হাৰিয়ানাত কিয় পৰাস্ত হ’ল কংগ্ৰেছ ? ৰিপৰ্ট বিচাৰিলে খৰ্গেয়ে... | Congress Analyzes Haryana Assembly Election Defeat, Seeks Booth Wise Reports on Loss Factors : Mallikarjun Kharge Assam news - Assam Tv9

হাৰিয়ানাত কিয় পৰাস্ত হ’ল কংগ্ৰেছ ? বুথ ৱাইজ ৰিপৰ্ট বিচাৰিলে মল্লিকাৰ্জুন খৰ্গেয়ে…

শনিবাৰে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই কয় যে, হাৰিয়ানাত কিয় এইধৰণৰ ফলাফল দলটোৱে লাভ কৰিলে তাৰ কাৰণ সন্দৰ্ভত প্ৰতিবেদন বিচৰা হৈছে। প্ৰতিবেদন অহাৰ পিছত কংগ্ৰেছক পৰাজিত কৰা কি কি কাৰক আছিল তাৰ বিষয়ে গম পোৱা যাব ।

হাৰিয়ানাত কিয় পৰাস্ত হ’ল কংগ্ৰেছ ? বুথ ৱাইজ ৰিপৰ্ট বিচাৰিলে মল্লিকাৰ্জুন খৰ্গেয়ে...

কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে

Updated On: 

12 Oct 2024 20:02 PM

হাৰিয়ানাত যি ধৰণে আশা কৰিছিল সেই ধৰণে কংগ্ৰেছে ফলাফল নাপালে । শনিবাৰে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই কয় যে, হাৰিয়ানাত কিয় এইধৰণৰ ফলাফল দলটোৱে লাভ কৰিলে তাৰ কাৰণ সন্দৰ্ভত প্ৰতিবেদন বিচৰা হৈছে। প্ৰতিবেদন অহাৰ পিছত কংগ্ৰেছক পৰাজিত কৰা কি কি কাৰক আছিল তাৰ বিষয়ে গম পোৱা যাব ।

পিটিআইৰ প্ৰতিবেদন অনুসৰি খৰ্গে আৰু কয় যে,’আমি নিৰ্বাচনৰ ফলাফল বিশ্লেষণ কৰি আছো। কিছুদিন পূৰ্বে ৰাহুল গান্ধী আৰু অন্যান্য নেতাৰ সৈতে বৈঠকত মিলিত হৈ নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰিছো আৰু আমি বুথ ৱাইজ ৰিপৰ্ট পাইছো। প্ৰতিবেদন বিশ্লেষণ কৰাৰ পিছত আমি পৰৱৰ্তী পদক্ষেপৰ সন্দৰ্ভত সিদ্ধান্ত লম।’

ইয়াৰ বাহিৰেও নগৰীয়া নক্সাল সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ বক্তব্যৰ ওপৰত খৰ্গেই কয় যে, প্ৰধানমন্ত্ৰী মোদীৰ কথা কোৱাৰ অভ্যাস আছে । লগতে তেওঁ কয়,’তেওঁৰ দলটো সন্ত্ৰাসবাদীৰ দল। অনুসূচিত জাতিৰ লোকৰ মুখত প্ৰস্ৰাৱ কৰে, জনজাতীয় লোকক আনি ধৰ্ষণ কৰে। প্ৰধানমন্ত্ৰীৰ কথা কোৱাৰ কোনো অধিকাৰ নাই। তেওঁলোকৰ চৰকাৰ য’তেই আছে তাতেই অত্যাচাৰ চলি আছে।’

তেওঁ আৰু কয় যে, আগন্তুক নিৰ্বাচনৰ কথা মনত ৰাখি কংগ্ৰেছে হাৰিয়ানাত পৰাজয়ৰ আঁৰৰ কাৰণ জানিবলৈ চেষ্টা কৰিছে। অৱশ্যে হাৰিয়ানাৰ নিৰ্বাচনৰ ফলাফলে আগন্তুক মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত কোনো ধৰণৰ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা নাই বুলিও মন্তব্য প্ৰকাশ কৰে কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ।

কৰ্ণাটকৰ কলাবুৰাগীত সংবাদ মাধ্যমৰ আগত খৰ্গেই কয় যে, এটা নিৰ্বাচনী ফলাফলে আন এখন ৰাজ্যৰ নিৰ্বাচনত কোনো প্ৰভাৱ নেপেলায় । ‘কিন্তু প্ৰশ্ন হয়, মানুহ আমাৰ পক্ষত থকাৰ পিছতো কিয় এনেদৰে ফলাফল আহিল? কথাটো পঞ্চাশ পঞ্চাশ হ’লেও আমি বুজি পালোঁহেঁতেন, কিন্তু হাৰিয়ানাৰ সন্দৰ্ভত সকলোৱে কৈ আছিল যে ফলাফল আমাৰ পক্ষত হ’ব। গতিকে ইয়াৰ আঁৰৰ প্ৰকৃত কাৰণ জানিব লাগিব।’ এইদৰে কয় মল্লিকাৰ্জুন খাৰ্গেয়ে ।

৮ অক্টোবৰত ওলোৱা হাৰিয়ানাৰ নিৰ্বাচনৰ ফলাফলত কংগ্ৰেছ দলে ৩৭খন আসন লাভ কৰাৰ বিপৰীতে শাসকীয় দল বিজেপিয়ে ৪৮খন আসন লাভ কৰে । ভোটদানৰ ঠিক পিছতেই ওলোৱা এগজিট প’লৰ সম্পূৰ্ণ বিপৰীত ছবি হাৰিয়ানা নিৰ্বাচনত দেখা গ’ল ।

কিমানলৈকে পঢ়িছিল মহম্মদ চিৰাজে, DSP হিচাপে কিমান পাব দৰমহা?
মাত্ৰ ২৩ ৰানেৰে গাংগুলী-দ্ৰাবিড়ক অতিক্ৰম কৰি অনন্য কৃতিত্ব ৰোহিত-কোহলীৰ
সুনীল গাভাস্কাৰক অতিক্ৰম কৰি বেংগালুৰুৰ ষ্টেডিয়ামত ৰোহিত শৰ্মাই ৰচিলে ইতিহাস
ছলমানৰ পৰা মুনাৱাৰলৈ... লৰেন্স বিষ্ণোইৰ শত্ৰুৰ তালিকাত আৰু কোন কোন?