শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Delhi Assembly Election Results 2025: কেজৰিৱালৰ পৰা চিছ’দিয়ালৈ…দিল্লীৰ নিৰ্বাচনত গাদী হেৰুৱালে আপৰ এইসকল শীৰ্ষ নেতাই!

Delhi Assembly Election Results 2025:  দিল্লী বিধানসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছে আম আদমী পাৰ্টি। আটাইতকৈ আমোদজনক কথাটো হ’ল আম আদমী পাৰ্টিৰ শীৰ্ষ নেতৃত্বৰ পৰাজয়। এই নিৰ্বাচনত শীৰ্ষ ৬ গৰাকী নেতাৰ ভিতৰত কোনজন নেতাই আসন হেৰুৱালে চাও আহক...

Delhi Assembly Election Results 2025: কেজৰিৱালৰ পৰা চিছ’দিয়ালৈ…দিল্লীৰ নিৰ্বাচনত গাদী হেৰুৱালে আপৰ এইসকল শীৰ্ষ নেতাই!
দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফলত শোচনীয় পৰাজয়ৰ দিশে আপ
trishna-kalita
Trishna Kalita | Updated On: 08 Feb 2025 15:46 PM

দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফলত শোচনীয় পৰাজয়ৰ দিশে আপ । ইফালে চৰকাৰ গঠন দিশে আগবাঢ়িছে ভাৰতীয় জনতা পাৰ্টি। প্ৰায় তিনি দশকৰ পাছত ৰাজধানীত শাসন কৰিবলৈ সাজু হৈছে বিজেপি। নতুন দিল্লী বিধানসভাৰ আসনৰ পৰা  নিজেই নিৰ্বাচনত পৰাস্ত হৈছে অৰবিন্দ কেজৰিৱাল । কেজৰিৱালৰ নিৰ্বাচনী পৰাজয় এক ডাঙৰ ৰাজনৈতিক ঘটনা। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দিল্লীৰ ৪৭খন আসনত আগবাঢ়ি আছে ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁট। একে সময়তে আম আদমি পাৰ্টি যেন ২৩খন আসনত সীমাবদ্ধ হৈ আছে। কংগ্ৰেছ দল হয়তো আকৌ এবাৰ শূণ্য আসনত সন্তুষ্ট থাকিব লাগিব। আম আদমী পাৰ্টিৰ শোচনীয় পৰাজয়ে নিজৰ মাজতে উত্থাপন কৰিছে বহু  প্ৰশ্নবোধক।

১) অৰবিন্দ কেজৰিৱাল – নতুন দিল্লী বিধানসভাৰ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ আহ্বায়ক অৰবিন্দ কেজৰিৱাল শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছে। ভাৰতীয় জনতা পাৰ্টিৰ পৰ্বেশ চাহিব সিং ভাৰ্মাই পৰাস্ত কৰিছে কেজৰিৱালক। তৃতীয় স্থানত আছে কংগ্ৰেছৰ সন্দীপ দীক্ষিত। অৰবিন্দ কেজৰিৱাল এই আসনৰ পৰাই ৰাজ্যৰ বিধায়ক আৰু তেতিয়াৰ মুখ্যমন্ত্ৰী হিচাপে অবিৰতভাৱে নিৰ্বাচিত হৈছিল। কিন্তু এইবাৰ তেওঁক বিধানসভাতো দেখা নাযাব। যোৱা বছৰ সুৰানীতিৰ গোচৰত তিহাৰ জেলৰ পৰা ওলাই অহাৰ পাছত তেওঁ দিল্লীৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছিল কেজৰিৱালে। তাৰ পাছতে দিল্লীৰ মুখ্যমন্ত্ৰী হৈছিল আতিশী । এই নিৰ্বাচনত কলকাজী বিধানসভাৰ আসনৰ পৰা জয়লাভ কৰিছে আতিশীয়ে।

২) মনীষ চিছ’দিয়া – নতুন দিল্লীৰ জংগপুৰা বিধানসভাৰ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াও শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছে। এই সমষ্টিৰ জয়লাভ কৰিছে পৰা ভাৰতীয় জনতা পাৰ্টিৰ তাৰবিন্দৰ সিং মাৰৱাই। তৃতীয় স্থানত আছে কংগ্ৰেছৰ ফাৰহাদ ছুৰী। কংগ্ৰেছৰ ফাৰহাদ ছুৰীয়ে  প্ৰায় ৭ হাজাৰ ভোট লাভ কৰে, যিটো ছিছ’দিয়া আৰু মাৰৱাৰ পাৰ্থক্যতকৈ বহু বেছি। অৰ্থাৎ কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰাৰ ক্ষতি বহন কৰিবলগীয়া হৈছে আম আদমী পাৰ্টিয়ে। ইয়াৰ পূৰ্বে মনীষ ছিছ’দিয়াই পাটপাৰগঞ্জ বিধানসভাৰ আসনৰ পৰা নিৰ্বাচনত জয়ী হৈছিল। তাৰ পৰা জয়ী হৈ তেওঁ দিল্লীৰ শিক্ষামন্ত্ৰী হৈছিল। কিন্তু তাৰ পিছত সুৰা নীতিৰ গোচৰত জে’ললৈ যোৱাৰ পিছত তেওঁৰ সমীকৰণবোৰ নষ্ট হৈ পৰিল।

৩) অৱধ ওঝা – দিল্লীৰ পাটপাৰগঞ্জ বিধানসভাৰ আসনৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ ৰবিন্দৰ নেগীয়ে নিৰ্বাচনত জয়লাভ কৰিছে। আম আদমি পাৰ্টিৰ মনীষ চিছ’দিয়া আগতে এই সমষ্টিৰ পৰাই বিধায়ক হৈছিল। কিন্তু তাৰ পিছত এই বিধানসভা নিৰ্বাচনত টিকট কাটি আম আদমী পাৰ্টিয়ে আৱধ ওঝাক প্ৰাৰ্থিত্ব প্ৰদান কৰে। অৱধ ওঝাই অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা শিক্ষাৰ্থীসকলক পঢ়ুৱাই। এই নিৰ্বাচনত আৱধ ওঝা আৰু ৰবিন্দৰ নেগীৰ বিজয়ৰ ব্যৱধানো যথেষ্ট আছিল।  তৃতীয় স্থানত আছে কংগ্ৰেছৰ অনিল কুমাৰ। কুমাৰে লাভ কৰে প্ৰায় ১৩ হাজাৰ ভোট। এই নিৰ্বাচনত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে মঞ্চ ভাগ কৰি ইজনে সিজনৰ ভৰি স্পৰ্শ কৰাৰ বাবে বাতৰিৰ শিৰোনামত আছিল ৰবিন্দৰ সিং নেগী।

৪) সত্যেন্দ্ৰ জৈন – দিল্লীৰ এখন গুৰুত্বপূৰ্ণ শকুৰ বস্তি বিধানসভা আসনত আম আদমী পাৰ্টিৰ সত্যেন্দ্ৰ জৈনক পৰাস্ত কৰে ভাৰতীয় জনতা পাৰ্টিৰ কৰ্ণাইল সিঙে। ধন সৰবৰাহৰ গোচৰত কাৰাগাৰত আছিল সত্যেন্দ্ৰ জৈন। তাৰ পিছত পিছত জে’লৰ পৰা ওলাই Euf নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলেও সফলতা লাভ কৰিব নোৱাৰিলে। সত্যেন্দ্ৰ জৈন পূৰ্বে দিল্লী চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী আছিল। কোনো জামিন আৰু বিচাৰ অবিহনে প্ৰায় দুবছৰ দিল্লীৰ তিহাৰ কাৰাগাৰত কটাবলগীয়া হৈছিল জৈনে। জৈনে আম আদমী পাৰ্টি চৰকাৰৰ গৃহ, শক্তি, জল আৰু নগৰ উন্নয়ন আৰু জলসিঞ্চন মন্ত্ৰালয়ৰ দায়িত্বও গ্ৰহণ কৰি আহিছে। ইয়াৰ পৰা জৈনৰ ৰাজনৈতিক জীৱনে কি মোৰ লয় তাৰ ওপৰত সকলোৰে দৃষ্টি থাকিব।

৫) সোমনাথ ভাৰতী – ভাৰতীয় জনতা পাৰ্টিৰ দিল্লী ইউনিটৰ প্ৰাক্তন সভাপতি সতীশ উপাধ্যায় মালভিয়া নগৰ বিধানসভাৰ আসনৰ পৰা খেলপথাৰত নামিছিল। এই সমষ্টিত আম আদমী পাৰ্টিৰ সোমনাথ ভাৰতীৰ প্ৰতিযোগিতাৰ সন্মুখীন হৈছিল উপাধ্যায়। ইয়াত উপাধ্যায়ে সোমনাথ ভাৰতীক কম ব্যৱধানত পৰাস্ত কৰে। সোমনাথ ভাৰতীয়ে দিল্লী চৰকাৰত আইন, পৰ্যটন, প্ৰশাসনিক সংস্কাৰ, কলা-সংস্কৃতিৰ দৰে গুৰুত্বপূৰ্ণ মন্ত্ৰালয় চম্ভালিছে। তেওঁ উচ্চতম ন্যায়ালয় আৰু দিল্লী উচ্চ ন্যায়ালয়তো অধিবক্তা হিচাপে কাম কৰি আছে। ২০১৩ চনৰ পৰা মালবিয়া নগৰ বিধানসভা আসনৰ পৰা ধাৰাবাহিকভাৱে সাংসদ হৈ আছিল তেওঁ।

৬) সৌৰভ ভৰদ্বাজ – দিল্লীৰ বৃহত্তৰ কৈলাশ বিধানসভাৰ আসনৰ পৰা বিধায়ক হিচাপে পৰিগণিত হোৱা সৌৰভ ভৰদ্বাজে নিৰ্বাচনত অতি কম ব্যৱধানত পৰাস্ত হৈছে। ৩ হাজাৰ ১৮৮ টা ভোটত জয়লাভ কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ শিখা ৰায়ে। শিখাই লাভ কৰে মুঠ ৪৯ হাজাৰ ৫৯৪টা ভোট। আনহাতে সৌৰভ ভৰদ্বাজে ৪৬ হাজাৰ ৪০৬ টা ভোট লাভ কৰে। তৃতীয় স্থানত আছিল কংগ্ৰেছৰ গৰৱিত সিং। ইয়াত কংগ্ৰেছে ৬ হাজাৰ ৭১১ টা ভোট লাভ কৰিছে। দিল্লী জল ব’ৰ্ডৰ অধ্যক্ষ হোৱাৰ উপৰিও ভৰদ্বাজে দিল্লী চৰকাৰৰ স্বাস্থ্য, নগৰ উন্নয়ন আৰু জল মন্ত্ৰালয়ৰ মন্ত্ৰীও হৈ আহিছে। সৌৰভ ভৰদ্বাজ আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় মুখ্য মুখপাত্ৰ।