কংগ্ৰেছ অবিহনেও থাকিব অসম সন্মিলিত মৰ্চা , গঠন কৰিলে নতুন সমিতি! | assam congress out from opposition unity Assam by election Assam news - Assam Tv9

কংগ্ৰেছ অবিহনেও থাকিব অসম সন্মিলিত মৰ্চা, গঠন কৰিলে নতুন সমিতি!

কংগ্ৰেছে জয়ন্ত বৰাক প্ৰাৰ্থিত্ব প্ৰদানৰ পাছতে সৰব হৈ পৰে অসম সন্মিলিত মৰ্চা। অসম সন্মিলিত মৰ্চাৰ হৈ বিহালী উপ নিৰ্বাচনত CPIML য়ে দিব প্ৰাৰ্থী। বিহালীত CPI(ML)ৰ লক্ষ্মীকান্ত কুৰ্মীক প্ৰাৰ্থীৰূপে সমৰ্থন সন্মিলিত মৰ্চাৰ। গৌৰৱ গগৈ, ভূপেন বৰাৰ কাজিয়াৰ পৰিণতিত এই প্ৰতাৰণা বুলি অভিযোগ সন্মিলিত মৰ্চাৰ।

কংগ্ৰেছ অবিহনেও থাকিব অসম সন্মিলিত মৰ্চা, গঠন কৰিলে নতুন সমিতি!
Updated On: 

24 Oct 2024 19:17 PM

ভংগ নহয় অসম সন্মিলিত মৰ্চা। কংগ্ৰেছ অবিহনেও থাকিব অসম সন্মিলিত মৰ্চা চমুকৈ ‘অসম’। কংগ্ৰেছে ৰামঠগন দিয়াৰ পিছতে এই সিদ্ধান্ত সন্মিলিত মৰ্চাৰ। সংবাদমেলত এই কথা জনালে লুৰীণজ্যোতি গগৈয়ে। কংগ্ৰেছক আঁতৰাই নতুনকৈ গঠন কৰা হ’ল অসম সন্মিলিত মৰ্চা। অসম সন্মিলিত মৰ্চা সাধাৰণ সম্পাদকৰ পদত থাকিব লুৰীণজ্যোতি গগৈ। মৰ্চাৰ পৰৱৰ্তী সভাপতিৰ দায়িত্ব অজিৎ কুমাৰ ভূঞাক।  জন ইংতি কাথাৰ আৰু সুপ্ৰকাশ তালুকদাৰক কাৰ্যকৰী সভাপতি হিচাপে নিৰ্বাচন। কংগ্ৰেছৰ অবিহনে আজি গুৱাহাটীত অনুষ্ঠিত হয় সন্মিলিত মৰ্চাৰ বৈঠক।

কংগ্ৰেছে জয়ন্ত বৰাক প্ৰাৰ্থিত্ব প্ৰদানৰ পাছতে সৰব হৈ পৰে অসম সন্মিলিত মৰ্চা। অসম সন্মিলিত মৰ্চাৰ হৈ বিহালী উপ নিৰ্বাচনত CPIML য়ে দিব প্ৰাৰ্থী। বিহালীত CPI(ML)ৰ লক্ষ্মীকান্ত কুৰ্মীক প্ৰাৰ্থীৰূপে সমৰ্থন সন্মিলিত মৰ্চাৰ। গৌৰৱ গগৈ, ভূপেন বৰাৰ কাজিয়াৰ পৰিণতিত এই প্ৰতাৰণা বুলি অভিযোগ সন্মিলিত মৰ্চাৰ। কাইলৈ লক্ষ্মীকান্ত কুৰ্মীয়ে দাখিল কৰিব মনোনয়ন। লক্ষ্মীকান্তৰ মনোনয়ন দাখিলত সংগ দিব লুৰীণজ্যোতি গগৈ আৰু অজিত ভূঞাই।

সংবাদমেলত লুৰীণজ্যোতি গগৈয়ে কয়, “অসমত কংগ্ৰেছ অবিহনেও ‘অসম’ মিত্ৰজোঁট থাকিব। এই কথা পুনৰ ঘোষণা কৰিছোঁ। চৰকাৰৰ অগণতান্ত্ৰিক, স্বৈৰতান্ত্ৰিক ব্যৱস্থাৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম শক্তিশালী ৰূপত অব্যাহত থাকিব। সাম্প্ৰদায়িক বিজেপিক ভাৰতৰ মাটিৰ পৰা উৎসাত কৰিবলৈ বিৰোধী ঐক্যৰ জন্ম হৈছিল। সেই স্থিত আমি আজিও অচল অটল হৈ আছো।২৬ৰ নিৰ্বাচনত একতাৰে যুঁজি বিজেপিক পৰাভূত কৰিবৰ বাবে আমাৰ যাত্ৰা আব্যাহত ৰাখিব বিচাৰিছিলোঁ। কিন্তু কংগ্ৰেছ দলে আমাক প্ৰতাৰণা কৰি সিন্ধান্ত গ্ৰহণ কৰিলে।”

লগতে  লুৰীণজ্যোতি  কয়, “তেওঁলোকে একপক্ষীয়ভাৱে এনে সিদ্ধান্ত গ্ৰহণ কৰি কৈ দিলে যে অসম সন্মিলিত মৰ্চাত থকা ৰাজনৈতিক দলবোৰৰ প্ৰয়োজন নাই। আহিবলগা দিনবোৰত কংগ্ৰেছ অবিহনেও ‘অসম’ থাকিব, এয়া স্পষ্ট। আমি সকলোৱে একেলগে কাম কৰি যাম।” ইয়াৰ লগতে লগতে লুৰীণজ্যোতি গগৈয়ে জনালে যে উপ-নিৰ্বাচনত বিহালীত অসম সন্মিলিত মৰ্চাৰ হৈ চিপিআই (এম এল)য়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। এয়া আমাৰ আজিৰ বৈঠকৰ সৰ্বসন্মত স্থিতি। আলোচনাৰ জৰিয়তে পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰিম। উপ-নিৰ্বাচনত আন ৪টা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰদান সন্দৰ্ভত আলোচনা কৰাৰ প্ৰয়োজন আছে বুলি জনালে লুৰীণজ্যোতিয়ে।

উল্লেখ্য যে বিজেপিক প্ৰতিহত কৰাৰ বাবে ২০২৬ৰ বিধানসভা নিৰ্বাচনলৈ একেলগে যুঁজাৰ সংকল্প লৈছিল ১৮টাকৈ বিৰোধী ৰাজনৈতিক দলে। কিন্তু উপ-নিৰ্বাচনত বিহালী সমষ্টিৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতে থানবান কৰিলে অসম সন্মিলিত মৰ্চাৰ সপোন। বিৰোধী প্ৰাৰ্থী ঘোষণা হোৱাৰ পূৰ্বে বুধবাৰে অসম সন্মিলিত মৰ্চাৰ সভাপতি পদ ত্যাগ কৰে ভূপেন বৰাই।

 

সৰিয়হৰ শাকত কি কি ভিটামিন থাকে?
কাটাৰৰ সৈতে ভাৰতৰ ঘূৰ্ণীবতাহ 'ডানা'ৰ সম্পৰ্ক কি?
ধনতেৰাচৰ নিশা যম দেৱতাৰ নামত কিমান চাকি জ্বলাব লাগে?
E-69: পৃথিৱীৰ শেষৰটো পথ,য'ত ৬ মাহত হয় এটা দিন...