Delhi Assembly Election: নিৰ্বাচনত BJPৰ বিজয় নিশ্চিত হোৱাৰ পাছতে দিল্লীবাসীক কি গেৰাণ্টী দিলে প্ৰধানমন্ত্ৰী মোদীয়ে?

দিল্লী বিধানসভা নিৰ্বাচনত বিজেপিৰ জয়ৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে " দিল্লীৰ সৰ্বাংগীন উন্নয়ন আৰু ইয়াৰ জনসাধাৰণৰ জীৱন উন্নত কৰাৰ বাবে কোনো ধৰণৰ আসোঁৱাহ ৰখা নহ'ব, এয়া আমাৰ গেৰাণ্টী। ইয়াৰ সমান্তৰালকৈ আমিও এইটোও সুনিশ্চিত কৰিম যাতে দিল্লীয়ে এখন উন্নত ভাৰত গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।"

Delhi Assembly Election: নিৰ্বাচনত BJPৰ বিজয় নিশ্চিত হোৱাৰ পাছতে দিল্লীবাসীক কি গেৰাণ্টী দিলে প্ৰধানমন্ত্ৰী মোদীয়ে?

দিল্লীবাসীক কি গেৰাণ্টী দিলে মোদীয়ে?

Updated On: 

08 Feb 2025 16:50 PM

দিল্লী বিধানসভাৰ নির্বাচনত আম আদমী পাৰ্টিয়ে চৰম পৰাজয়ৰ সন্মুখীন হোৱাৰ বিপৰীতে বিজেপিয়ে লাভ কৰিছে নিৰংকুশ সংখ্যাগৰিষ্ঠতা৷ ইফালে যদি বিজেপিৰ বিজয়ৰ পিছত দলৰ সমৰ্থকে বিজয়ৰ উদযাপন আৰম্ভ কৰিছে ইয়াৰ বিপৰীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজয়ৰ বাবে সকলো অভিনন্দন জ্ঞাপন কৰিছে। দিল্লীত বিজেপিৰ বিজয়ৰ পিছত টুইটাৰত বিশেষ পোষ্ট লিখিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে লিখিছে ‘জনশক্তি সৰ্বোপৰি’! উন্নয়নৰ জয়ী, সুশাসনৰ জয়।”

তেওঁ লিখিছে, “বিজেপিক এক ঐতিহাসিক বিজয় দিয়াৰ বাবে দিল্লীৰ সকলো ভাই-ভনীক মোৰ প্ৰণাম আৰু অভিনন্দন! আপোনালোকে দিয়া প্ৰচুৰ আশীৰ্বাদ আৰু মৰমৰ বাবে আপোনালোক সকলোলৈ আন্তৰিক কৃতজ্ঞতা।”

এখন উন্নত ভাৰত গঢ়াত দিল্লীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব

প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে যে,  “দিল্লীৰ সৰ্বাংগীন উন্নয়ন আৰু ইয়াৰ জনসাধাৰণৰ জীৱন উন্নত কৰাৰ বাবে কোনো ধৰণৰ আসোঁৱাহ ৰখা নহ’ব, এয়া আমাৰ গেৰাণ্টী। ইয়াৰ সমান্তৰালকৈ আমিও নিশ্চিত কৰিম যে দিল্লীয়ে এখন উন্নত ভাৰত গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।”

তেওঁ টুইটাৰত লিখিছে যে, “সকলো বিজেপি কৰ্মীক লৈ মই অতি গৌৰৱান্বিত, যিসকলে এই বিশাল নিৰ্বাচনৰ বাবে দিনে-নিশাই কাম কৰিছিল। এতিয়া আমি দিল্লীবাসীৰ সেৱাত অধিক দৃঢ়তাৰে সমৰ্পিত হম।

উল্লেখ্য যে, দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে আম আদমী পাৰ্টি আৰু অৰবিন্দ কেজৰিৱালক তীব্ৰ আক্ৰমণাত্মক হৈ দিল্লীৰ আপ চৰকাৰক ‘দুৰ্যোগৰ চৰকাৰ’ বুলি অভিহিত কৰিছিল।

এই দুৰ্যোগৰ চৰকাৰৰ পৰা দিল্লীক মুক্ত কৰিবলৈ দিল্লীবাসীক প্ৰধানমন্ত্ৰী মোদীয়ে আহ্বান জনাইছিল। এতিয়া বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পৰা এয়া স্পষ্ট যে দিল্লী নিৰ্বাচনত বিজেপিয়ে বিপুল সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ বিপৰীতে আম আদমী পাৰ্টি চৰকাৰে শোচনীয় পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হৈছে।

 

লগতে পঢ়ক: কেজৰিৱালৰ পৰা চিছ’দিয়ালৈ…দিল্লীৰ নিৰ্বাচনত গাদী হেৰুৱালে আপৰ এইসকল শীৰ্ষ নেতাই!

হাজাৰজনৰ হিয়া ভাঙি কোন কোন অভিনেতা-অভিনেত্ৰীয়ে মাঘতে ঘঁহিলে মাহ-হালধি?
ছোৱালীসকলে খুব ভাল পায় প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ এইবোৰ পদ্ধতি
Propose Day ত কিদৰে আপোনাৰ প্ৰিয়জনক নিজৰ ফালে আকৰ্ষিত কৰিব? কেনেকৈ দিব প্ৰেমৰ প্ৰস্তাৱ
লতা মংগেশকাৰে প্ৰথম কোনখন ছবিত কণ্ঠদান কৰিছিল, জানক সবিশেষ