Assam By-Elections 2024: কাইলৈ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ…কোন সমষ্টিত কিমান সংখ্যক ভোটাৰে কিমান জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ?

বুধবাৰে ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । নিৰ্বাচন আয়োগৰ তথ্য় অনুসৰি, পুৱাৰ ৭ বজাৰ পৰা আৰম্ভ হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া । ইতিমধ্যে ৫ টা সমষ্টিৰ প্ৰতি ভোট কেন্দ্ৰ ভোটগ্ৰহণৰ বাবে সম্পূৰ্ণৰূপে সাজো হৈছে ।

Assam By-Elections 2024: কাইলৈ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ...কোন সমষ্টিত কিমান সংখ্যক ভোটাৰে কিমান জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ?

উপ-নিৰ্বাচন ২০২৪

Updated On: 

12 Nov 2024 17:17 PM

১৩ নৱেম্বৰ বুধবাৰে ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । নিৰ্বাচন আয়োগৰ তথ্য় অনুসৰি, পুৱাৰ ৭ বজাৰ পৰা আৰম্ভ হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া । ইতিমধ্যে ৫ টা সমষ্টিৰ প্ৰতি ভোট কেন্দ্ৰ ভোটগ্ৰহণৰ বাবে সম্পূৰ্ণৰূপে সাজো হৈছে । নিৰাপত্তা ব্যৱস্থাও কটকটীয়া কৰা হৈছে । ইয়াৰ সমান্তৰালভাৱে কাইলৈ ভোটগ্ৰহণ বাবে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত প্ৰিজাইডিং, প’লিং বিষয়াসকলো উপস্থিত হৈছেগৈ । উল্লেখ্য যে, উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টি হৈছে- বিহালী, বঙাইগাঁও, চিদলী, ধলাই আৰু চামগুৰি ।

পাঁচ সমষ্টিত কিমান সংখ্যক ভোটাৰে ভোটদান কৰিব ?

অহা কাইলৈ ৰাজ্যৰ পাঁচ সমষ্টিৰ উপ-নিৰ্বাচনত ৯, ১০, ৬৬৫ গৰাকী ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ । ইয়াৰ ভিতৰত পুৰুষ ভোটাৰৰ সংখ্যা হৈছে ,৫৪,৭২২ জন আৰু মহিলা ভোটাৰ সংখ্যা হ’ল ৪,৫৫,৯২৪ গৰাকী ৷ পাঁচ সমষ্টিৰ মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে ১০৭৮ টা ।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, চিদলী সমষ্টিত মুঠ ২,১৭,২৩৬ গৰাকী ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ । একেদৰে বঙাইগাঁৱত ১,৮২,৩৫৪ গৰাকী, বিহালীত ১,৩২,৫৭৯ গৰাকী আৰু চামগুৰি সমষ্টিত ১,৮০,৮৫৪ গৰাকী ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ । অন্যহাতে ধলাই বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ১,৯৭,৬৪২ গৰাকী ।

ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা কিমান ?

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, ৰাজ্যৰ পাঁচ সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে মুঠ ১০৭৮ টা কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে । ধলাইত ২০৮ টা, চিদলীত ২৭৩টা, বঙাইগাঁৱত ২৪৬টা ভোটগ্ৰহণ কেন্দ্ৰৰ ব্যৱস্থাৰ কৰাৰ সমান্তৰালভাৱে বিহালীত ১৫৪টা আৰু চামগুৰিত ১৯৭টা ভোটগ্ৰহণ কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে ৷

কোন সমষ্টিত কিমানজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে ?

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে মুঠ ৩৮ গৰাকীয়ে প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । ইয়াৰ ভিতৰত চিদলী সমষ্টিত তিনি গৰাকী প্ৰাৰ্থীয় প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । ইউপিপিএলে নিৰ্মল কুমাৰ ব্ৰক্ষ্মক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ বিপৰীতে বিপিএফে শুদ্ধ কুমাৰ বসুমতাৰীক প্ৰাৰ্থীত্ব দিছে । ইফালে চিদলীত কংগ্ৰেছে প্ৰাৰ্থীত্ব দিছে সঞ্জীৱ ৱাৰীক ৷

উপ-নিৰ্বাচন অনুষ্ঠিত হবলগীয়া আনটো সমষ্টি বঙাইগাঁৱত মুঠ ৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । বিজেপিৰ মিত্ৰদল অগপৰ দীপ্তিময়ী চৌধুৰীয়ে সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বিপৰীতে কংগ্ৰেছে সমষ্টিটোত ব্ৰজেনজিৎ সিনহাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে । ইফালে এছইউচিআইৰ হৈ মৃত্যুঞ্জয় ৰাভাই প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সমান্তৰালভাৱে নিৰ্দলীয় প্ৰাৰ্থী শৈলেন্দ্ৰ সৰকাৰ, অনুপ কুমাৰ কৰ্মকাৰ, ভদ্ৰেশ্বৰ বৰ্মন, গৌতম ৰায় লগতে দীপক দাসে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷

ইফালে বিহালীত মুঠ ৪ গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । বিহালীত শাসকীয় বিজেপিয়ে দিগন্ত ঘাটোৱালক প্ৰাৰ্থীত্ব দিয়া বিপৰীতে কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব জয়ন্ত বৰাই । ইফালে, চিপিআই(এমএল)ৰ প্ৰাৰ্থী লক্ষীকান্ত কুৰ্মীয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ লগতে আপৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছে অনন্ত গগৈয়ে ।

ধলাই আৰু চামগুৰিত কিমানজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে ?

একেদৰে ধলাই সমষ্টিত মুঠ ৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । সমষ্টিটোত বিজেপিৰ নীহাৰ ৰঞ্জন দাসৰ বিপৰীতে কংগ্ৰেছৰ ধ্ৰুৱজ্যোতি পুৰুকায়স্থই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । মনকৰিবলগীয়া যে, সমষ্টিটোত মুঠ ৬ গৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । তেওঁলোক হৈছে-অমলেন্দু দাস, ধীৰাজ দাস, পৰিমল দাস, ৰাজু দাস আৰু গৌৰ চন্দ্ৰ দাস, দিলীপ কুমাৰ ধুবী ৷

উল্লেখ্য যে, ৰাজ্যৰ এই উপ-নিৰ্বাচনটোত সৰ্বাধিক ১১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে চামগুৰি সমষ্টিত । সমষ্টিটোত বিজেপিয়ে দিপ্লুৰঞ্জন শৰ্মাক প্ৰাৰ্থীত্ব দিয়া বিপৰীতে কংগ্ৰেছে সাংসদ ৰকিবুলৰ পুত্ৰ তাঞ্জিল হুছেইনক প্ৰাৰ্থীত্ব দিছে । ইফালে নিৰ্দলীয় হিচাপে ৯ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে সমষ্টিটোত । চামগুৰিৰ নিৰ্দলীয় প্ৰাৰ্থীসকল হৈছে-জেহিৰুল ইছলাম,নুৰুল আমিন চৌধুৰী,ৰবুল হক, ফাতেমা খাতুন, শশী তাতী,মুচাব্বিৰ আলি আহমেদ, আব্দুল মাজিদ,আব্দুছ চবুৰ মিঞা আৰু বীৰেন বচাক ।

আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস
বৃহস্পতিবাৰৰ দিনটোত হালধীৰ দ্বাৰা কৰক এনে বিধান, দূৰ হ’ব ধনৰ অভাৱ
শীতৰ বতৰত ৰবাব টেঙাৰ জুতি ল'লে নে? ইয়াৰ উপকাৰী গুণৰ বিষয়ে জানক
তীৰ্থযাত্ৰাৰ সময়ত নকৰিব এই ভুল কৰে, নাপাব পূণ্যফল!