ঝাৰখণ্ড নিৰ্বাচনত AJSU পাৰ্টি, JD(U)ৰ সৈতে মিত্ৰতা কৰিব বিজেপিয়ে | BJP to contest Jharkhand polls in alliance with AJSU Party, JD(U): Himanta Biswa Sarma Assam news - Assam Tv9

AJSU পাৰ্টি আৰু JD(U)ৰ সৈতে মিত্ৰতা কৰি ঝাৰখণ্ড নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে: হিমন্ত

Updated On: 

28 Sep 2024 13:56 PM

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে এজেএছইউ(AJSU)পাৰ্টি আৰু জনতা দল (ইউনাইটেড)ৰ সৈতে মিত্ৰতা কৰি প্ৰতিদ্বন্দ্বিতা আগবঢ়াব । ইতিমধ্যে এই কথা জানিবলৈ দিছে বিজেপিৰ ঝাৰখণ্ড নিৰ্বাচনী সহ প্ৰভাৰীৰ দায়িত্বত থকা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

AJSU পাৰ্টি আৰু JD(U)ৰ সৈতে মিত্ৰতা কৰি ঝাৰখণ্ড নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে: হিমন্ত

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Follow Us On

আগন্তুক ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে এজেএছইউ(AJSU)পাৰ্টি আৰু জনতা দল (ইউনাইটেড)ৰ সৈতে মিত্ৰতা কৰি প্ৰতিদ্বন্দ্বিতা আগবঢ়াব । ইতিমধ্যে এই কথা জানিবলৈ দিছে বিজেপিৰ ঝাৰখণ্ড নিৰ্বাচনী সহ প্ৰভাৰীৰ দায়িত্বত থকা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই এই কথাও সদৰী কৰিছে যে, মিত্ৰদলৰ সৈতে আসন ভাগ-বতৰা চুক্তি চূড়ান্ত পৰ্যায়ত আছে।

“এজেএছইউ পাৰ্টি আৰু জেডি(ইউ)ৰ সৈতে মিত্ৰতা কৰি বিজেপিয়ে ঝাৰখণ্ড নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। মিত্ৰদলৰ সৈতে আসন ভাগ-বতৰা চুক্তিৰ বাবে ৯৯ শতাংশ সহমতত উপনীত হৈছে বিজেপি । বাকী এখন বা দুখন আসনৰ বাবে আলোচনা চলি আছে আৰু ইয়াক অতি সোনকালে চূড়ান্ত কৰা হ’ব।’-ৰাঁচীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত এইদৰে কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

উল্লেখ্য যে, ২ অক্টোবৰৰ পিছত এই সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰা হ’ব বুলিও জানিবলৈ দিছে মুখ্যমন্ত্ৰী শৰ্মাই । চলিত বৰ্ষৰ শেষৰ ফালে ঝাৰখণ্ডৰ ৮১ খন বিধানসভা আসনত নিৰ্বাচন অনুষ্ঠিত হ’ব।

ইফালে, আবকাৰী কৰ্মী নিযুক্তি অভিযানৰ অংশ হিচাপে শাৰীৰিক পৰীক্ষাৰ বাবে হাজিৰ হোৱা চাকৰি প্ৰত্যাশীৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত শৰ্মাই কয় যে,”যিদৰে এই ঘটনা ঝাৰখণ্ডত সংঘটিত হৈছে, গতিকে তদন্তৰ প্ৰথম দায়িত্ব ৰাজ্য চৰকাৰৰ। যদি মুখ্যমন্ত্ৰীয়ে তদন্তৰ প্ৰয়োজন বুলি ভাবে তেন্তে ন্যায়িক তদন্তৰ বাবে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ লিখিব লাগে। আমি আদৰি লম।”

শেহতীয়াকৈ এই নিযুক্তি অভিযানৰ সময়ত শাৰীৰিক পৰীক্ষা গ্ৰহণ কৰি থকাৰ সময়তে পোন্ধৰজন চাকৰি প্ৰত্যাশীয়ে প্ৰাণ হেৰুৱাইছিল বুলি জানিব পৰা গৈছে। প্ৰশাসনৰ অপব্যৱস্থাপনাৰ বলি হোৱাৰ অভিযোগ উত্থাপন কৰি বিজেপিয়ে এই মৃত্যুক লৈ ঝাৰখণ্ড চৰকাৰক সমালোচনা কৰিছিল ।

নৰসিংহৰ পাত পাচলি নে মচলা? জানক সঠিক উত্তৰ
অত্যাধিক চাহ খোৱা অভ্যাসৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব? জানক বিশেষজ্ঞৰ পৰা
কেঁচা অমিতাই স্বাস্থ্যক কেনেদৰে প্ৰভাৱিত কৰে? বিশেষজ্ঞৰ পৰা জানক
ঋণত ডুব গৈ আছে নেকি? বাস্তু শাস্ত্ৰৰ এই টিপচ গ্ৰহণ কৰি কৰক সমাধান
Exit mobile version