5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Priyanka Gandhi Nomination: প্ৰথমবাৰলৈ প্ৰত্যক্ষ ৰাজনীতিত খোজ পেলালে প্ৰিয়ংকা গান্ধীয়ে! উপ-নিৰ্বাচনৰ বাবে বায়নাডৰ পৰা দাখিল কৰিলে মনোনয়ন পত্ৰ

ৱায়নাডৰ পৰা মনোনয়ন দাখিল কৰিলে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে । ইয়াৰ লগে লগে কংগ্ৰেছে প্ৰদৰ্শন কৰিলে নিজৰ শক্তি। মনোনয়ন দাখিলৰ সময়ত উপস্থিত আছিল দলটোৰ জ্যেষ্ঠ নেতাসকল। ৰায়বৰেলীৰ পৰা নিৰ্বাচনত জয়ী হোৱাৰ পাছত ৰাহুল গান্ধীয়ে ৱায়নাড আসন এৰি দিছিল। আসনখন খালী হোৱাৰ পিছত ৱায়ানাডত উপ-নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে।

Priyanka Gandhi Nomination: প্ৰথমবাৰলৈ প্ৰত্যক্ষ ৰাজনীতিত খোজ পেলালে প্ৰিয়ংকা গান্ধীয়ে! উপ-নিৰ্বাচনৰ বাবে বায়নাডৰ পৰা দাখিল কৰিলে  মনোনয়ন পত্ৰ
উপ- নিৰ্বাচনৰ বাবে প্ৰিয়ংকা গান্ধীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ
trishna-kalita
Trishna Kalita | Updated On: 23 Oct 2024 15:12 PM

কেৰালাৰ ৱায়নাডৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিছে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই । প্ৰিয়ংকাৰ সৈতে উপস্থিত আছিল মাতৃ ছোনিয়া গান্ধী, ভাতৃ ৰাহুল গান্ধী আৰু কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গে । মনোনয়ন পত্ৰ দাখিলৰ সময়ত প্ৰিয়ংকা গান্ধীৰ স্বামী ৰবাৰ্ট ভদ্ৰা আৰু পুত্ৰও উপস্থিত আছিল। ইয়াৰ পূৰ্বে ৰোড শ্ব’ আৰু ৰাজহুৱা সভাত ভাষণ দিছিল প্ৰিয়ংকাই।

ৰাজহুৱা সভাত প্ৰিয়ংকাই কয় যে, “প্ৰথমবাৰৰ বাবে মই নিজৰ বাবে প্ৰচাৰ চলাইছো। মোৰ ভাতৃয়ে ঘৃণাৰ বিৰুদ্ধে পদযাত্ৰা কৰিছিল। জনতা বিশ্বাসৰ প্ৰতীক। মই সকলো পৰিস্থিতিত ৱায়ানাডৰ সৈতে থিয় দিছোঁ।মোৰ নতুন যাত্ৰাত জনতা মোৰ পথ প্ৰদৰ্শক। মই মোৰ মা, ভাতৃ আৰু মোৰ বহুতো সহকৰ্মীৰ বাবে প্ৰচাৰ চলাইছিলো। বিগত ৩৫ বছৰ ধৰি, মই বিভিন্ন নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাই আছোঁ।
এয়া প্ৰথমবাৰৰ বাবে মই নিজৰ বাবে আপোনালোকৰ সমৰ্থন বিচাৰিছোঁ। এয়া মোৰ বাবে বহুত বেলেগ অনুভৱ।”

প্ৰিয়ংকাৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত নিজৰ শক্তি প্ৰদৰ্শন কৰে কংগ্ৰেছে । প্ৰিয়ংকাক সমৰ্থন কৰিবলৈ ৱায়নাডত উপস্থিত আছিল কংগ্ৰেছ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ (এআইচিচি) জ্যেষ্ঠ নেতাসকল।

বাম গণতান্ত্ৰিক মৰ্চাৰ (এলডিএফ) নেতা চতিয়ান মোকেৰী আৰু ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) নব্যা হৰিদাসৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়াইছে প্ৰিয়ংকাই । ৰাহুল গান্ধীয়ে ৱায়নাড আৰু ৰায়বৰেলীৰ পৰা লোকসভা নিৰ্বাচনত জয়ী হৈছিল আৰু পাছত তেওঁ ৱায়ানাড আসন এৰি দিছিল। তাৰ পিছত এই আসনত উপ-নিৰ্বাচনৰ প্ৰয়োজন হৈছিল।

যদি ৱায়নাডৰ পৰা নিৰ্বাচিত হয় প্ৰিয়ংকা প্ৰথমবাৰৰ বাবে যিকোনো সদনৰ সদস্য হ’ব। তেওঁ ২০১৯ৰ লোকসভা নিৰ্বাচনৰ আগতে সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰিছিল। তেতিয়াৰ পৰা, তেওঁ দলৰ সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰি আহিছে। লোকসভা নিৰ্বাচনৰ কেইদিনমান পাছত জুন মাহত কংগ্ৰেছে ঘোষণা কৰিছিল যে ৰাহুল গান্ধীয়ে উত্তৰ প্ৰদেশৰ ৰায়বৰেলী সংসদীয় সমষ্টি হাতত ৰাখিব আৰু কেৰালাৰ ৱায়নাড আসন এৰি দিব। য’ৰ পৰা তেওঁৰ ভগ্নী প্ৰিয়ংকা গান্ধীয়ে নিৰ্বাচনত আত্মপ্ৰকাশ কৰিব।

উপ- নিৰ্বাচনৰ বাবে প্ৰিয়ংকা গান্ধীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ

উপ- নিৰ্বাচনৰ বাবে প্ৰিয়ংকা গান্ধীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ

ৱায়নাডৰ পৰা নিৰ্বাচিত হ’লে প্ৰিয়ংকা গান্ধী প্ৰথমবাৰৰ বাবে সাংসদ হ’ব আৰু গান্ধী পৰিয়ালৰ তিনিজন সদস্য- ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা সংসদত একেলগে থাকিব। ৱায়নাড সংসদীয় আসনৰ উপ-নিৰ্বাচনৰ লগতে ৪৭খন বিধানসভা আসনৰ বাবে ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব। ২৩ নৱেম্বৰত অনুষ্ঠিত হ’ব ভোটগণনা ।

ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) প্ৰাৰ্থী নব্যা হৰিদাসে ৰাজনৈতিক অভিজ্ঞতাৰ ভিত্তিত প্ৰিয়ংকা গান্ধীক প্ৰত্যাহ্বান জনাব। ছিংগাপুৰ আৰু নেডাৰলেণ্ডত কাম কৰি আন্তৰ্জাতিক অভিজ্ঞতা অৰ্জন কৰা হৰিদাস এগৰাকী ছফ্টৱেৰ ইঞ্জিনিয়াৰ। যি এক দশক ধৰি কোজিকোডত কাউন্সিলাৰ হিচাপেও কাম কৰিছে।

Latest News