5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বিতৰ্কৰ অন্ত! বিহালীত কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব জয়ন্ত বৰা

এপিচিচি আৰু অসম সন্মিলিত মৰ্চাক নস্যাৎ কৰি এ আই চি চিয়ে ঘোষণা কৰিলে বিহালীৰ কংগ্ৰেছ প্ৰাৰ্থীৰ নাম। বিহালীৰ কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব জয়ন্ত বৰা। কিছুদিন পূৰ্বে প্ৰাক্তন বিজেপি নেতা জয়ন্ত বৰাই যোগদান কৰিছিল কংগ্ৰেছত। অসমৰ ৫ সমষ্টিৰ বাবে অহা ১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব বিধানসভাৰ উপ- নিৰ্বাচন।

বিতৰ্কৰ অন্ত!  বিহালীত কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব জয়ন্ত বৰা
বিহালীত কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব জয়ন্ত বৰা
trishna-kalita
Trishna Kalita | Updated On: 23 Oct 2024 23:58 PM

বিতৰ্কৰ অৱসান ঘটাই কংগ্ৰেছে প্ৰকাশ কৰিলে বিহালী সমষ্টিৰ প্ৰাৰ্থীৰ নাম। এপিচিচি আৰু অসম সন্মিলিত মৰ্চাক নস্যাৎ কৰি এ আই চি চিয়ে ঘোষণা কৰিলে বিহালীৰ কংগ্ৰেছ প্ৰাৰ্থীৰ নাম। বিহালীৰ কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব জয়ন্ত বৰা। কিছুদিন পূৰ্বে প্ৰাক্তন বিজেপি নেতা জয়ন্ত বৰাই যোগদান কৰিছিল কংগ্ৰেছত। অসমৰ ৫ সমষ্টিৰ বাবে অহা ১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব বিধানসভাৰ উপ- নিৰ্বাচন। এই সমষ্টিকেইটা- বিহালী, ছিদলী, চামগুৰি, বঙাইগাঁও আৰু ধলাই।

 

দেওবাৰে অসমৰ ৪ সমষ্টিৰ বাবে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছিল কংগ্ৰেছে।ঘোষণা কৰা তালিকা অনুসৰি ধলাই সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ধ্ৰুৱজ্যোতি পুৰকায়স্থক, ছিদলীৰ পৰা সঞ্জীৱ বাৰ্লেক, বঙাইগাঁৱৰ পৰা ব্ৰজেনজিৎ সিনহা আৰু চামগুৰিৰ পৰা তানজিল হুচেইনক। কিন্তু বিহালীৰ বাবে প্ৰাৰ্থিত্ব ঘোষণা কৰা নাছিল বিৰোধী দলে। উল্লেখ্য যে যোৱা কেইটামান দিন ধৰি বিহালী সমষ্টিক লৈ বিৰোধিৰ মাজত খোৱা- কামৰা সদৃশ পৰিৱেশৰ সৃষ্টি হৈছিল।

চিপিআই (এম এল)য়ে সমষ্টিটোত তেওঁলোকৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বিচাৰিছিল আৰু মৰ্চাৰ আন দল সমূহেও এই ক্ষেত্ৰতে সন্মতি প্ৰকাশ কৰিছিল। কিন্তু নিজৰ স্থিতিত আঁকোৰ গোজ হৈ থকা কংগ্ৰেছে কোনো পধ্যেই এই সমষ্টি এৰি দিব বিচৰা নাছিল। যাৰ বাবে এখনৰ পাছত আনখন বৈঠক অনুষ্ঠিত কৰিবও অসম সন্মিলিত মৰ্চাই বিহালীৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব পৰা নাছিল। মিত্ৰ দলক বিহালী এৰি দিব খোজা নাছিল কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে। নিজৰ স্থিতিত আঁকোৰগোজ হৈ কংগ্ৰেছে বিচাৰিছিল বিহালীৰ উপ- নিৰ্বাচনৰ প্ৰাৰ্থী হওক সদ্য পদত্যাগী বিজেপি নেতা জয়ন্ত বৰা। আনহাতে মিত্ৰ দল চিপিআই (এম এল)য়ে বিচাৰিছিল বিহালী সমষ্টি। দৰকাৰ হ’লে এই সমষ্টিৰ পৰা অকলে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা কৈছিল চিপিআই (এম এল)য়ে।

ইয়াৰ মাজতে অসম সন্মিলিত মৰ্চাৰ সভাপতি পদ ত্যাগ কৰে ভূপেন বৰাই। ইতিমধ্যে বৰাই এই পদত্যাগ পত্ৰ অসম সন্মিলিত মৰ্চাৰ সম্পাদক লুৰিণ জ্যোতি গগৈলৈ প্ৰেৰণ কৰিছে। এই খবৰৰ পাছতেই এতিয়া ৰাজ্যৰ ৰাজনীতিত জোকাৰণিৰ সৃষ্টি হৈছে আৰু বিৰোধিৰ দুৰ্বল স্থিতি প্ৰদৰ্শন হৈছে। উল্লেখ কৰা প্ৰয়োজন যে, বিহালীৰ প্ৰাৰ্থী সন্দৰ্ভত ভূপেন বৰাই সন্মিলিত মৰ্চাক বিবেচনা অনুৰোধ জনাইছিল। ইয়াৰ বিপৰীতে মৰ্চাই AICC ৰ পৰা অনুমোদন বিচাৰিছিল যে এই সমষ্টিটো কংগ্ৰেছে এৰি দিয়ক। কিন্তু AICC য়ে মানি নল’লে মৰ্চাৰ সিদ্ধান্ত। যাৰ বাবে অসম সন্মিলিত মৰ্চাৰ সভাপতি পদ ত্যাগ কৰিবলৈ বাধ্য হয় ভূপেন বৰাই।

Latest News