চিদলী সমষ্টিত নিৰ্মল কুমাৰ ব্ৰহ্মক প্ৰাৰ্থীত্ব দিলে ইউপিপিএলে... | Assam: UPPL announced candidate for Sidli bye-election 2024 Assam news - Assam Tv9

Assam By-Election 2024 : চিদলী সমষ্টিত নিৰ্মল কুমাৰ ব্ৰহ্মক প্ৰাৰ্থীত্ব দিলে ইউপিপিএলে…

প্ৰাৰ্থীত্ব কেন্দ্ৰীক বিভিন্ন কথা-বতৰা চৰ্চাত থকাৰ মাজতে আজি ইউপিপিএলে চিদলী উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থী হিচাপে নিৰ্মল কুমাৰ ব্ৰহ্মৰ নাম ঘোষণা কৰে । নিৰ্মল কুমাৰ ব্ৰহ্ম হৈছে ইউপিপিএলৰ এজন জেষ্ঠ নেতা ।

Assam By-Election 2024 : চিদলী সমষ্টিত নিৰ্মল কুমাৰ ব্ৰহ্মক প্ৰাৰ্থীত্ব দিলে ইউপিপিএলে...

চিদলীৰ বাবে প্ৰাৰ্থীক নাম ঘোষণা ইউপিপিএলৰ

Updated On: 

21 Oct 2024 17:00 PM

১৩ নৱেম্বৰত ৰাজ্যৰ উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন । ইতিমধ্যে ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰায় সকলো ৰাজনৈতিক দলেই প্ৰাৰ্থী নাম ঘোষণা কৰিছে । আজিৰ শাসকীয় বিজেপিৰ মিত্ৰদল অগপই প্ৰাৰ্থীৰ নাম ঘোষণা কৰা সমান্তৰালকৈ চিদলী বিধানসভা সমষ্টিৰ বাবে প্ৰাৰ্থী নাম ঘোষণা কৰিছে ইউপিপিএলে ।

সমষ্টিটোত প্ৰাৰ্থীত্ব কেন্দ্ৰীক বিভিন্ন কথা-বতৰা চৰ্চাত থকাৰ মাজতে আজি ইউপিপিএলে চিদলী উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থী হিচাপে নিৰ্মল কুমাৰ ব্ৰহ্মৰ নাম ঘোষণা কৰে । নিৰ্মল কুমাৰ ব্ৰহ্ম হৈছে ইউপিপিএলৰ এজন জেষ্ঠ নেতা । উল্লেখ্য যে, বিজেপিয়ে উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ ভিতৰত বিহালী, ধলাই আৰু চামগুৰি সমষ্টি নিজৰ হাতত ৰখাৰ বিপৰীতে চিদলী সমষ্টি মিত্ৰ দল ইউপিপিএলক এৰি দিয়ে । একেদৰে উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া বঙাইগাঁও সমষ্টি অগপক এৰি দিয়ে।

মনকৰিবলগীয়া যে, চিদলীৰ উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে নিজাকৈ চিন্তা-চৰ্চা কৰে বিপিএফে । প্ৰকাশিত খবৰ অনুসৰি বিপিএফে ইতিমধ্যে চিদলী সমষ্টিটোত শুদ্ধ বসুমতাৰীক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে । মনকৰিবলগীয়া যে, চিদলীত কংগ্ৰেছে সঞ্জীৱ ৱাৰ্লেক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে ।

ইফালে আজি অগপই বঙাইগাঁও সমষ্টিৰ বাবে প্ৰাৰ্থী নাম ঘোষণা কৰিছে । বঙাইগাঁও বিধানসভা সমষ্টিৰ বাবেঅগপই প্ৰাৰ্থীত্ব প্ৰদান কৰিছে সাংসদ ফণীভূষণ চৌধুৰীৰ পত্নী দিপ্তীময়ী চৌধুৰীক । দলীৰ কৰ্মীৰ তীব্ৰ বিৰোধীতা থকাৰ পাছতো আজি অগপই দিপ্তীময়ী চৌধুৰীকে প্ৰাৰ্থীত্ব প্ৰদান কৰে ।

অগপ আৰু ইউপিপিএল বিজেপিৰে মিত্ৰতা আছে । এনে পৰিপ্ৰেক্ষিতত বিজেপিয়ে তিনিটা সমষ্টি নিজৰ হাতত ৰখাৰ বিপৰীতে অগপ আৰু ইউপিপিএলক ক্ৰমে বঙাইগাঁও আৰু চিদলী সমষ্টি প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ বাবে এৰি দিছিল । বিজেপিয়ে নিজৰ হাতত ৰখা তিনিটা সমষ্টিৰ ভিতৰত চামগুৰি সমষ্টিৰ বাবে প্ৰাৰ্থীত্ব প্ৰদান কৰিছে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দীপ্লু ৰঞ্জন শৰ্মাক ।

একেদৰে ধলাই সমষ্টিৰ বাবে নিহাৰ ৰঞ্জন দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বিজেপিয়ে । নিজৰ হাতত ৰখা আনটো সমষ্টি বিহালীত বিজেপিয়ে প্ৰাৰ্থীত্ব প্ৰদান কৰিছে দিগন্ত ঘাটোৱাৰক ।

তেজত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পালে কেনেকুৱা লক্ষণে দেখা দিয়ে ? জানক...
লাই আৰু গাহৰি মাংসৰ আঞ্জা আপোনাৰ প্ৰিয় নে ? কেনেকৈ ৰান্ধিব জানক...
Aimee Baruah Birthday : আজি জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাৰ ওপজা দিন
লংকাৰ অধিপতি মহাবলবান ৰাৱণে লক্ষ্মণ ৰেখা কিয় পাৰ হ’ব পৰা নাছিল?