5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Assam by election result: নীহাৰ ৰঞ্জন দাসৰ জয়, বিজেপিৰ দখললৈ ধলাই সমষ্টি!

ইতিমধ্যে প্ৰায় ৫টা সমষ্টিৰে ফলাফল পোহৰলৈ আহিছে। ৫টা সমষ্টিতে জয় হৈছে বিজেপিৰ প্ৰাৰ্থী। মূলতঃ বিজেপি-অগপ মিত্ৰজোঁট আৰু বিৰোধী কংগ্ৰেছৰ মাজতে দেখা গ'ল নিৰ্বাচনী যুঁজ। ধলাইত বিজেপিৰ প্ৰাৰ্থী নীহাৰৰঞ্জন দাসৰ জয় লাভ।

Assam by election result: নীহাৰ ৰঞ্জন দাসৰ জয়, বিজেপিৰ দখললৈ ধলাই সমষ্টি!
বিজেপিৰ দখললৈ ধলাই সমষ্টি..
trishna-kalita
Trishna Kalita | Updated On: 23 Nov 2024 17:34 PM

আজি ৰাজ্যত অনুষ্ঠিত হৈছে পাঁচ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগণনা । আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা। ইতিমধ্যে প্ৰায় ৫টা সমষ্টিৰে ফলাফল পোহৰলৈ আহিছে। ৫টা সমষ্টিতে জয় হৈছে বিজেপিৰ প্ৰাৰ্থী। পাঁচ আসনৰ বাবে হোৱা বিধানসভা উপ-নিৰ্বাচনত ক্লীন ছুইপ এন ডি এৰ। মূলতঃ বিজেপি-অগপ মিত্ৰজোঁট আৰু বিৰোধী কংগ্ৰেছৰ মাজতে দেখা গ’ল নিৰ্বাচনী যুঁজ। ধলাইত বিজেপিৰ প্ৰাৰ্থী নীহাৰৰঞ্জন দাসৰ জয় লাভ। ১০ হাজাৰ ভোটৰ ব্যৱধানত জয়ী হয় বিজেপিৰ প্ৰাৰ্থীগৰাকী। অৱশ্যে এতিয়াও আনুষ্ঠানিকভাৱে ফলাফল ঘোষণা কৰা হোৱা নাই।

ধলাই সমষ্টিত বিজেপিৰ নীহাৰ ৰঞ্জন দাসৰ বিপৰীতে কংগ্ৰেছৰ ধ্ৰুৱজ্যোতি পুৰুকায়স্থই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।তেওঁলোকৰ লগতে সমষ্টিটোত মুঠ ৬গৰাকী নিৰ্দলীয় প্ৰাৰ্থী ক্ৰমে অমলেন্দু দাস, ধীৰাজ দাস, পৰিমল দাস, ৰাজু দাস আৰু গৌৰ চন্দ্ৰ দাস, দিলীপ কুমাৰ ধুবীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।

বিহালীত বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱালে কৰিছে জয়লাভ । কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাক ৯,০৫৬টা ভোটত পৰাস্ত কৰে দিগন্ত ঘাটোৱালে। ধলাইত ১০ হাজাৰ ভোটৰ ব্যৱধানত বিজেপি প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসৰ জয়। ইয়াৰ পাছতে বিহালী সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীৰ পৰাজয়ৰ বাবে নৈতিক দায়িত্ব স্বীকাৰ কৰিছে গৌৰৱ গগৈয়ে।

ইফালে, বঙাইগাঁও সমষ্টিত জয়লাভ কৰিছে অগপ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীয়ে। বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ সাংসদ ফণীভূষণ চৌধুৰী পত্নী দীপ্তিময়ী চৌধুৰীৰ। দীপ্তিময়ীৰ হাতত পৰাস্ত কংগ্ৰেছৰ ব্ৰজেনজিৎ সিনহা। অৱশ্যে ফলাফলৰ আনুষ্ঠানিক ঘোষণা এতিয়াও বাকী।

চিদলী সমষ্টিত জয়লাভ কৰিছে ইউপিপিএ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মই। ইউপিপিএলৰ প্ৰাৰ্থীগৰাকীৰ হাতত পৰাস্ত বিপিএফৰ শুদ্ধ কুমাৰ বসুমতাৰী। বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ দখলত ছিদলী সমষ্টি৷ ইউপিপিএলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মই বিপিএফৰ শুদ্ধ কুমাৰ বসুমতাৰীক ৩৬৫৮৯ টা ভোটৰ ব্যৱধানত পৰাজিত কৰিছে। ব্ৰহ্মই ৯৫২৪৯ টা ভোট লাভ কৰাৰ বিপৰীতে বসুমতাৰীয়ে ৫৮৬৬০ টা ভোট লাভ কৰিছে । এই সমষ্টিটোতো আনুষ্ঠানিক ঘোষণা এতিয়াও বাকী আছে।

ইফালে খহি পৰিল কংগ্ৰেছৰ দুৰ্গ। দলটোৰ অভেদ্য দুৰ্গ হিচাপে ইমানদিনে বিবেচিত হৈ অহা চামগুৰি সমষ্টিত অনাকাংক্ষিত পৰাজয়ৰ সন্মুখীন হৈছে কংগ্ৰেছ। প্ৰায় ২৬ হাজাৰ ভোটৰ ব্যৱধানত সমষ্টিটোত বিজয় সাব্যস্ত কৰিছে বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাই।

উল্লেখ্য যে, উপ-নিৰ্বাচনত পাঁচটা সমষ্টিত মুঠ ৩৮ গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছিল। ইয়াৰ ভিতৰত চামগুৰিত সৰ্বাধিক ১১গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।আনহাতে বঙাইগাঁও সমষ্টিত ৮ গৰাকী প্ৰাৰ্থী, বিহালীত ৪ গৰাকী প্ৰাৰ্থী, ধলাই সমষ্টিত ৮ গৰাকী প্ৰাৰ্থী আৰু ছিদলীত ৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছিল।

 

Latest News