Assam By-Election Results 2024: ৰাজ্যত অব্যাহত আছে উপ-নিৰ্বাচনৰ ভোটগণনা! কোন সমষ্টিত কাৰ অগ্ৰগতি?

Assam By-Election Results : আজি ৰাজ্যৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগণনা৷ আজিৰ এই ভোট গণনাত ফলাফল ওলাব মুঠ ৩৪গৰাকীৰ ভাগ্য৷ এই উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে ৩৪ গৰাকী প্ৰাৰ্থীয়ে। ইয়াৰ মাজৰে পৰা দিছপুৰলৈ জয়ী হৈ যাব মাত্ৰ পাঁচ গৰাকী প্ৰাৰ্থী৷

Assam By-Election Results 2024: ৰাজ্যত অব্যাহত আছে উপ-নিৰ্বাচনৰ ভোটগণনা! কোন সমষ্টিত কাৰ অগ্ৰগতি?

ৰাজ্যত অব্যাহত আছে উপ-নিৰ্বাচনৰ ভোটগণনা!

Updated On: 

23 Nov 2024 12:22 PM

আজি ৰাজ্যৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগণনা৷ আজিৰ এই ভোট গণনাত ফলাফল ওলাব মুঠ ৩৪গৰাকীৰ ভাগ্য৷ এই উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে ৩৪ গৰাকী প্ৰাৰ্থীয়ে। ইয়াৰ মাজৰে পৰা দিছপুৰলৈ জয়ী হৈ যাব মাত্ৰ পাঁচ গৰাকী প্ৰাৰ্থী৷

পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ বাবে ইতিমধ্যে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। অসমৰ ৫ সমষ্টি বিহালী, ছিদলী, চামগুৰি, বঙাইগাঁও আৰু ধলাইত ১৩ নৱেম্বৰত অনুষ্ঠিত হৈছিল বিধানসভাৰ উপ- নিৰ্বাচন। এইবাৰ এই নিৰ্বাচনত মূল যুঁজ দেখিবলৈ পোৱা গৈছে। বিশেষকৈ চামগুৰি আৰু বিহালী সমষ্টিয়ে এইবাৰ নিৰ্বাচনত জনতাৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰিছে।

উপ-নিৰ্বাচনৰ ৫ টা সমষ্টিতেই বিজেপিৰ অগ্ৰগতি। চামগুৰিত দেখা পোৱা গৈছে কংগ্ৰেছ আৰু বিজেপি প্ৰাৰ্থীৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা। ভোটৰ ব্যৱধান হ্ৰাস পালেও এতিয়াও সমষ্টিটোত পিছ পৰি আছে ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল।

কোন সমষ্টিত কাৰ অগ্ৰগতি?

 

  1. ধলাইত সামৰণি পৰিল চতুৰ্থ ৰাউণ্ডৰ ভোটগণনা। চতুৰ্থ ৰাউণ্ডলৈ বিজেপিৰ প্ৰাৰ্থী নিহাৰৰঞ্জন দাস ৮৪৩৩টা ভোটত আগবাঢ়ি আছে
  2. চামগুৰি সমষ্টিত কংগ্ৰেছ আৰু বিজেপিৰ প্ৰাৰ্থীৰ মাজত তীব্ৰ যুঁজ পৰিলক্ষিত হৈছে। তৃতীয় ৰাউণ্ডৰ অন্তত ৯০টা ভোটত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মা।
  3. ছিদলী সমষ্টিত অন্ত পৰিছে পঞ্চম ৰাউণ্ডৰ ভোটগণনা। পঞ্চম ৰাউণ্ডৰ অন্তত মিত্ৰজোঁটৰ প্ৰাৰ্থী ইউপিপিএলৰ নিৰ্মল কুমাৰ ব্ৰক্ষ্ম ৯,২৫৫টা ভোটত আগবাঢ়ি আছে।
  4. বঙাইগাঁৱত নৱম ৰাউণ্ডৰ ভোটগণনা অন্ত পৰিছে। নৱম ৰাউণ্ডলৈ অগপ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰী ১৪,২১০টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে।
  5. বিহালী সমষ্টিত ইতিমধ্যে সপ্তম ৰাউণ্ডৰ ভোটগণনা সামৰণি পৰিছে। এই মুহূৰ্তলৈ বিজেপি প্ৰাৰ্থী দিগন্ত ঘটোৱাল ৫৩৯০টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে।
আচাৰ্য চাণক্যৰ মতে এই ৫ টা স্থানত থকা লোকসকল সদায় হৈ থাকে দুখীয়া!
১ লাখৰো অধিক! ডুবাইত এটা সৰু ফ্লেটৰ ভাড়া জানিলে আচৰিত হ'ব আপুনি...
ধন লাভৰ বাবে এইদৰে ব্যৱহাৰ কৰক নিমখ আৰু লং!
দেশৰ একমাত্ৰ নদী, য'ৰ পৰা মানুহে উপাৰ্জন কৰে কোটি টকা! জানক কেনেকৈ...