত অখিল গগৈয়ে কয়, “গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ মাজত সংঘাত চলি আছে। ক্ষমতাক লৈ হোৱা প্ৰতিযোগিতাত ভুপেন বৰা উফৰি গৈছে আৰু গৌৰৱ গগৈ প্ৰতিষ্ঠিত হৈছে। ভূপেন বৰাই বিচাৰিছিল ঐক্যবদ্ধভাৱে থাকি ’২৬ত জয়ী হোৱাৰ কথা। গৌৰৱ গগৈয়ে বিচাৰিছে কংগ্ৰেছ দলৰ ক্ষমতা তেওঁৰ হাতলৈ আহিব লাগে আৰু ভূপেন বৰাক ক্ষমতাচ্যুত কৰিব লাগে। গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ সংঘাতৰ পৰিণতিতে এই ঘটনা সংঘটিত হৈছে। গৌৰৱ গগৈয়ে প্ৰমাণ কৰি বিচাৰিছে যে তেওঁৰ মতে দিল্লী চলে। ২৬ত গৌৰৱ গগৈৰ নেতৃত্বত অসমত নিৰ্বাচন হ’ব লাগে। এইটো প্ৰমাণ কৰিবলৈ ভূপেন বৰাক উফৰাই পঠিওৱা হৈছে। ক্ষমতাৰ অহংকাৰতে ঐক্যমঞ্চ ভাঙিছে কংগ্ৰেছে।”

 

ধনতেৰাচৰ নিশা যম দেৱতাৰ নামত কিমান চাকি জ্বলাব লাগে?
E-69: পৃথিৱীৰ শেষৰটো পথ,য'ত ৬ মাহত হয় এটা দিন...
ভাৰতত থকা এই ঠাইসমূহলৈ যাব নোৱাৰে কোনো ভাৰতীয়!
এনেদৰে আলু খালে কেতিয়াও শকত নহয় আপুনি! জানি লওক টিপচ