Shooting Incident : প্ৰাক নিৰ্বাচনী হিংসাত উত্তপ্ত চামগুৰি ! বিজেপিৰ বিধায়কলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনা…
নিৰ্বাচনৰ প্ৰচাৰৰ সময়তে বিজেপিৰ বিধায়কলৈ লক্ষ্য কৰি দুৰ্বৃত্তই গুলীচালনা কৰাৰ অভিযোগ উত্থাপন হৈছে । সূত্ৰ খবৰ অনুসৰি, চামগুৰিৰ মৰিপুঠীখাইতীত বিজেপিৰ পদযাত্ৰাৰ সময়ত সংঘটিত হৈছে এই গুলীচালনা ঘটনা ।
চামগুৰি বিধানসভা সমষ্টিত দিনক দিনে উপ-নিৰ্বাচনী হিংসা বৃদ্ধি পাবলৈ ধৰিছে । নিৰ্বাচনৰ প্ৰচাৰৰ সময়তে বিজেপিৰ বিধায়কলৈ লক্ষ্য কৰি দুৰ্বৃত্তই গুলীচালনা কৰাৰ অভিযোগ উত্থাপন হৈছে । সূত্ৰ খবৰ অনুসৰি, চামগুৰিৰ মৰিপুঠীখাইতীত বিজেপিৰ পদযাত্ৰাৰ সময়ত সংঘটিত হৈছে এই গুলীচালনা ঘটনা । উল্লেখ্য যে, বিজেপিৰ এক পদযাত্ৰাত উপস্থিত আছিল বিজেপিৰ বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীৰ লগতে সুৰেশ বৰা আৰু বিজেপিৰ কৰ্মকৰ্তাসকল ।
মনকৰিবলগীয়া যে, উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে চামগুৰিত উপ-নিৰ্বাচনী হিংসা ভয়ংকৰ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে । কংগ্ৰেছ- বিজেপিৰ সমৰ্থকৰ মাজত প্ৰত্যেক দিনে সংঘটিত সংঘৰ্ষই সাধাৰণ জনতাৰ মাজত ভয় বৃদ্ধি কৰিছে । এই ধৰণৰ ঘটনাৰ বাবে পৰোক্ষভাৱে বিজেপিয়ে কংগ্ৰেছক দায়ী কৰাৰ বিপৰীতে কংগ্ৰেছেও পৰোক্ষভাৱে বিজেপিক দায়ী কৰিছে।
শনিবাৰে সন্ধিয়া গুলীচালনা ঘটনা সংঘটিত স্থানত আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ উপস্থিত হৈছে। ইয়াৰ লগতে গুলীচালনাৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে । সূত্ৰৰ খবৰ অনুসৰি, বিজেপিৰ বিধায়ক জিতু গোস্বামীৰ বাহনলৈ লক্ষ্য কৰিও দুৰ্বৃত্তই গুলীচালনা কৰে বুলি অভিযোগ উত্থাপন হৈছে । গুলীচালনাৰ সময়ত বিধায়ক জিতু গোস্বামী বিজেপিৰ পদযাত্ৰাত ব্যস্ত আছিল বুলি জানিব পৰা গৈছে ।
সূত্ৰ খবৰ অনুসৰি, এই গুলীচালনাৰ ঘটনাক কেন্দ্ৰ কৰি যোৱা নিশা অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় । এই ঘটনাত এগৰাকী মহিলা সহ ২ জনলোক আহত হোৱা বুলি খবৰ লাভ কৰা গৈছে । উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ সময়ত ভোটাৰ ৰাইজক হিংসাৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছিল । ইয়াৰ লগেত ভোটৰ জৰিয়তে প্ৰত্যুত্তৰ দিবলৈ ভোটাৰক আহ্বান জনাইছিল মুখ্যমন্ত্ৰী গৰাকীয়ে ।
কিন্তু মুখ্যমন্ত্ৰী গৰাকীৰ এই আহ্বানৰ পাছতো চামগুৰিত হ্ৰাস পোৱা নাই নিৰ্বাচনী হিংসা । প্ৰতিদিনে বিজেপি আৰু কংগ্ৰেছৰ সমৰ্থকৰ মাজত সংঘৰ্ষ সংঘটিত হ’বলৈ ধৰিছে । ইফালে চামগুৰিত প্ৰতিদিনে সংঘটিত এই ধৰণৰ ঘটনাই গণতান্ত্ৰিক প্ৰক্ৰিয়াত প্ৰভাৱিত কৰিব পাৰে বুলি শংকা প্ৰকাশ কৰিছে ৰাজনৈতিকভাৱে সচেতন লোকসকলে ।