দিল্লীৰ ৭০ খন আসনৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা….

৫ ফেব্ৰুৱাৰীত এটা পৰ্যায়ত অনুষ্ঠিত হ’ব দিল্লী বিধানসভা নিৰ্বাচন। নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি, ৫ ফেব্ৰুৱাৰীত এটা পৰ্যায়ত দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ হোৱাৰ বিপৰীতে ৮ ফেব্ৰুৱাৰীত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব ।

দিল্লীৰ ৭০ খন আসনৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা....

ইভিএম

Updated On: 

07 Jan 2025 18:43 PM

ঘোষণা কৰা হ’ল দিল্লী বিধানসভা নিৰ্বাচনৰ দিন । ৫ ফেব্ৰুৱাৰীত এটা পৰ্যায়ত অনুষ্ঠিত হ’ব দিল্লী বিধানসভা নিৰ্বাচন। নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি, ৫ ফেব্ৰুৱাৰীত এটা পৰ্যায়ত দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ হোৱাৰ বিপৰীতে ৮ ফেব্ৰুৱাৰীত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব । জানিব পৰা মতে, ৰাজধানী দিল্লীৰ ৭০ খন আসনৰ বিধানসভাৰ কাৰ্যকাল ২৩ ফেব্ৰুৱাৰীত শেষ হ’ব। এইবাৰ আয়োগে তাৰ পূৰ্বে নিৰ্বাচন সমাপ্ত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

দিল্লীৰ বিধানসভা নিৰ্বাচনত আপে ইতিমধ্য়ে অকলে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । আপ নেতা সঞ্জয় ৰাউতে ইতিমধ্যে স্পষ্ট কৰি দিছে যে, তেওঁলোকৰ যুদ্ধ কংগ্ৰেছৰ সৈতে নহয় পোনপটীয়াকৈ বিজেপিৰ সৈতে। শাসকীয় আম আদমী পাৰ্টিয়ে সকলো সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। কংগ্ৰেছে এই পৰ্যন্ত ৭০খন আসনৰ ভিতৰত ৪৮খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। বিজেপিয়ে বৰ্তমানলৈকে ২৯ টা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে।

দিল্লীত ৭০টা বিধানসভা সমষ্টি আছে, ইয়াৰে ১২ টা সমষ্টি সংৰক্ষিত। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, মুঠ ১৩,০৩৩টা ভোটকেন্দ্ৰত অনুষ্ঠিত হ’ব দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। ইফালে দিল্লীৰ বিধানসভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ১৭ জানুৱাৰী আৰু মনোনয়ন প্ৰত্যাহাৰ কৰাৰ অন্তিম তাৰিখ হৈছে ২০ জানুৱাৰী।

সংবাদমেলত এই সময়সূচী ঘোষণা কৰি মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে কয় যে, এই নিৰ্বাচনত প্ৰথমবাৰৰ বাবে ২ লাখৰো অধিক যুৱ ভোটাৰে ভোটদান কৰিব। লগতে তেওঁ কয় যে, বৃদ্ধ আৰু বিশেষভাৱে সক্ষম লোকসকলে অসুবিধা নোহোৱাকৈ ভোটদান কৰাৰ ব্যৱস্থা কৰা হ’ব। লগতে কোৱা হৈছে যে, ৮৫ বছৰৰ ওপৰৰ লোকসকলে ঘৰতে ভোট দিব পাৰিব। এইবাৰ দিল্লীৰ বিধানসভা নিৰ্বাচনত ১.৫৫ কোটিৰো অধিক ভোটাৰে ভোটদান কৰিব ।

পাকঘৰত হাতৰ পৰা বাৰে বাৰে পৰি যায় নেকি এইসমূহ সামগ্ৰী? সাৱধান...
ভাৰতৰ প্ৰথমগৰাকী শিক্ষয়িত্ৰী কোন আছিল?
হাতলৈ টকা অহাৰ লগে লগে শেষ হৈ যায় নেকি? ভুলতো নকৰিব এই কাম
ঘৰলৈ ধন-সম্পত্তি আহিবলৈ কি কৰা উচিত? জানক ধনী হোৱাৰ লক্ষণ!