Assam By-Election Results 2024: চামগুৰিত খহিল ৰকিবুলৰ দুৰ্গ! বিফলতাৰ আঁৰৰ কাৰণ কি?

Assam by election: আজি ঘোষণা হ'ল ৰাজ্যৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল। ৫খন আসনতেই শেষ হাঁহি মাৰিলে বিজেপি মিত্ৰজোঁটে। বঙাইগাঁৱত অগপ আৰু ছিদলীত ইউপিপিএলৰ প্ৰাৰ্থীৰ বিজয়ৰ বিপৰীতে বিহালী, ধলাই আৰু চামগুৰিত বিজেপিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে উপ-নিৰ্বাচনৰ ফলাফলত ।

Assam By-Election Results 2024: চামগুৰিত খহিল ৰকিবুলৰ দুৰ্গ! বিফলতাৰ আঁৰৰ কাৰণ কি?

চামগুৰিত সহিল ৰকিবুলৰ দুৰ্গ!

Published: 

23 Nov 2024 23:42 PM

Assam By-Election Results 2024: কংগ্ৰেছৰ ওপৰৰ পৰা ভৰষা উঠিছে নেকি ৰাইজৰ? কিয় চামগুৰিৰ ৰাইজে এলাগী কৰিলে ৰকিবুল হুচেইনক। কিয় বিফলতাৰ মুখ দেখিব লগা হ’ল সাংসদগৰাকীয়ে? আজি ঘোষণা হ’ল ৰাজ্যৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল। ৫খন আসনতেই শেষ হাঁহি মাৰিলে বিজেপি মিত্ৰজোঁটে। বঙাইগাঁৱত অগপ আৰু ছিদলীত ইউপিপিএলৰ প্ৰাৰ্থীৰ বিজয়ৰ বিপৰীতে বিহালী, ধলাই আৰু চামগুৰিত বিজেপিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে উপ-নিৰ্বাচনৰ ফলাফলত ।

এই সময়ছোৱাত আটাইতকৈ চৰ্চাত থকা সমষ্টিটো আছিল চামগুৰি। য’ৰ পৰা উপ-নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ৰকিবুল হুচেইনৰ পুত্ৰ তাঞ্জিল হুচেইনে। বিজেপিৰ প্ৰাৰ্থী আছিল দিপ্লু ৰঞ্জন শৰ্মা। ভোটগ কিন্তু বহু প্ৰচেষ্টাৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চামগুৰিত বিধ্বস্ত হ’ল কংগ্ৰেছ দলটো। উপ্ৰথমে নুৰুল হুচেইন আৰু তাৰ পাছত ২০০১ চনৰ পৰা ৰকিবুল হুচেইনে চামগুৰি সমষ্টিত শাসন কৰি আহিছিল যদিও ককাক আৰু পিতৃৰ এই বিজয় ধাৰা অব্যাহত ৰাখিব নোৱাৰিলে পুত্ৰ তাঞ্জিল হুচেইনে। প- নিৰ্বাচনত চামগুৰিত প্ৰায় ২৬,০০০ ভোটত জয় লাভ কৰে বিজেপি প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মাই।

উল্লেখ্য যে, উপ- নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছৰে পৰা বিগত কেইটামান দিনত এই সমষ্টিৰ পৰা বহু নিৰ্বাচনকেন্দ্ৰিক সংঘাতো পোহৰলৈ আহিছিল। আনকি এই সংঘাতত এজন বিজেপি কৰ্মী মৃত্যু হোৱাৰ দৰে ঘটনাও সংঘটিত হৈছে। চামগুৰি সমষ্টি নিজৰ হাতলৈ আনিবলৈ অপ্ৰাণ চেষ্টা চলাইছিল শাসক- বিৰোধিয়ে। কেইবাৰো আক্ৰমণ কৰা হৈছিল ৰকিবুল হুচেইনক। আনকি উপ- নিৰ্বাচন আৰম্ভ হোৱাৰ আগনিশা অৰ্থাৎ মঙলবাৰে সাংসদ ৰকিবুল হুচেইনৰ বাসগৃহত দুৰ্বৃত্তই চলাই আক্ৰমণ। সাংসদগৰাকীয়ে কৰা অভিযোগ অনুসৰি নিশা তেওঁৰ নগাঁওস্থিত বাসগৃহত অস্ত্ৰ শস্ত্ৰধাৰী এটা দলে অশ্লীল গালি গালাজ কৰি আক্ৰমণ কৰে। এই ঘটনাৰ পাছতেই সাংসদগৰাকী নগাঁও সদৰ আৰক্ষী নিৱেশত উপস্থিত হৈ এজাহাৰ দাখিল কৰে।

ভোট গ্ৰহণৰ মাজতো চামগুৰিৰ বিভিন্ন ঠাইত কেইবাটাও বিক্ষিপ্ত ঘটনা সংঘটিত হৈছিল । চামগুৰিৰ শলমাৰীৰ ৫৯, ৮৯ আৰু ৯০ নং ভোট কেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। ৫৯ নং ভোটকেন্দ্ৰত বিজেপি কৰ্মী ৰছিদুলে দুগৰাকী কংগ্ৰেছ কৰ্মীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল । ইয়াৰ মাজতে ৰকিবুল হুছেইনৰ কনভয়ত আক্ৰমণ কৰিছিল দুৰ্বৃত্তই। ৰকিবুলৰ গাড়ীত আক্ৰমণ কৰোঁতে ভাগিল সাংবাদিকৰ বাহন। ৰকিবুল হুছেইনৰ বিৰুদ্ধে শ্ল’গান একাংশৰ।

চামগুৰিৰ ফলাফল সন্দৰ্ভত ছ’চিয়েল মিডিয়াযোগে মুখ্যমন্ত্ৰীয়ে কয়, “বিশেষকৈ প্ৰায় ৬৫% সংখ্যালঘু ভোটাৰ থকা চামগুৰি সমষ্টিৰ ফলাফলৰ সন্দৰ্ভত আলোকপাত কৰি ক’ব বিচাৰিছোঁ, যিখন আসন ২৫ বছৰ ধৰি কংগ্ৰেছে দখল কৰি আছিল সেই কংগ্ৰেছৰাজৰ অৱসান ঘটাই আমাৰ ভাৰতীয় জনতা পাৰ্টিয়ে আজি জয়লাভ কৰিলে। ইয়াৰ দ্বাৰা আমাৰ কল্যাণকামী মনোভাবাপন্ন কাৰ্যপ্ৰণালীৰ প্ৰতি সন্মানীয় জনসাধাৰণৰ সমৰ্থন আৰু বিৰোধীৰ বিভাজনকাৰী ৰাজনীতিক তেখেতসকলে প্ৰত্যাখ্যান কৰা পৰিলক্ষিত হ’ল৷ আপোনালোকৰ অকুণ্ঠ সঁহাৰি তথা সহায়-সহযোগিতাৰ বাবে আমি আপোনালোকক অলেখ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আৰু মই আশ্বাস দিছোঁ যে আমি এখন বিকশিত অসম গঢ়ি তুলিবলৈ আগন্তুক সময়ত একেলগে কাম কৰি যাম।”

ইয়াৰ মাজতে কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ পৰাজয়ৰ পাছত চামগুৰিত ৰিগিঙৰ অভিযোগ উত্থাপন ৰকিবুল হুছেইনৰ। ৫ সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপি প্ৰাৰ্থীৰ জয়লাভৰ পাছত ভূপেন বৰাৰ মন্তব্য ‘পৰাজয়ক নতশিৰে মানি লৈছোঁ’ । উপ-নিৰ্বাচনৰ শোচনীয় পৰাজয়ৰ পাছতেই কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ অখিল গগৈ। তেওঁ কয়,’গৌৰৱ গগৈৰ অহংকাৰৰ কাৰণে ৫ খন আসনতেই BJP জয়ী হ’ল’। বিহালী সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীৰ পৰাজয়ৰ বাবে নৈতিক দায়িত্ব স্বীকাৰ কৰে গৌৰৱ গগৈয়ে। অৱশ্যে পূৰ্বতকৈ সমষ্টিটোত এইবাৰ ভাল প্ৰদৰ্শন কৰা বুলিও কয় সাংসদগৰাকীয়ে।

উপ- নিৰ্বাচনৰ ফলাফলক লৈ মিত্ৰজোটৰ সভাপতি তথা সাংসদ অজিত কুমাৰ ভূঞা আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে এক প্ৰেছ বিজ্ঞপ্তিত কয়, “আজি ভোট গণনা হোৱা অসমৰ বিহালী, চামগুৰি, বঙাইগাঁও, চিদলী আৰু ধলাই বিধান সভা সমষ্টিৰ উপনিৰ্বাচনৰ ফলাফল গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ ৰাজনীতিৰ বাবে শুভলক্ষণ নহয় যদিও ৰাইজৰ মতামতক সন্মান জনোৱাৰ গণতান্ত্ৰিক নিয়ম অনুসৰি আমি পাঁচোগৰাকী বিজয়ী প্ৰাৰ্থীক অভিনন্দন জনাইছোঁ।”

পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস