Assam By-Election 2024 : গুৰুতৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে ! নিৰাপত্তা বৃদ্ধিৰ বাবে নিৰ্বাচন আয়োগলৈ পত্ৰ লিখিলে কংগ্ৰেছে …
ভোটগ্ৰহণৰ পূৰ্বেই অসম প্ৰদেশ কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । কংগ্ৰেছে ৰাজ্যত মুক্ত আৰু নিকা উপ-নিৰ্বাচন নিশ্চিত কৰাৰ বাবে নিৰ্বাচন আয়োগক চিচিটিভি কেমেৰা লগোৱাৰ লগতে স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰত কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী নিয়োগ কৰিবলৈ আহ্বান জনাইছে।
অহা ১৩ তাৰিখে ৰাজ্যৰ ৫ টা বিধানসভা সমষ্টিত উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । ভোটগ্ৰহণৰ পূৰ্বেই অসম প্ৰদেশ কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । কংগ্ৰেছে ৰাজ্যত মুক্ত আৰু নিকা উপ-নিৰ্বাচন নিশ্চিত কৰাৰ বাবে নিৰ্বাচন আয়োগক চিচিটিভি কেমেৰা লগোৱাৰ লগতে স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰত কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী নিয়োগ কৰিবলৈ আহ্বান জনাইছে।
মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰলৈ লিখা এখন পত্ৰত কংগ্ৰেছে অভিযোগ কৰে যে, বিজেপিয়ে ভোটাৰৰ মাজত ভয়ৰ এক মনোভাৱ সৃষ্টি কৰিছে । ইয়াৰ ফলত ভোটগ্ৰহণৰ সময়ত বুথ কেপচাৰ আৰু ৰিগিঙৰ সম্ভাৱনা আছে বুলি উদ্বেগ প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছে । উল্লেখ্য যে,অহা ১৩ নৱেম্বৰত ধলাই, চিদলী, বঙাইগাঁও, চামগুৰি আৰু বেহালী বিধানসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।
কংগ্ৰেছে অভিযোগ উত্থাপন কৰিছে যে,”শাসকীয় দলৰ গুণ্ডা আৰু সমৰ্থকসকলে বিভিন্ন কাৰ্য কলাপৰ জৰিয়তে সাধাৰণ ভোটাৰৰ মাজত ভয় সৃষ্টি কৰাৰ প্ৰচেষ্টা কৰি আহিছে । এই কাৰ্য মুক্ত আৰু নিকা নিৰ্বাচনৰ বাবে ক্ষতিকাৰক। বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰত শাসকীয় দলৰ দ্বাৰা ৰিগিং কৰা সম্ভাৱনা আছে।’ এইদৰে অভিযোগ কৰে কংগ্ৰেছে।
নিৰ্বাচন আয়োগলৈ লিখা পত্ৰত স্বাক্ষৰ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, বিধানসভাত বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া আৰু অসমৰ কংগ্ৰেছ দলৰ বিশেষ পৰ্যবেক্ষক বিকাশ উপাধ্যায়ে। পত্ৰৰ জৰিয়তে কংগ্ৰেছে দাবী কৰে যে, বিধায়ককে ধৰি তেওঁলোকৰ নেতাসকলে ইতিমধ্যে নিৰ্বাচন সম্পৰ্কীয় হিংসাত্মক ঘটনাক কেন্দ্ৰ কৰি এফআইআৰ আৰু অভিযোগ দাখিল কৰিছে । কিন্তু ইয়াৰ পাছতো আৰক্ষী আৰু অসামৰিক প্ৰশাসনে এনে ঘটনা ৰোধ কৰিবলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।
এনে ক্ষেত্ৰত কংগ্ৰেছে নিৰ্বাচন আয়োগক পৰ্যাপ্ত সংখ্যক চিচিটিভি কেমেৰা স্থাপন কৰাৰ লগতে অৰ্ধসামৰিক বাহিনী নিয়োগ কৰি প্ৰয়োজনীয় নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তুলি মুক্ত আৰু নিকা নিৰ্বাচন নিশ্চিত কৰিবলৈ আহ্বান জনায়। ইয়াৰ উপৰিও ভোটাৰ, পলিং এজেণ্ট আৰু বিষয়াসকলে যাতে মোবাইল ফোন লৈ বুথত প্ৰৱেশ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আহ্বান জনাইছে প্ৰদেশ কংগ্ৰেছে ।
উল্লেখ্য যে, উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া পাঁচটা সমষ্টিৰ আটাইকেইটাতে কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে শাসকীয় বিজেপিয়ে তিনিটা সমষ্টিত প্ৰচিদ্বন্দ্বিতা কৰিছে । ইফালে বিজেপিয়ে দুটা সমষ্টি বঙাইগাঁও আৰু চিদলী ক্ৰমে মিত্ৰদল অগপ আৰু ইউপিপিএলক এৰি দিছে । মনকৰিবলগীয়া যে, যোৱা বিধানসভা নিৰ্বাচনত এই পাঁচটা সমষ্টিৰ ভিতৰত এটা সমষ্টি কংগ্ৰেছৰ দখলত থকাৰ বিপৰীতে চাৰিটা সমষ্টি শাসকীয় মিত্ৰজোঁটে দখল কৰিছিল ।