উপ-নিৰ্বাচনত NDAৰ ক্লীন ছুইপ! অসমবাসীক ধন্যবাদ জনালে মুখ্যমন্ত্ৰীয়ে

Assam by election result: বঙাইগাঁৱত অগপ আৰু ছিদলীত ইউপিপিএলৰ প্ৰাৰ্থীৰ বিজয়ৰ বিপৰীতে বিহালী, ধলাই আৰু চামগুৰিত বিজেপিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে।  ধলাই সমষ্টিত বিজেপিৰ নীহাৰ ৰঞ্জন দাস, বিহালীত বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱাল, বঙাইগাঁও সমষ্টিত  অগপ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰী, চিদলী সমষ্টিত জয়লাভ কৰিছে ইউপিপিএ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম, চামগুৰি সমষ্টিত বিজয় সাব্যস্ত কৰিছে বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাই।

উপ-নিৰ্বাচনত NDAৰ ক্লীন ছুইপ! অসমবাসীক ধন্যবাদ জনালে মুখ্যমন্ত্ৰীয়ে

উপ-নিৰ্বাচন বিজেপি মিত্ৰজোঁটৰ জয়:মুখ্যমন্ত্ৰীয়ে অসমবাসীক জনালে কৃতজ্ঞতা

Updated On: 

23 Nov 2024 17:33 PM

Assam by election result: ৰাজ্যত ৫ আসনৰ বাবে হোৱা বিধানসভা উপ-নিৰ্বাচনত এন ডি এৰ ক্লীন ছুইপ । আটাইকেইটা সমষ্টিতে জয়লাভ কৰিছে মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থীয়ে। বঙাইগাঁৱত অগপ আৰু ছিদলীত ইউপিপিএলৰ প্ৰাৰ্থীৰ বিজয়ৰ বিপৰীতে বিহালী, ধলাই আৰু চামগুৰিত বিজেপিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে।  ধলাই সমষ্টিত বিজেপিৰ নীহাৰ ৰঞ্জন দাস, বিহালীত বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱাল, বঙাইগাঁও সমষ্টিত  অগপ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰী, চিদলী সমষ্টিত জয়লাভ কৰিছে ইউপিপিএ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম, চামগুৰি সমষ্টিত বিজয় সাব্যস্ত কৰিছে বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাই।  অৱশ্যে ধলাই আৰু চামগুৰিৰ ফলাফল এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই।

ইয়াৰ পাছতে অসমৰ উপ-নিৰ্বাচনৰ ফলাফলক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ছ’চিয়েল মিডিয়াযোগে  অসমবাসীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, “অসম বিধান সভাৰ উপ-নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই ৫খনৰ ভিতৰত ৫খনতে বিজয় সাব্যস্ত কৰা কথাটিয়ে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সুশাসন আৰু উন্নয়নৰ নীতিৰ বাস্তৱিক আৰু সাৰ্থক ৰূপটোকে প্ৰতিফলিত কৰিছে।”

চামগুৰিৰ ফলাফল সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়, “বিশেষকৈ প্ৰায় ৬৫% সংখ্যালঘু ভোটাৰ থকা চামগুৰি সমষ্টিৰ ফলাফলৰ সন্দৰ্ভত আলোকপাত কৰি ক’ব বিচাৰিছোঁ, যিখন আসন ২৫ বছৰ ধৰি কংগ্ৰেছে দখল কৰি আছিল সেই কংগ্ৰেছৰাজৰ অৱসান ঘটাই আমাৰ ভাৰতীয় জনতা পাৰ্টিয়ে আজি জয়লাভ কৰিলে। ইয়াৰ দ্বাৰা আমাৰ কল্যাণকামী মনোভাবাপন্ন কাৰ্যপ্ৰণালীৰ প্ৰতি সন্মানীয় জনসাধাৰণৰ সমৰ্থন আৰু বিৰোধীৰ বিভাজনকাৰী ৰাজনীতিক তেখেতসকলে প্ৰত্যাখ্যান কৰা পৰিলক্ষিত হ’ল৷ আপোনালোকৰ অকুণ্ঠ সঁহাৰি তথা সহায়-সহযোগিতাৰ বাবে আমি আপোনালোকক অলেখ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আৰু মই আশ্বাস দিছোঁ যে আমি এখন বিকশিত অসম গঢ়ি তুলিবলৈ আগন্তুক সময়ত একেলগে কাম কৰি যাম।”

মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘এই সুন্দৰ ক্ষণত আমাৰ সকলো কঠোৰ পৰিশ্ৰমী সন্মানীয় কাৰ্যকৰ্তালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। তেখেতসকলে আমাৰ প্ৰতিটো উন্নয়নী ধাৰণা, আমাৰ লক্ষ্য-আঁচনিক প্ৰতিটো বুথলৈ, সৰ্বসাধাৰণ জনতাৰ ওচৰলৈ লৈ যোৱাত অনন্য ভূমিকা গ্ৰহণ কৰিলে৷ এই যাত্ৰা ধাৰাবাহিকভাৱে অক্ষুণ্ণ থাকিব৷ পুনৰবাৰ আটাইলৈ মোৰ শত-সহস্ৰ প্ৰণাম জনাইছোঁ।”

উল্লেখ্য যে, উপ-নিৰ্বাচনত পাঁচটা সমষ্টিত মুঠ ৩৮ গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছিল। ইয়াৰ ভিতৰত চামগুৰিত সৰ্বাধিক ১১গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।আনহাতে বঙাইগাঁও সমষ্টিত ৮ গৰাকী প্ৰাৰ্থী, বিহালীত ৪ গৰাকী প্ৰাৰ্থী, ধলাই সমষ্টিত ৮ গৰাকী প্ৰাৰ্থী আৰু ছিদলীত ৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছিল।

Latest Stories
পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস