Assembly Election Results 2024: ‘বিজেপিৰ পৰাজয় মোৰ বাবে অত্যন্ত দুখজনক’, ঝাৰখণ্ডৰ ফলাফলক লৈ কি ক’লে হিমন্ত বিশ্ব শৰ্মাই ?
ঝাৰখণ্ডত বিজেপিৰ ফলাফলক কৈ দুখ প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ বিজেপিৰ সহ-প্ৰভাৰী দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাই কয় যে,ৰাজ্যখনত দলৰ ক্ষতি তেওঁৰ বাবে ব্যক্তিগতভাৱে দুখজনক।
এইবাৰ ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ‘দুৰ্নীতি আৰু বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বেদখল’ এই দুয়োটা বিষয় বিশেষভাৱে নিৰ্বাচনী ইচ্ছু হিচাপে গ্ৰহণ কৰিছিল । এক প্ৰকাৰে এই দুয়োটা ইচ্ছুৱে বিজেপিক সহায় নকৰিলে । যিধৰণে বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বেদখল বিষয়লৈ বিজেপিয়ে আদিবাসীৰ মন জয় কৰিবলৈ চেষ্টা কৰিছিল, একে সময়ত দুৰ্নীতি প্ৰসংগৰে ঝাৰখণ্ডৰ আস্থাৰ লাভৰ প্ৰচেষ্টা কৰিছিল বিজেপিয়ে । কিন্তু আজিৰ দিনটো এক বিপৰীত ছবি এখন দেখা গ’ল ।
ৰাজ্যখনৰ পুনৰ জেজেএম নেতৃত্বধীন মিত্ৰজোঁটে চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে । উল্লেখ্য যে, ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ বিজেপিৰ সহ-প্ৰভাৰী দায়িত্বত আছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । প্ৰায় এমাহ ধৰি ঝাৰখণ্ডৰ নিৰ্বাচনী প্ৰচাৰত অবিৰতভাৱে ব্যস্ত থকা দেখা গৈছিল হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজনৈতিক বিশ্লেষক সকলে যিধৰণে আশা কৰিছিল, সেই ধৰণৰ ফলাফল দেখা নগ’ল ৰাজ্যখনত । ঝাৰখণ্ডl সম্পূৰ্ণৰূপে বিপৰ্যয়ৰ সন্মুখীন হৈছে বিজেপি ।
The loss in Jharkhand is deeply painful for me personally, even though we secured victory in all five by-elections in Assam. I have witnessed the unwavering dedication and relentless efforts of our Karyakartas in Jharkhand, who gave their all in this election. We fought with a…
— Himanta Biswa Sarma (@himantabiswa) November 23, 2024
দলটোৰ এই ফলাফলক কৈ দুখ প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ বিজেপিৰ সহ-প্ৰভাৰী দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাই কয় যে,ৰাজ্যখনত দলৰ ক্ষতি তেওঁৰ বাবে ব্যক্তিগতভাৱে দুখজনক। ইয়াৰ লগতে অসম মুখ্যমন্ত্ৰী শৰ্মাই জেএমএম নেতৃত্বাধীন মিত্ৰজোঁটক আকৰ্ষণীয় বিজয়ৰ বাবে অভিনন্দন জনাইছে । মুখ্যমন্ত্ৰী হেমন্ত ছ’ৰেনৰ নেতৃত্বত ঝাৰখণ্ডে প্ৰগতি আৰু উন্নয়নৰ পথত আগবাঢ়িব যাব আশা প্ৰকাশ কৰি মুখ্যমন্ত্ৰী শৰ্মাই ।
‘অসমৰ পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনতে বিজয় নিশ্চিত হ’লেও ঝাৰখণ্ডৰ পৰাজয় মোৰ বাবে ব্যক্তিগতভাৱে বেদনাজনক। ঝাৰখণ্ডৰ এই নিৰ্বাচনত আমাৰ কৰ্মকৰ্তাসকলৰ অদম্য নিষ্ঠা আৰু অদম্য প্ৰচেষ্টাৰ সাক্ষী হৈছো। নিজৰ সকলো ত্যাগ কৰি নিঃস্বাৰ্থভাৱে নিৰ্বাচনটোত জয়ৰ প্ৰচেষ্টা কৰিছিল ।’ ৰাজ্যখনৰ ফলাফলক লৈ সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
তেওঁ লগতে কয়, ‘আমি ৰাজ্যখনক অনুপ্ৰৱেশৰ পৰা ৰক্ষা কৰা আৰু উন্নয়নৰ পথত আগবঢ়াই নিয়াৰ দৃষ্টিভংগীৰে যুঁজিছিলোঁ। ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলৰ আকাংক্ষা পূৰণ কৰাৰ চেষ্টা কৰিছিলোঁ। অৱশ্যে আমি জনসাধাৰণৰ আদেশক বিনম্ৰভাৱে গ্ৰহণ কৰিব লাগিব । কাৰণ সেইটোৱেই হৈছে গণতন্ত্ৰৰ প্ৰকৃত সাৰমৰ্ম। এই প্ৰত্যাহ্বানমূলক সময়ত আমি আমাৰ কৰ্মকৰ্তাৰ সৈতে দৃঢ়তাৰে থিয় দিম । তেওঁলোকক অটল সমৰ্থন আগবঢ়াম।’ এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্য়মন্ত্ৰী গৰাকীয়ে ।