বিতৰ্কৰ অন্ত! বিহালীত কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব জয়ন্ত বৰা | assam by elections 2024 congress announces candidates for bihali constituency Assam news - Assam Tv9

বিতৰ্কৰ অন্ত! বিহালীত কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব জয়ন্ত বৰা

এপিচিচি আৰু অসম সন্মিলিত মৰ্চাক নস্যাৎ কৰি এ আই চি চিয়ে ঘোষণা কৰিলে বিহালীৰ কংগ্ৰেছ প্ৰাৰ্থীৰ নাম। বিহালীৰ কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব জয়ন্ত বৰা। কিছুদিন পূৰ্বে প্ৰাক্তন বিজেপি নেতা জয়ন্ত বৰাই যোগদান কৰিছিল কংগ্ৰেছত। অসমৰ ৫ সমষ্টিৰ বাবে অহা ১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব বিধানসভাৰ উপ- নিৰ্বাচন।

বিতৰ্কৰ অন্ত!  বিহালীত কংগ্ৰেছৰ প্ৰাৰ্থী হব জয়ন্ত বৰা

বিহালীত কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব জয়ন্ত বৰা

Updated On: 

23 Oct 2024 23:58 PM

বিতৰ্কৰ অৱসান ঘটাই কংগ্ৰেছে প্ৰকাশ কৰিলে বিহালী সমষ্টিৰ প্ৰাৰ্থীৰ নাম। এপিচিচি আৰু অসম সন্মিলিত মৰ্চাক নস্যাৎ কৰি এ আই চি চিয়ে ঘোষণা কৰিলে বিহালীৰ কংগ্ৰেছ প্ৰাৰ্থীৰ নাম। বিহালীৰ কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব জয়ন্ত বৰা। কিছুদিন পূৰ্বে প্ৰাক্তন বিজেপি নেতা জয়ন্ত বৰাই যোগদান কৰিছিল কংগ্ৰেছত। অসমৰ ৫ সমষ্টিৰ বাবে অহা ১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব বিধানসভাৰ উপ- নিৰ্বাচন। এই সমষ্টিকেইটা- বিহালী, ছিদলী, চামগুৰি, বঙাইগাঁও আৰু ধলাই।

 

দেওবাৰে অসমৰ ৪ সমষ্টিৰ বাবে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছিল কংগ্ৰেছে।ঘোষণা কৰা তালিকা অনুসৰি ধলাই সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ধ্ৰুৱজ্যোতি পুৰকায়স্থক, ছিদলীৰ পৰা সঞ্জীৱ বাৰ্লেক, বঙাইগাঁৱৰ পৰা ব্ৰজেনজিৎ সিনহা আৰু চামগুৰিৰ পৰা তানজিল হুচেইনক। কিন্তু বিহালীৰ বাবে প্ৰাৰ্থিত্ব ঘোষণা কৰা নাছিল বিৰোধী দলে। উল্লেখ্য যে যোৱা কেইটামান দিন ধৰি বিহালী সমষ্টিক লৈ বিৰোধিৰ মাজত খোৱা- কামৰা সদৃশ পৰিৱেশৰ সৃষ্টি হৈছিল।

চিপিআই (এম এল)য়ে সমষ্টিটোত তেওঁলোকৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বিচাৰিছিল আৰু মৰ্চাৰ আন দল সমূহেও এই ক্ষেত্ৰতে সন্মতি প্ৰকাশ কৰিছিল। কিন্তু নিজৰ স্থিতিত আঁকোৰ গোজ হৈ থকা কংগ্ৰেছে কোনো পধ্যেই এই সমষ্টি এৰি দিব বিচৰা নাছিল। যাৰ বাবে এখনৰ পাছত আনখন বৈঠক অনুষ্ঠিত কৰিবও অসম সন্মিলিত মৰ্চাই বিহালীৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব পৰা নাছিল। মিত্ৰ দলক বিহালী এৰি দিব খোজা নাছিল কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে। নিজৰ স্থিতিত আঁকোৰগোজ হৈ কংগ্ৰেছে বিচাৰিছিল বিহালীৰ উপ- নিৰ্বাচনৰ প্ৰাৰ্থী হওক সদ্য পদত্যাগী বিজেপি নেতা জয়ন্ত বৰা। আনহাতে মিত্ৰ দল চিপিআই (এম এল)য়ে বিচাৰিছিল বিহালী সমষ্টি। দৰকাৰ হ’লে এই সমষ্টিৰ পৰা অকলে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা কৈছিল চিপিআই (এম এল)য়ে।

ইয়াৰ মাজতে অসম সন্মিলিত মৰ্চাৰ সভাপতি পদ ত্যাগ কৰে ভূপেন বৰাই। ইতিমধ্যে বৰাই এই পদত্যাগ পত্ৰ অসম সন্মিলিত মৰ্চাৰ সম্পাদক লুৰিণ জ্যোতি গগৈলৈ প্ৰেৰণ কৰিছে। এই খবৰৰ পাছতেই এতিয়া ৰাজ্যৰ ৰাজনীতিত জোকাৰণিৰ সৃষ্টি হৈছে আৰু বিৰোধিৰ দুৰ্বল স্থিতি প্ৰদৰ্শন হৈছে। উল্লেখ কৰা প্ৰয়োজন যে, বিহালীৰ প্ৰাৰ্থী সন্দৰ্ভত ভূপেন বৰাই সন্মিলিত মৰ্চাক বিবেচনা অনুৰোধ জনাইছিল। ইয়াৰ বিপৰীতে মৰ্চাই AICC ৰ পৰা অনুমোদন বিচাৰিছিল যে এই সমষ্টিটো কংগ্ৰেছে এৰি দিয়ক। কিন্তু AICC য়ে মানি নল’লে মৰ্চাৰ সিদ্ধান্ত। যাৰ বাবে অসম সন্মিলিত মৰ্চাৰ সভাপতি পদ ত্যাগ কৰিবলৈ বাধ্য হয় ভূপেন বৰাই।

Latest Stories
Priyanka Gandhi Nomination: প্ৰথমবাৰলৈ প্ৰত্যক্ষ ৰাজনীতিত খোজ পেলালে প্ৰিয়ংকা গান্ধীয়ে! উপ-নিৰ্বাচনৰ বাবে বায়নাডৰ পৰা দাখিল কৰিলে মনোনয়ন পত্ৰ
Assam By-Election 2024 : চিদলী সমষ্টিত নিৰ্মল কুমাৰ ব্ৰহ্মক প্ৰাৰ্থীত্ব দিলে ইউপিপিএলে…
Assam By-Election 2024 : আনুষ্ঠানিক ঘোষণা, বঙাইগাঁৱত অগপৰ প্ৰাৰ্থী হ’ব সাংসদৰ পত্নী দিপ্তীময়ী…
নব্যা হৰিদাস কোন? যাক উপ-নিৰ্বাচনত ৱায়ানাডৰ পৰা প্ৰিয়ংকা গান্ধীৰ বিৰুদ্ধে থিয় কৰাইছে BJPয়ে!
Assam by-elections : ভাগ্য কাৰ ফুলিল ? উপ-নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিলে বিজেপিয়ে…
Assam By-Election 2024: বঙাইগাঁৱত প্ৰাৰ্থীত্বক লৈ অসন্তুষ্টি ! অগপ ত্যাগ কৰিলে জিলা সভাপতি-সম্পাদককে ধৰি তৃণমূলৰ নেতা-কৰ্মীয়ে…
গৰুড় পুৰাণৰ মতে, মৃত্যুৰ পূৰ্বে এজন ব্যক্তিয়ে লাভ কৰে এই ৫টা সংকেত!
ভাত কেৰেলা খাই ভাল পায় নে ? জানক ভাত কেৰেলাৰ উপকাৰিতাৰ বিষয়ে...
LICৰ আকৰ্ষণীয় পলিচি: এবাৰতে পাব ২৪ লাখ টকা
আৰ্থিক সমস্যা দূৰ কৰিবলৈ ঘৰ মোচা পানীত মিহলি কৰক এই সামগ্ৰী...