5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Assembly Election Results 2024: ব্যৰ্থ বিজেপিৰ অনুপ্ৰৱেশকাৰীৰ বিষয়, হেমন্ত ছ’ৰেনৰ ওপৰতে আস্থা দেখুৱাইছে ঝাৰখণ্ডে…!

'দুৰ্নীতি আৰু বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বেদখল' বিজেপিৰ কোনো এটা ইচ্ছু কাম নাহিল ঝাৰখণ্ডত । একপ্ৰকাৰে ৰাইজৰ আস্থা লাভৰ বাবে বিজেপিয়ে ঝাৰখণ্ডত যিধৰণে প্ৰচেষ্টা চলাইছিল সেইধৰণে ফলাফল দেখা পোৱা নাই । হেমন্ত ছ’ৰেনৰ জেএমএম নেতৃত্বাধীন ইণ্ডিয়া মিত্ৰজোঁটে অভিলেখ গঢ়ি ঝাৰখণ্ডত পুনৰ ক্ষমতা দখল কৰিবলৈ আগবাঢ়িছে ।

Assembly Election Results 2024: ব্যৰ্থ বিজেপিৰ অনুপ্ৰৱেশকাৰীৰ বিষয়, হেমন্ত ছ’ৰেনৰ ওপৰতে আস্থা দেখুৱাইছে ঝাৰখণ্ডে…!
হেমন্ত ছ’ৰেন
manas-borah
Manas Borah | Updated On: 23 Nov 2024 16:09 PM

ঝাৰখণ্ডত ‘দুৰ্নীতি আৰু বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বেদখল’ বিজেপিৰ কোনো এটা ইচ্ছু কাম নাহিল । একপ্ৰকাৰে ৰাইজৰ আস্থা লাভৰ বাবে বিজেপিয়ে ঝাৰখণ্ডত যিধৰণে প্ৰচেষ্টা চলাইছিল সেইধৰণে ফলাফল দেখা পোৱা নাই । হেমন্ত ছ’ৰেনৰ জেএমএম নেতৃত্বাধীন ইণ্ডিয়া মিত্ৰজোঁটে অভিলেখ গঢ়ি ঝাৰখণ্ডত পুনৰ ক্ষমতা দখল কৰিবলৈ আগবাঢ়িছে । ঝাৰখণ্ডৰ ৮১ খন বিধানসভা আসনৰ ভিতৰত ৫৫ খন আসনত আগবাঢ়ি আছে ইণ্ডিয়া এলায়েন্স।

বহিু ৰাজনৈতিক বিশ্লেষকে আশা প্ৰকাশ কৰিছিল যে, ঝাৰখণ্ডত এনডিএ মিত্ৰজোঁটে চৰকাৰ গঠন কৰাৰ সম্ভাৱনা আছে। কিন্তু ইয়াৰ বিপৰীত এখন ছবি আজিৰ দিনটোত দেখা গৈছে । নিৰ্বাচনী প্ৰচাৰৰ সময় বিজেপিয়ে যিধৰণে বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বেদখল, ভূমি দখল, লাভ জেহাদৰ বিষয়লৈ ৰাইজৰ কাষ চাপিছিল, কিন্তু সেই ধৰণৰ ফলাফল এই মুহূৰ্তলৈকে দেখা পোৱা নাই ।ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ ফলাফলত অগ্ৰগতি লাভ কৰি আছে ঝাৰখণ্ডৰ জেএমএম নেতৃত্বাধীন ইণ্ডিয়া মিত্ৰজোঁট।

ঝাৰখণ্ডৰ ৮১খন আসনৰ ভিতৰত ইণ্ডিয়া মিত্ৰজোঁটে ৫৫ খন আসনত আগবাঢ়ি থকা পৰিলক্ষিত হৈছে । ইফালে বিজেপি মিত্ৰজোঁটে এই মুহূৰ্তলৈকে ২৩ খন আসন অগ্ৰগতি লাভ কৰিছে । অন্যান্য প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰিছে ৩ খন আসন ।

বিশ্লেষক সকলৰ মতে, বিজেপিৰ এই ধৰণৰ ফলাফলৰ মূলতে হৈছে ঝাৰখণ্ডত স্থানীয় নেতাৰ অভাৱ । দলটোৰ মুখ্যমন্ত্রী পদৰ প্রতিদ্বন্দ্বী দুগৰাকী হ’ল বাবু লাল মাৰাণ্ডী আৰু চম্পাই ছ’ৰেন৷ এই দুয়োজন নেতাই দল সলনি কৰি বিজেপিত যোগদান কৰিছিল । দল সলনি কৰাৰ বাবেই এই দুয়োগৰাকী নেতা ৰাইজৰ আস্থা হেৰুৱা বুলি ক’ব খোজে ৰাজনৈকি বিশ্লেষকসকলে। মনকৰিবলগীয়া যে, দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পিছতো ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হেমন্ত ছ’ৰেনৰ ওপৰত বিশ্বাস ৰাখিলে ৰাইজে ।

ইফালে ৰাজ্যখনৰ মহিলাসকলৰ বাবে হেমন্ত ছ’ৰেন চৰকাৰে আৰম্ভ কৰা ‘মায়া সন্মান যোজনা’ আঁচনিয়ে জেএমএমক মহিলা ভোট লাভ কৰাৰ ক্ষেত্ৰত অধিক সহায় কৰা বুলি ক’ব খোজে ৰাজনৈকি বিশ্লেষকসকলে । এই আঁচনিৰ অধীনত ৰাজ্যখনৰ প্ৰতিগৰাকী মহিলাই প্ৰতিমাহে বেংক একাউণ্টত ১০০০ টকা জমা হয়। ভোটদানৰ পূৰ্বে প্ৰচাৰৰ সময়ত হেমন্ত ছ’ৰেনে সেই ধন ২৫০০ টকালৈ বৃদ্ধি কৰাৰ আশ্বাস দিছিল ।

ঝাৰখণ্ডৰ আদিবাসী সকলৰ মন জয় কৰিবলৈ বিজেপিয়ে সকলো প্ৰচেষ্টা কৰিছিল। বাংলাদেশী বেদখলৰ বাবে জনজাতীয় লোকে মাটি হেৰুৱাৰ বিষয়লৈ আদিবাসী সকলৰ মন জয় কৰাৰ চেষ্টা কৰিছিল বিজেপিয়ে । বাংলাদেশীৰ অনুপ্ৰৱেশকাৰী বেদখলৰ ইচ্ছুৱেও সহায় নকৰিলে বিজেপিক । একেদৰে সংৰক্ষণৰ দৰে বিষয়ত হেমন্ত ছ’ৰেনে বিজেপিক প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল । নিৰ্বাচনী প্ৰচাৰৰ সময়ত হেমন্ত ছ’ৰেনে সংৰক্ষণৰ বিষয়টো বাৰে বাৰে আলোকপাত কৰা দেখা গৈছিল ।

Latest News