কেতিয়াও ঘূৰি নাহে ৩৭০, সংৰক্ষণ ব্যৱস্থা অব্যাহত থাকিব ; ৰাহুল গান্ধীক তীব্ৰ সমালোচনা অসমৰ মুখ্যমন্ত্ৰীৰ
কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয় যে, সংৰক্ষণ ব্যৱস্থা কেতিয়াও বন্ধ কৰিবলৈ দিয়া নহ’ব । কেতিয়াও সংৰক্ষণ ব্যৱস্থাক আঁতৰাব নোৱাৰে । সংৰক্ষণৰ প্ৰতি তেওঁৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি সংৰক্ষণ ব্যৱস্থাৰ প্ৰসংগ উত্থাপন কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয় যে, সংৰক্ষণ ব্যৱস্থা কেতিয়াও বন্ধ কৰিবলৈ দিয়া নহ’ব । কেতিয়াও সংৰক্ষণ ব্যৱস্থাক আঁতৰাব নোৱাৰে । সংৰক্ষণৰ প্ৰতি তেওঁৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । হাৰিয়ানাত এক ৰাজহুৱা সভাত ভাষণ দি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে,আমেৰিকা ভ্ৰমণৰ সময়ত ৰাহুল গান্ধীয়ে দাবী কৰিছিল যে এনে এটা সময় আহিব যেতিয়া ভাৰতত অনুসূচিত জাতি আৰু অনুসূচিত জাতিসমূহৰ বাবে সংৰক্ষণ ব্যৱস্থা নাথাকিব ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰে যে, ৰাহুল গান্ধীয়ে এছচি, এছটি সংৰক্ষণৰ ব্যৱস্থা কৰা নাছিল,বাবা চাহেব আম্বেদকাৰেও প্ৰান্তীয় সম্প্ৰদায়ৰ বাবে সংৰক্ষণ নিশ্চিত কৰিছিল বুলি উল্লেখে কৰে মুখ্যমন্ত্ৰী শৰ্মাই । মুখ্যমন্ত্ৰী শৰ্মাই কয় “ৰাহুল গান্ধীয়ে দহবাৰ পুনৰ জন্ম ল’লেও সংৰক্ষণ ব্যৱস্থা আঁতৰোৱাত তেওঁ কেতিয়াও সফল নহয়।”
राहुल गांधी आरक्षण को ख़त्म करना चाहते हैं और धारा 370 को वापिस लाना चाहते हैं। @BJP4Haryana pic.twitter.com/VnyqxNfR4Y
— Himanta Biswa Sarma (@himantabiswa) September 29, 2024
ইয়াৰ লগতে অসমৰ মুখ্যমন্ত্ৰী কংগ্ৰেছ নেতা গৰাকীক সমালোচনা কৰি কয় যে, ৰাহুল গান্ধীয়ে অগ্নিবীৰসকলৰ ভৱিষ্যতক লৈ উদ্বেগ প্ৰকাশ কৰিছিল। কিন্তু যেতিয়াই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অগ্নিবীৰসকলৰ চাকৰিৰ নিৰাপত্তা আৰু পেঞ্চনৰ সুবিধা অক্ষুণ্ণ ৰাখিব বুলি আশ্বাস দিয়ে, তেতিয়া ৰাহুল গান্ধীয়ে বিষয়টোক আলোচনা কৰা বন্ধ কৰি দিছিল বুলি কয় মুখ্য়মন্ত্ৰী শৰ্মাই । মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, এতিয়া তেওঁলোকে আৰু অগ্নিবীৰৰ কথা নকয় কাৰণ গৃহমন্ত্ৰী অমিত শ্বাহে অগ্নিবীৰসকলৰ ভৱিষ্যত স্পষ্ট কৰি দিছে ।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীয়ে দেশ বিভাজন কৰিবলৈ চেষ্টা কৰা বুলিও অভিযোগ উত্থাপন কৰে। তেওঁ কয় ‘ৰাহুল গান্ধীয়ে ভাৰতক আমি কল্পনা কৰিব নোৱাৰা পথেৰে লৈ যাব বিচাৰিছে। কংগ্ৰেছ দলে কাশ্মীৰৰ ৰাষ্ট্ৰীয় সন্মিলনৰ সৈতে মিত্ৰতা কৰিছে । লগতে ৰাহুল গান্ধীয়ে ইংগিত দিছে যে, যদি তেওঁলোক ক্ষমতালৈ আহে তেন্তে তেওঁলোকে ৩৭০ অনুচ্ছেদ পুনৰ প্ৰৱৰ্তন কৰিব।’
জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদাৰ ওপৰত ৰাহুল গান্ধীৰ স্থিতি সমালোচনা কৰি হিমন্ত বিশ্ব শৰ্মাই কয়,“মই স্পষ্টকৈ ক’ব বিচাৰো—এই দেশখনে এখন পতাকা, এখন সংবিধান আৰু এক নেতৃত্বৰ অধীনত কাম কৰিব।” ৰাহুল গান্ধীৰ যিমানেই পুনৰ জন্ম নহওক কিয়, অনুচ্ছেদ ৩৭০ কাশ্মীৰলৈ কেতিয়াও ঘূৰি নাহে বুলি দাবী কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।